জাফ্ৰি মুদ্দাছৰ নফিল
অসমীয়া মুছলমান সমাজত বিবাহ প্ৰধানকৈ ইছলামিক ৰীতি-নীতিৰ বিষয় যদিও অসমীয়া হিন্দুসকলৰ সৈতে তেওঁলোকৰ বিবাহৰ কিছুমান উমৈহতীয়া পৰম্পৰা ঘনিষ্ঠভাৱে দেখিবলৈ পোৱা যায়।
ঘৰৰ পৰা ঠিক কৰা বিবাহ (Arranged marriages)ত সাধাৰণতে দুটা মূল অনুষ্ঠান থাকে, প্ৰথমে আঙুঠি পিন্ধোৱা বা জুৰোণ আৰু তাৰ পিছত নিকাহ। দৰা পৰিয়ালে কইনাৰ ঘৰলৈ গৈ আনুষ্ঠানিকভাৱে কইনাৰ হাত বিচাৰি যায়। দুয়োপক্ষৰ পৰিয়ালে বিবাহ সন্দৰ্ভত একমত হোৱাৰ পিছত সাধাৰণতে বিয়াৰ কেইমাহমান আগতে হোৱা আঙঠি পিন্ধোৱা অনুষ্ঠানৰ বাবে এটা তাৰিখ নিৰ্ধাৰণ কৰা হয়।
সেইদিনা পিতৃ-মাতৃকে ধৰি দৰাৰ আত্মীয়ই হ’বলগীয়া কইনাৰ ঘৰলৈ গৈ সোণৰ আঙঠি, কাপোৰ, অলংকাৰ আৰু মিঠাই উপহাৰ দিয়ে। দৰাৰ দলটোক আড়ম্বৰপূৰ্ণ আহাৰ পৰিৱেশন কৰা হয়। আজিকালি বহু ক্ষেত্ৰত দৰাও মাক-দেউতাকৰ লগত থাকে। জুৰোণে বিবাহ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
এখন মুছলমান বিয়াত আত্মীয়ৰ সৈতে হাস্যমধুৰ মুহূৰ্ত কটাইছে কইনাই
তাৰ পিছত আহে নিকাহ। কিন্তু তাৰ আগতে দুটামান চুটি অনুষ্ঠান আয়োজন কৰা হয়। এটা হ’ল মিলাদ শ্বৰীফ য’ত এজন মৌলৱীয়ে কোৰআনৰ কিছু আয়াত পাঠ কৰি বিবাহ অনুষ্ঠান সুচাৰুৰূপে চলি যোৱাৰ প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত এটা ভোজ অনুষ্ঠিত হয় আৰু ইয়াত পৰিৱেশন কৰা সাধাৰণ খাদ্য সামগ্ৰীসমূহ হ’ল পোলাও, মাংসৰ তৰকাৰী আৰু মাংস পোৰা।
মূৰত তেল দিয়া হৈছে নিকাহৰ আগৰ আন এটা পৰম্পৰা। এইটো এটা প্ৰথা যিটো অসমীয়া হিন্দু বিবাহৰ মাহ হালধি দিয়াৰ দ্বাৰা প্ৰভাৱিত। কইনাৰ চুলিত তেল আৰু শৰীৰত মচুৰ দাইল আৰু হালধিৰ পেষ্ট লগাই আনুষ্ঠানিকভাৱে গা ধোৱা হয়। দৰাৰ ক্ষেত্ৰতো একেই প্ৰক্ৰিয়া সম্পন্ন হয়। এই প্ৰথা অৱশ্যে অসমৰ সকলো মুছলমানৰ মাজত প্ৰচলিত নহয়। বিশেষকৈ গ্ৰাম্য অঞ্চলত বহু বিবাহত বিয়া নামো গোৱা হয়।
অতি আমোদজনক কথাটো হ’ল যে কইনাই নিকাহৰ লগতে অভ্যৰ্থনা অনুষ্ঠানত উজ্জ্বল মেখেলা চাদৰ পিন্ধে। আনহাতে দৰাজনে নিকাহৰ দিনা শ্বেৰৱানী আৰু পাগুৰি পিন্ধে। সাধাৰণতে সেই দিনটোত দৰাই পশ্চিমীয়া চুট পৰিধান কৰে। এই সাজ-পোছাকৰ কাৰণ এইটোৱেই হ’ব পাৰে যে যেতিয়া মুছলমানসকল প্ৰথম অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে স্থানীয় অসমীয়া মহিলাক বিয়া কৰাইছিল। আৰু সেইবাবেই, দৰাসকলে এতিয়া শ্বেৰৱানী আৰু পাগুৰি পিন্ধিছে, হয়তো বাহিৰৰ পৰা আহি অসমক নিজৰ ঘৰ বনোৱা পূৰ্বপুৰুষৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে। আৰু কইনাসকলে অসমীয়া পৰম্পৰা ৰক্ষা কৰি মেখেলা চাদৰ পৰিধান কৰে আৰু দেশৰ আন প্ৰান্তৰ সমাজৰ ছোৱালীয়ে পিন্ধাৰ দৰে লেহেংগা আৰু ঘাগ্ৰা পৰিধান নকৰে। কইনাসকলে পৰম্পৰাগত অসমীয়া গহনাও পৰিধান কৰে।
বিয়াৰ দিনা আত্মীয়-কুটুম্বৰ সৈতে এগৰাকী মুছলমান কইনা
লগতে নিকাহৰ দিনা দৰাৰ লগত তামুলী বা সখী থাকে যিয়ে কিছুমান মূল কাম কৰিবলগীয়া হয়। দৰাৰ সম বয়সীয়া এজন বন্ধুক সাধাৰণতে তামুলী হিচাপে বাছি লোৱা হয়। তামুলী শব্দটো অসমীয়া শব্দ তামোলৰ পৰা উদ্ভৱ হৈছে। তামুলীয়ে অতিথিক তামোল আগবঢ়োৱাত দৰাক সহায় কৰে, যিটো অসমীয়া সমাজত এক পৰম্পৰা। অসমীয়া হিন্দু বিবাহত তামুলীক দৰা ধৰা বুলি জনা যায়। কইনাৰ ক্ষেত্ৰত তেনে কোনো সংগীৰ ভূমিকা নাই।
দৰা যেতিয়া কইনাৰ ঘৰত উপস্থিত হয়, তাৰ পিছত লগে লগে তেওঁ ভিতৰলৈ যাব নোৱাৰে। তেওঁ এটা দাবী পূৰণ কৰিব লাগিব। ইয়াক ডাং ধৰা বুলি কোৱা হয় আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে কইনাৰ পৰিয়ালে দৰাক ছোৱালীজনীক ইমান সহজে নিবলৈ নিদিয়ে। কইনাৰ ফালৰ পৰা একাংশ যুৱকে কৰা আৰ্থিক দাবীত সন্মতি দি তেওঁলোকে বিচৰা ধনখিনি দিয়াৰ পিছতহে দৰাক আগবাঢ়ি যাবলৈ দিয়া হয়। এই আলোচনাৰ বাবে দায়বদ্ধ ব্যক্তিজনেই হ’ল তামুলী। কইনাৰ ফালৰ পৰা বয়োজ্যেষ্ঠ লোকসকলে দৰা দলটোক আদৰণি জনায়।
নিকাহ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে দৰাৰ দলটোক চাহ আৰু সতেজ খাদ্য পৰিবেশন কৰা হয়। তাৰ পিছত কইনাৰ আত্মীয় ল’ৰা-ছোৱালীয়ে 'আঁতৰ দিয়া' নামৰ এটা সৰু অনুষ্ঠানত অংশ লয়। তেওঁলোকে দৰাৰ লগতে তামুলীকো মালা পিন্ধাই, কপালত ফোট লগাই এই যুটিটোক গাখীৰ আৰু মিঠাই বিশেষকৈ বেছিভাগেই ৰসগোল্লা আগবঢ়ায়।
এখন মুছলমান বিয়াত দৰাই উপহাৰ গ্ৰহণ কৰিছে
মূল নিকাহ অনুষ্ঠানটো আৰম্ভ হয় দৰা আৰু কইনাৰ দুয়োপক্ষই পৰিয়াল বা সমাজৰ কোনো জ্যেষ্ঠ সদস্যক কাৰ্য্যসূচী চলাবলৈ দায়িত্ব দিয়াৰ পিছত। তেওঁলোকক উকিল বুলি কোৱা হয় আৰু তেওঁলোকে অনুষ্ঠানত উপস্থিত লোকসকলক পৰিয়াল দুটাৰ বিষয়ে চমুকৈ অৱগত কৰে। তেওঁলোকৰ কথা-বতৰাৰ সময়ত এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল বাটা বা সৰু ঘূৰণীয়া কাঁহৰ ট্ৰেত তামোল পান বিনিময় কৰা হয়। তামোল পান অসমীয়া সামাজিক-সাংস্কৃতিক জীৱনৰ এক মূল বৈশিষ্ট্য।
তাৰ পিছত উকিলসমূহে তেওঁলোকক সহায় কৰিবলৈ দুজনমান সাক্ষী বাছি লয়। এই নিৰ্দিষ্ট লোকসকলে দৰা-কইনাৰ ওচৰলৈ গৈ তেওঁলোকৰ বিবাহৰ বাবে সন্মতি বিচাৰে। কইনা আৰু দৰা দুয়োজনে তেওঁলোকক কবুল কৰিছু বা কুবুল হায় (মই মানি লৈছো) বুলি উত্তৰ দিয়ে। তাৰ পিছত মৌলৱীয়ে কিছু নামাজ পঢ়ে আৰু নিকাহ সমাপ্ত হয়। নিকাহ লাডুৰ লগতে বিভিন্ন ধৰণৰ শুকান ফলৰ পেকেট আৰু কিছু মিঠাইৰ লগতে ৰাইজৰ মাজত বিতৰণ কৰা হয়।
মুছলমান বিবাহৰ আন এক অবিচ্ছেদ্য বিষয় হ’ল দৰাই কইনাক উপহাৰ হিচাপে দিবলগীয়া ধনৰ পৰিমাণ সন্দৰ্ভত সিদ্ধান্ত লোৱা। ইয়াক মেহৰ বুলি কোৱা হয়। ইয়াৰ পৰিমাণ অতি সোনকালে পত্নীক দিব লাগে। সিদ্ধান্ত লোৱা ধনৰাশি উকিলসকলে নিকাহৰ সময়ত ঘোষণা কৰে। দুয়োপক্ষই কইনাক উপহাৰ দিয়া অলংকাৰ আৰু কাপোৰবোৰ অতিথিসকলক দেখুৱাই দিয়াৰ পৰম্পৰা আছে। মহিলাসকলে এই বস্তুবোৰ ডাঙৰ ট্ৰেত প্ৰদৰ্শন কৰে।
তাৰ পিছত আৰম্ভ হয় খাদ্যৰ সময়। কইনা পক্ষই দৰাৰ লগত যোগ দিয়ে আৰু তেওঁলোকক কেইজনমান বন্ধু কেইজনমান আত্মীয়ৰ সৈতে পৃথকে পৃথকে খাদ্য পৰিবেশন কৰা হয়। বাকী দৰাৰ দলটোৱে একেলগে খাদ্য গ্ৰহণ কৰে। বিয়াত পৰিবেশন কৰা খাদ্যৰ বিষয়ে আমি The Assamese Muslim Kitchenৰ খাদ্যৰ অধ্যায়ত বিতংভাৱে লিখিছো।
মুছলমান পৰিয়ালৰ এখন বিবাহ অনুষ্ঠানত কেইগৰাকীমান মহিলা আত্মীয়-কুটুম্ব
লগতে কইনা আৰু দৰা দুয়োৰে কেক কটা অনুষ্ঠান। ইয়াতো কইনাৰ ফালৰ ছোৱালীবোৰে দৰাক কুইজ কৰে যে তেওঁ পত্নীৰ বিষয়ে কিমান জানে। প্ৰতিটো ভুল উত্তৰৰ বাবে তেওঁক ‘জৰিমনা’ দিয়া হয় আৰু শেষত ছোৱালীকেইজনীক ডাঙৰ ডাঙৰ ধন দিয়ে।
কইনাৰ নতুন ঘৰলৈ যোৱাৰ আগতে তামোল লোৱা নামৰ আন এটা সৰু অনুষ্ঠান আছে, য’ত তেওঁৰ পৰিয়াল আৰু আত্মীয়ই দম্পতীহালক আশীৰ্বাদ দি উপহাৰ দিয়ে আৰু নৱবিবাহিতা দম্পতীহালে ইয়াৰ বিনিময়ত তামোল পান বা মিঠা পান দিয়ে। এই অনুষ্ঠানটো পিছত দৰাৰ ঘৰত তেওঁলোক উভতি অহাৰ পিছত হয়, যেতিয়া তেওঁৰ পৰিয়ালৰ সকলো সদস্য আৰু আত্মীয়ক কইনাৰ লগত চিনাকি কৰাই দিয়া হয়।
নতুন দম্পতীহালে ঘৰত প্ৰৱেশ কৰাৰ লগে লগে পৰিয়ালৰ সৰু ল’ৰা-ছোৱালীয়ে তেওঁলোকক ভৰি ধুৱাই আদৰি আনে। কইনাই ল’ৰা-ছোৱালীবোৰে সংগ্ৰহ কৰিবলৈ বতাহত মুদ্ৰা দলিয়াই দিয়ে। চাউল ভৰ্তি এটা পাত্ৰ ৰখা হয় আৰু তাত এটা সোণ আৰু ৰূপৰ আঙঠি লুকুৱাই ৰখা হয়। কইনাগৰাকীয়ে সোণৰ আঙঠিটো বিচাৰি পাব বুলি আশা কৰা হয়, যাৰ ফলত তেওঁ ঘৰখনৰ বাবে অত্যন্ত ভাগ্যৱান বুলি ধাৰণা কৰা হয়।
মুছলমান সমাজত প্ৰচলিত পৰম্পৰাসমূহ পালন কৰিছে কইনাজনীয়ে
বিবাহৰ শেষত আঠমঙলা নামৰ আন এক অনুষ্ঠান থাকে। বিয়াৰ আঠ দিনত দম্পতীহালক কইনাৰ ঘৰলৈ নিমন্ত্ৰণ কৰি ভোজৰ আয়োজন কৰা হয়। উপহাৰৰ আদান-প্ৰদানও কৰা হয়।
কিছুমান অসমীয়া মুছলমান বিবাহত বেণ্ড পাৰ্টীৰো ব্যৱস্থা কৰা হয়। অসমৰ বিশিষ্ট শিক্ষাবিদ, লেখক, লোকশিল্পী বীৰেন্দ্ৰনাথ দত্তই 'অসমৰ গোৱালপাৰা অঞ্চলৰ লোকসংস্কৃতিৰ এক অধ্যয়ন'(A Study of the Folk Culture of the Goalpara Region of Assam) নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে মুছলমান বিবাহ অনুষ্ঠানত বিয়া গীতো পৰিৱেশন কৰা হয়। বেণ্ডপাৰ্টীৰ শব্দ আৰু এই বিয়া গীতবোৰে বিবাহ অনুষ্ঠানৰ পৰিৱেশ যথেষ্ট সংগীতমধুৰ কৰি তুলে। মুছলমান বিবাহত আন এটা পৰম্পৰা আছে, সেয়া হ'ল কইনাৰ ঘৰত আত্মীয়-কুটুম্ব আৰু পৰিয়ালৰ লোকে নৃত্যত অংশ লোৱা দেখা যায়।