নিমিষা প্ৰিয়াৰ গোচৰঃ জল্লাদৰ তৰোৱালৰ আঘাতৰ পূৰ্বে আহিব পাৰে ক্ষমাদানৰ খবৰ

Story by  atv | Posted by  [email protected] • 6 h ago
নিমিষা প্ৰিয়া
নিমিষা প্ৰিয়া
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী

য়েমেনৰ ফাঁচীকাঠত চকুত কলা কাপোৰ বান্ধি থিয় হৈ আছে নিমিষা প্ৰিয়া। তেওঁৰ চাৰিওফালে হাজাৰ হাজাৰ মানুহৰ ভিৰ গোট খাইছে। হাতত জিলিকি থকা তৰোৱাল এখন লৈ জল্লাদে তেওঁৰ ডিঙিত আক্ৰমণ কৰিবলৈ ওলাইছে। তেনেতে হঠাতে ভিৰৰ মাজৰ পৰা কোনোবাই মাত দিছে, "নিমিছাক এৰি দিয়ক, আমি তেওঁক ক্ষমা কৰি দিছো।"
 
এই ঘোষণা শুনাৰ লগে লগে তাত উপস্থিত ৰাইজে আনন্দত জপিয়াই উঠে। একাংশ লোকে ভুক্তভোগীৰ পৰিয়ালক কান্ধত তুলি লয় আৰু নিমিষা প্ৰিয়া মৃত্যুৰ মুখৰ পৰা মুক্ত হৈ পৰে। এই দৃশ্যটো চলচ্চিত্ৰৰ দৰে লাগিব পাৰে, কিন্তু আৰব দেশত ই এক আচহুৱা কথা নহয়। তাত শ্বৰীয়ত আইন অনুসৰি হত্যাৰ গোচৰত দোষীৰ জীৱন ৰক্ষাৰ একমাত্ৰ উপায় হ'ল-ভুক্তভোগীৰ পৰিয়ালৰ পৰা ক্ষমাদান বা ব্লাড মানী।
 
আৰব আৰু উপসাগৰীয় দেশৰ আগশাৰীৰ বাতৰি কাকতত তিনি দশক ধৰি কাম কৰা জ্যেষ্ঠ সাংবাদিক শ্বাহীন নাজাৰে কয়, “আৰব দেশৰ আইনত শ্বৰীয়তৰ বাহিৰে আন কোনো উপায় নাই। হত্যাৰ অপৰাধত কাৰোবাক যেতিয়া মৃত্যুদণ্ডৰ শাস্তি দিয়া হয়, তেতিয়া ভুক্তভোগীৰ পৰিয়ালে ইচ্ছা কৰিলে অন্তিম মুহূৰ্তত ক্ষমা কৰিব পাৰে। এই ক্ষমাৰে অপৰাধীৰ জীৱন ৰক্ষা কৰিব পাৰে।”
 
জেষ্ঠ সাংবাদিক শ্বাহীন নাজাৰ
 
শ্বাহীন নাজাৰে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, “ছৌদি আৰৱৰ জেদ্দাত এক ডাঙৰ স্থান আছে, তাত অভিযুক্তসকলক মৃত্যুদণ্ড দিয়া হয়। তাত হাজাৰ হাজাৰ লোক গোট খায়। দোষীক আঁঠু লৈ বহিবলৈ বাধ্য কৰোৱা হয়। তেওঁলোকৰ চকু দুটা কাপোৰেৰে বান্ধি থোৱা থাকে। মূৰটো আগলৈ বেঁকা কৰিবলৈ দিয়ে। জল্লাদে জিলিকি থকা তৰোৱাল এখন লৈ আদেশৰ বাবে অপেক্ষা কৰে। আদেশ পোৱাৰ লগে লগে তেওঁ এটা আঘাততে শৰীৰৰ পৰা মূৰটো কাটি পেলায়। কিন্তু বহুবাৰ শেষ মুহূৰ্তত ভুক্তভোগীৰ পৰিয়ালে ক্ষমাদানৰ ঘোষণা কৰিলে অপৰাধীজন মৃত্যুমুখৰ পৰা ৰক্ষা পৰে।”
 
তেওঁ কয় যে ভুক্তভোগীৰ পৰিয়ালে সাধাৰণতে বিচাৰে যে অপৰাধীয়ে নিজৰ অপৰাধৰ কথা উপলব্ধ কৰক আৰু মৃত্যুৰ ভয় বুজি পাওক। শ্বাহীন নাজাৰে কয়, ইছলামত ক্ষমা আটাইতকৈ ডাঙৰ গুণ। হজৰত মহম্মদে ক্ষমা কৰাসকলক জন্নতৰ প্ৰতিশ্ৰুতি দিছে। গতিকে, যেতিয়া কোনো পৰিয়ালে দোষীক ক্ষমা কৰে, তেতিয়া তাত উপস্থিত থকা লোকসকলে উদযাপন কৰে। ব্যৱসায়ী, ধনদাতা আনকি চৰকাৰেও ক্ষমাশীল পৰিয়ালটোক পুৰস্কৃত কৰে। 
 
নিমিষা প্ৰিয়াৰ ঘটনাটোও একেধৰণৰ। য়েমেনৰ আদালতে তালাল মাহদীক হত্যাৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰিছে। অভিযোগ অনুসৰি মাহদীক নিমিষা প্ৰিয়াই নিচাযুক্ত ঔষধৰ বেজী দি হত্যা কৰে আৰু তেওঁৰ মৃতদেহটো টুকুৰা টুকুৰ কৰি পানীৰ টেংকিত পেলাই দিয়ে। এই ঘটনাই য়েমেনত যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে। 
 
বিশেষকৈ ভুক্তভোগীৰ ভাতৃ আব্দেল ফত্তা মাহদীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। শেহতীয়াকৈ আব্দেল ফত্তাহে ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি নাকচ কৰে। তেওঁ কয়, ‘আমি ভাৰতীয় বা য়েমেনৰ ধৰ্মগুৰুক লগ পোৱা নাই। নতুবা আমি আমাৰ ফালৰ কোনো প্ৰতিনিধিৰ লগত কথা পতা নাই। আমি আল্লাহৰ বিধান পালন কৰাৰ অধিকাৰত অটল।"
 
য়েমেনত শ্বৰীয়ত আইন কঠোৰভাৱে পালন কৰা হয়। অৱশ্যে ইয়াত ব্লাড মানীৰ ব্যৱস্থাও আছে। ভুক্তভোগীৰ পৰিয়ালে ইচ্ছা কৰিলে ধন লৈ দোষীক ক্ষমা কৰিব পাৰে। এই সিদ্ধান্ত সম্পূৰ্ণৰূপে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। কেতিয়াবা এই আলোচনাবোৰ অতি স্পৰ্শকাতৰ হয় আৰু ইয়াত সামাজিক আৰু ধৰ্মীয় সংগঠনৰ মধ্যস্থতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 
শ্বাহীন নাজাৰে কয়, ভাৰতৰ গ্ৰেণ্ড মুফতি শ্বেখ আবু বাকৰ আহমেদ আৰু বহু সামাজিক সংগঠন এই দিশত সক্ৰিয় হৈ আছে। ১৬ জুলাইত নিমিছাক ফাঁচী দিয়াৰ সিদ্ধান্ত পিছুৱাই দিয়াৰ পিছত তেওঁক বচাবলৈ ভাৰত চৰকাৰ আৰু ধৰ্মীয় সংগঠনৰ প্ৰচেষ্টা অব্যাহত থকাৰ ইংগিত পোৱা গৈছে।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ কূটনৈতিক ক্ষমতা আৰব দেশসমূহত ব্যৱহাৰ কৰিছে। অৱশ্যে, কোনো মধ্যভোগীৰ লগত কথা নাপাতে বুলি স্পষ্ট কৰি দিছে আব্দেল ফাত্তাহ মাহদীয়ে। কিন্তু নিমিষাৰ পৰিয়ালৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিব পৰা যায় বুলিও তেওঁ কৈছে। শ্বাহীন নাজাৰে কয়, এই সংকেতটোৱে আশাৰ সঞ্চাৰ কৰিছে। আৰব দেশত আৱেগিক আবেদন আৰু তেজৰ ধনৰ জৰিয়তে প্ৰায়ে শেষ মুহূৰ্তত মৃত্যুদণ্ড পিছুৱাই দিয়া হয়।
 
শ্বাহীন নাজাৰৰ মতে “যদিও য়েমেনত স্থায়ী চৰকাৰ নাই আৰু ৰজাই শ্বৰীয়তৰ বিষয়ত হস্তক্ষেপ নকৰে, তথাপিও সামাজিক হেঁচা আৰু কূটনৈতিক প্ৰচেষ্টাৰ জৰিয়তে ভুক্তভোগীৰ পৰিয়ালক প্ৰভাৱিত কৰিব পাৰি। উত্তৰ য়েমেনৰ জনজাতীয় সংস্কৃতি অতি শক্তিশালী। যদি এই জনগোষ্ঠীৰ ক্ষোভ কমি নাযায়, তেন্তে চৰকাৰেও একো কৰিব নোৱাৰিব। কিন্তু যিহেতু আগতেও এবাৰ ফাঁচীৰ সিদ্ধান্ত পিছুৱাই দিয়া হৈছে, তাৰ অৰ্থ হ’ল এতিয়াও আলোচনাৰ সম্ভাৱনা আছে।”
নিমিষা প্ৰিয়াৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁৰ সৰু ল’ৰা-ছোৱালীহাল। মানৱীয় ভিত্তিত ক্ষমা প্ৰদানৰ পৰম্পৰা আৰব দেশৰ এক গভীৰ পৰম্পৰা। যদি এই আৱেগিক দিশটো সঠিকভাৱে ভুক্তভোগীৰ পৰিয়াললৈ প্ৰেৰণ কৰা হয়, তেন্তে তেওঁলোকৰ মনোভাৱৰ পৰিৱৰ্তন সম্ভৱ।
 
শ্বাহীন নাজাৰে কয়, “আৰব দেশত ক্ষমাৰ পিছত অপৰাধীক নায়ক বুলি গণ্য কৰা নহয়, কিন্তু ভুক্তভোগীৰ পৰিয়ালক সমাজৰ নায়ক বুলি গণ্য কৰা হয়। আল্লাহৰ পথ অনুসৰণ কৰা বুলি কোৱা হয়। এই সন্মানে তেওঁলোকক গৌৰৱেৰে ভৰাই তোলে।”
 
ভাৰত আৰু য়েমেনৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক দুৰ্বল হ’লেও আৰব দেশৰ সৈতে ভাৰতৰ শক্তিশালী সম্পৰ্ক এই বিষয়ত সহায়ক হ’ব পাৰে। ইউ এ ই আৰু ছৌদি আৰৱত ভাৰতৰ ভাল দখল আছে। তাত থকা ইছলামিক আৰু সামাজিক সংগঠনসমূহৰ সহায়ত য়েমেনৰ প্ৰভাৱশালী সম্প্ৰদায়সমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰি। নিমিষা প্ৰিয়াৰ গোচৰটো ভাৰতৰ বাবে কূটনৈতিক আৰু মানৱীয় প্ৰত্যাহ্বান। এয়া কেৱল এজন ভাৰতীয় নাগৰিকৰ জীৱনৰ প্ৰশ্নই নহয়, ভাৰতৰ বৈদেশিক নীতি আৰু মানৱীয় দৃষ্টিভংগীৰো পৰীক্ষা।
 
১৬ জুলাইত ফাঁচী কাণ্ড পিছুৱাই দিয়াটোৱে এই প্ৰচেষ্টা এতিয়াও সফল হ’ব পৰাৰ ইংগিত দিয়ে। শ্বৰীয়ত আইনত ক্ষমাৰ ব্যৱস্থাই এই আশাক জীয়াই ৰাখিছে।