ধৰ্মীয় সহিষ্ণুতাৰ বিৰল নিদৰ্শন; গণেশ বিসর্জনৰ বাবে ঈদ-মিলাদ-ঊন-নবী স্থগিত ৰাখিলে মুছলমান সমাজে

Story by  atv | Posted by  [email protected] • 8 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
শ্বাহ তাজ খান / পুনে

শিৱ আৰু পাৰ্বতী পুত্ৰ ভগৱান গণেশৰ আশীৰ্বাদ পাবলৈ ১০ দিনীয়াকৈ অনুষ্ঠিত হিন্দু উৎসৱৰ গণেশ চতুৰ্থী সমাগত।  অহা ১৯ ছেপ্তেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হ'বলগীয়া গণেশ চতুৰ্থীৰ সমাৰণি পৰিব ২৮ ছেপ্তেম্বৰত, অৰ্থাৎ সেইদিনা দেশবাসীয়ে উদযাপন কৰিব গণেশ বিসৰ্জন উৎসৱ। 
 
মনকৰিবলগীয়া বিষয়টো হ'ল যে হিন্দুসকলৰ গণেশ বিসৰ্জনৰ দিনাই ভাৰতৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব হজৰত মহম্মদৰ জন্ম বাৰ্ষিকী ঈদ-মিলাদ-ঊন-নবী উৎসৱ। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ মিলনভূমি ভাৰতৰ সকলো হিন্দু আৰু মুছলমানৰ বাবে গণেশ বিসৰ্জন আৰু ঈদ মিলাদ-উন-নবী উৎসৱৰ গুৰুত্ব অপৰিসীম।
 
হিন্দু ধৰ্মাৱলম্বীসকলে ১০ দিন ধৰি ভগৱান গণেশৰ পূজা-অৰ্চনাৰ পিছত গণেশ বিসৰ্জনৰ দিনা শোভাযাত্ৰা কৰি গণেশক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিবলৈ ৰাজপথলৈ ওলাই আহে। বিশেষকৈ পুনে আৰু মুম্বাইত গণেশ বিসৰ্জন এক ডাঙৰ উৎসৱ। হাজাৰ লোকে সেইদিনা গণেশ বিসৰ্জনৰ বাবে শোভাযাত্ৰা উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনেৰ মুছলমান সমাজে ঈদৰ শোভাযাত্ৰা দুদিনৰ বাবে পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে । 
ধৰ্মীয় সহনশীলতা আৰু সম্প্ৰীতিৰ বিৰল নিদৰ্শন দাঙি ধৰি পুনেৰ ছীৰাট কমিটীয়ে মুছলমানসকলক ১ অক্টোবৰত ঈদ মিলাদ-উন-নবী উদযাপন কৰিবলৈ আহ্বান জনাইছে।
 
ছীৰাট কমিটি পুনেৰ মৌলানা গুলাম আহমদ খান কাদ্ৰীয়ে 'আৱাজ-দ্য ভইচ'ক জনাইছে যে "আমাৰ হিন্দু ভাইসকলৰ গণেশ চতুৰ্থী উৎসৱ ১০ দিন ধৰি চলে আৰু শেষৰ দিনা গণেশ বিসৰ্জন দিবলৈ শোভাযাত্ৰা উলিওৱা হয়। গতিকে আমি সিদ্ধান্ত লৈছো যে আমাৰ ঈদৰ শোভাযাত্ৰা ২৮ ছেপ্তেম্বৰ(গণেশ বিসৰ্জন)ৰ পৰিৱৰ্তে ১ অক্টোবৰত উলিওৱা হ'ব।"
 
উল্লেখ্য যে, মহাৰাষ্ট্ৰত গণেশ উৎসৱ অতি ধুমধাম আৰু ভক্তিৰে পালন কৰা হয়। এইবাৰ ১৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ এই উৎসৱ পালন কৰা হ’ব। ২৮ ছেপ্টেম্বৰত বিশাল শোভাযাত্ৰাত গণেশৰ মূৰ্তি বিসৰ্জন দিয়া হ’ব।
 
আনহাতে, ঈদ মিলাদ-উল-নবী উৎসৱো একেদিনাই পৰে। এই উপলক্ষে মুছলমানসকলেও শোভাযাত্ৰা উলিয়াই। কিন্তু, পুনেৰ ছিৰাট কমিটী মহানুভৱতাৰ পৰিচয় দি ঈদৰ শোভাযাত্ৰাৰ দিন সলনি কৰাৰ আদৰণীয় সিদ্ধান্ত লয়। এই সিদ্ধান্তৰে তেওঁলোকে অজস্ৰজনৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতীয়সকলৰ ধৰ্মীয় একতা আু সম্প্ৰীতিৰ পুনৰ এবাৰ প্ৰদৰ্শন কৰিলে। 
 
উল্লেখ্য যে, পুনে চহৰৰ কৰ্তৃপক্ষৰ সৈতে ছীৰাট সমিতিয়ে শেহতীয়াকৈ এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত মুছলমান নেতা, পণ্ডিত, আৰু বিভিন্ন দল-সংগঠনৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে ২৮ ছেপ্টেম্বৰত ঈদ মিলাদ-উল-নবী পালন কৰা হ’ব যদিও ১ অক্টোবৰতহে ইয়াৰ পৰম্পৰাগত ৰীতি-নীতি আৰু আড়ম্বৰপূৰ্ণ শোভাযাত্ৰা উলিওৱা হ’ব।
 
সুখল পীৰ শিক্ষা ৰাষ্ট্ৰীয় মাৰুতি মন্দিৰ মণ্ডলৰ সভাপতি ৰবীন্দ্ৰ আন্না মালৱালকাৰে ছীৰাট সমিতিৰ সিদ্ধান্তক আদৰণি জনাই কয় যে শিৱাজী মহাৰাজ, বাবা চাহিব আম্বেদকাৰ, জ্যোতিৰাও ফুলে, আন্না ভাউ সাথে, মৌলানা আবুল কালাম আজাদৰ দৰে লোকসকলে সদায় হিন্দু আৰু মুছলমানসকলৰ মাজত একতা-সম্প্ৰীতি বজাই ৰখাৰ পোষকতা কৰিছিল। 
 
তেওঁ কয় যে ছীৰাট সমিতিৰ এই সিদ্ধান্তই পুনেৰ পৰা সমগ্ৰ দেশলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে আমি সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। ছীৰাট সমিতিৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছো। গণেশ বিসৰ্জনৰ দিনা লাখ লাখ লোকে শোভাযাত্ৰাত যোগদান কৰাৰ বিপৰীতে হজৰত মহম্মদৰ জন্মদিনত মুছলমানসকলে শোভাযাত্ৰা উলিয়ায়। উভয় সম্প্ৰদায়ৰে লক্ষ্য পথ একেটাই। সেয়েহে এই চিন্তাশীল সিদ্ধান্ত লোৱাৰ বাবে মোৰ মুছলমান ভাই-বন্ধুসকলক আৰু ছীৰাট কমিটীক ধন্যবাদ জনাইছো।”