ভাৰতৰ প্ৰশংসাত মন্ত্ৰমুগ্ধ ছৌদি মৌলানা

Story by  atv | Posted by  Munni Begum • 26 d ago
মছজিদ-ই-নবৱীৰ ইমাম ড° আব্দুল্লা বিন আব্দুল ৰহমান আল বুয়াইজানে দিল্লীত অনুষ্ঠিত আহলে হাদীছ সভাত ভাষণ দি থকা এক মূহুৰ্ত
মছজিদ-ই-নবৱীৰ ইমাম ড° আব্দুল্লা বিন আব্দুল ৰহমান আল বুয়াইজানে দিল্লীত অনুষ্ঠিত আহলে হাদীছ সভাত ভাষণ দি থকা এক মূহুৰ্ত
 
মহম্মদ আক্ৰাম / দিল্লী
 
ভাৰতৰ কেন্দ্ৰীয় জমিয়ত আহলে হাদীছৰ উদ্যোগত দিল্লীত অনুষ্ঠিত "বিশ্বৰ মানৱতা আৰু ধৰ্মৰ প্ৰতি সন্মান" শীৰ্ষক সন্মিলনৰ দেওবাৰে সামৰণি পৰে। সন্মিলনৰ অন্তিম দিনা ইছলামৰ অন্যতম শ্ৰদ্ধাৰ দৰগাহ মছজিদ-ই-নবাৱীৰ ইমাম আব্দুল্লাহ বিন আব্দুল ৰহমান আল বুয়াজানে আয়োজকসকলৰ হাজাৰ হাজাৰ সদস্য আৰু সৰ্বসাধাৰণ ৰাইজক সম্বোধন কৰি মানৱতা, শান্তি, ধৰ্ম আদি বিষয়ত বিশদভাৱে ভাষণ প্ৰদান কৰে।
 
সন্মিলনত তেওঁ মাগ্ৰীব আৰু ঈছাৰ নামাজৰ নেতৃত্ব দি ভাষণত ইছলামৰ শিক্ষাক শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক বুলি মন্তব্য কৰে। তেওঁ কয় যে, মুছলমানসকলে নিজৰ ধৰ্মৰ সঠিক প্ৰতিচ্ছবি বিশ্বৰ আগত উপস্থাপন কৰাটো কৰ্তব্যপৰায়ণ। তেওঁ দেশৰ উন্নয়ন, শান্তি, ভাতৃত্ববোধৰ প্ৰসাৰৰ ক্ষেত্ৰত সকলোকে নিজৰ নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।  
 
সন্মিলনত অংশগ্ৰহণ কৰা আহলে হাদীছৰ সদস্যসকল
 
হজৰত মহম্মদৰ সময়ত হোৱা চুক্তিৰ উদাহৰণ দি মৌলানা মেৰাজ ৰাব্বানীয়ে কয় যে, আমি আমাৰ দেশ ভাৰতৰ প্ৰতি সন্মান আৰু সহাৱস্থানৰ আচৰণ গ্ৰহণ কৰা উচিত। তেওঁ ভাৰতীয় মুছলমানসকলক বিভিন্ন ধৰ্মৰ লোকৰ মাজত শান্তি বিয়পাবলৈ, স্থানীয় অঞ্চলত শান্তি সমিতি গঠন কৰিবলৈ, আৰক্ষীৰ সহযোগত কাম কৰিবলৈ আহ্বান জনায়।  
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামূহিক ফতোৱা জাৰি কৰা জমিয়তক প্ৰশংসা কৰে সৰ্বভাৰতীয় ইমাম সংগঠনৰ সভাপতি উমাইৰ ইলিয়াছিয়ে। তেওঁ কয় যে, ইছলামে নিৰীহ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত শিক্ষা প্ৰদান কৰি আহিছে। তেওঁলগতে কয় যে সন্ত্ৰাসবাদ ইছলামৰ অংগ নহয়। 
 
সন্মিলনত মৌলানা জাৰ্জিছ ছিৰাজীয়ে কয় যে, ন্যায় আৰু ন্যায়পৰায়ণতাই ইছলামৰ মূল আধাৰ। ন্যায় থাকিলেহে শান্তি প্ৰতিষ্ঠা হ’ব পাৰে। পেলেষ্টাইন-ইজৰাইল সংঘাতক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, যুদ্ধংদেহী পক্ষসমূহে হজৰত মহম্মদে উল্লেখ কৰা যুদ্ধৰ নিয়ম মানি চলিব লাগে। সন্মিলনৰ সভাপতি মৌলানা আছঘৰ আলী ইমাম মাহদি চালাফীয়ে কয় যে, ইছলামৰ ইতিহাসে ধৰ্মীয় সহনশীলতা আৰু মানৱতাৰ প্ৰতি সন্মান প্ৰদানৰ শিক্ষা দিয়ে। 
 
মছজিদ-ই-নবাৱীৰ ইমাম শ্বেখ আব্দুল্লা বুয়াজান
 
সন্মিলনত অ-ইছলামিক ধৰ্মগুৰুসকলেও ইছলামিক নেতাসকলৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰে। জৈন নেতা আচাৰ্য বিবেক মুনিয়ে মানৱতাৰ উত্থানত ধৰ্মৰ অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়। বৌদ্ধ ধৰ্মগুৰু আচাৰ্য য়েশিপান্ত শুক্লাই সকলো ধৰ্মৰ লোকক শান্তি প্ৰতিষ্ঠাৰ বাবে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়। সনাতনৰ ধৰ্মগুৰু আচাৰ্য সুশীল মণিয়ে কয় যে, ধৰ্মীয় মূল্যবোধ মানি চলি ভাৰতক শক্তিশালী আৰু সুস্থিৰ কৰি তুলিব পাৰি। 
 
জমিয়ত আহলে হাদীছ তামিলনাডু পণ্ডিচেৰীৰ আমিৰ হাফিজ আব্দুল ৱাহিদ নাজিম আৰু অন্যান্য বক্তাই দুখীয়াৰ সেৱা, পিতৃ-মাতৃক সন্মান কৰা, ধৰ্মৰ সাধাৰণ শিক্ষা গ্ৰহণৰ বাৰ্তা প্ৰদান কৰে। ইয়াৰোপৰি জামাত-ই-ইছলামী হিন্দৰ মুখ্য অভিযন্তা চৈয়দ সাদাতুল্লাহ আল হুছেইনী, আৰু বিভিন্ন ৰাজ্যৰ ধৰ্মগুৰু  তথা প্ৰতিনিধিসকলেও সন্মিলনত বক্তব্য প্ৰদান কৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনৰ সামৰণি অনুষ্ঠানত হাৰিয়ানাৰ জমিয়ত-ই-আহলে হাদীছৰ সভাপতি ড০ ইছা খানে সকলোলৈ শলাগৰ শৰাই আগবঢ়াই।