বিশ্ব ৰক্তদান দিৱসঃ ৰক্তদানেৰে আনৰ জীৱন বচাবলৈ সদায় সাজু ফৈজান আলী, আবিদ ইমাম, এহতেছাম কেশৰ

Story by  atv | Posted by  Munni Begum • 4 Months ago
ৰক্তদান শিবিৰ আৰু গয়া চহৰৰ ফৈজান আলী
ৰক্তদান শিবিৰ আৰু গয়া চহৰৰ ফৈজান আলী
 
সেৰাজ আনোৱাৰ / পাটনা
 
'যদি কাৰোবাৰ জীৱন ৰক্ষা কৰিব বিচাৰিছে, তেন্তে ৰক্তদান কৰক’ এই টেগ-লাইনৰ জৰিয়তে ২৪ ঘণ্টাই ৰক্তদান কৰাৰ বাবে সাজু হৈ থাকে বিহাৰৰ গয়া জিলাৰ আবিদ আৰু ফৈজানৰ দলটো। গয়া চহৰৰ ফৈজান আলীয়ে মাত্ৰ ২৪ বছৰ বয়সতে ৰক্তদাতাৰ এটা দল গঠন কৰিছিল।  
 
তেওঁৰ দলৰ ২৫ জন সদস্য ২৪ ঘন্টাই ৰক্তদান কৰাৰ বাবে সাজু হৈ থাকে। তেওঁলোকৰ দলটোত আছে হিন্দু আৰু মুছলমান উভয়ে যুৱক-যুৱতী। আন এগৰাকী ব্যক্তিৰ নাম হৈছে আবিদ ইমাম। যিজনে আৰাৰ বেদ প্ৰকাশৰ সৈতে একত্ৰিত হৈ উচ্চ-নীচ, জাতি-ধৰ্মৰ ভেদভাব নেউচি নিজৰ ৰক্তেৰে প্ৰেম আৰু মানৱতাৰ এনে কাহিনী ৰচনা কৰিছে, য'ত মানুহে তেওঁক সহৃদয়েৰে ভালপাবলৈ আৰম্ভ কৰিছে।    
 
গুড্ডু মুখিয়া ওৰফে এহতেছাম কেশৰে দুবছৰ ধৰি নাৱাদাত থকা তেওঁৰ বিলাসী হোটেলত ৰক্তদান শিবিৰৰ আয়োজন কৰি আহিছে। যদি বিহাৰত ৰক্তবীৰৰ কাহিনী লিখা হয়, তেন্তে এই মুছলমানসকলৰো নাম তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব।
 
ৰক্তদান কৰি থকা এক দৃশ্য
 
ফৈজানে প্ৰতিষ্ঠা কৰিলে ৰক্তবীৰৰ দল  
 
ফৈজানৰ দলত অন্তৰ্ভুক্ত মুছলমান যুৱতীকেইজনীয়ে কোনো সংকোচ নকৰাকৈ ৰক্তদানৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে কাম কৰি আহিছে। ফৈজানৰ সামাজিক সংগঠন হিউমেন হুডৰ বিষয়বস্তু হৈছে-- 'যদি কাৰোবাৰ জীৱন ৰক্ষা কৰিব বিচাৰিছে, তেন্তে ৰক্তদান কৰক’। তেওঁৰ দলটোৰ বেছিভাগেই হৈছে কলেজীয়া ছাত্ৰ-ছাত্ৰী।   
 
ছ’চিয়েল মিডিয়া আৰু ইয়াৰ যোগাযোগৰ ভিত্তিত হিউমেন হুডে এই কাম চলাই আহিছে। যোৱা বছৰ হিউমেন হুডে জানিব পাৰিছিল যে চুবুৰীয়া জিলা জেহানাবাদৰ অভয় শৰ্মা নামৰ এজন লোকক তেজৰ প্ৰয়োজন আছিল। ফৈজানে নিজৰ সতীৰ্থসকলৰ সৈতে যোগাযোগ কৰিছিল আৰু ছাইফী খানে ৰক্তদান কৰিবলৈ সন্মত হৈ আৰু অভয় শৰ্মাক ৰক্তদান কৰে। অভয় কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল।  
 
ছাইফীয়ে কয়, “সুযোগ যিকোনো সময়তে আপোনাৰ দুৱাৰদলিত আহি উপস্থিত হব পাৰে, গতিকে কেতিয়াও ইয়াক এৰি দিব নালাগে আৰু সুযোগ পালেই ৰক্তদান কৰিব লাগে। এই চিন্তাৰ অধীনতে আমি কাম কৰি আহিছো।"
 
অলকা সিনহাক যেতিয়া তেজৰ প্ৰয়োজন হৈছিল, তেতিয়া নবাব আলমে ৰক্তদান কৰিছিল। বানাৰসৰ সমীপৰ ডেহৰি অ'নচোনৰ উষা দেৱীক হামিদ খানৰ তেজ সঞ্চাৰ কৰা হৈছিল। একেদৰে মহম্মদ আকিবে নীৰজ কুমাৰৰ বাবে ৰক্তদান কৰিছিল। ইয়াৰ উপৰিও এনে কামে সামাজিক সম্প্ৰীতি আৰু হিন্দু-মুছলমান ঐক্যৰ নিদৰ্শন দাঙি ধৰিছে।  
 
লক্ষণীয় যে, দলৰ মুছলমান যুৱতীসকলৰ উৎসাহো কম প্ৰশংসনীয় নহয়। তেওঁলোকে নিজেই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে। কিছুমানে মাক-দেউতাকৰ লগত আহে। ল'ৰা-ছোৱালীবোৰে আবেগক লৈ ইমানেই প্ৰভাৱিত যে ৰক্তদানৰ পৰা নিজকে বাধা দি ৰাখিব নোৱাৰে। 
 
ৰক্তদান শিবিৰৰ এক দৃশ্য
 
ফৈজান সৰুৰে পৰাই বয়োজ্যেষ্ঠৰ সংগ আৰু সামাজিক কাম-কাজৰ লগত জড়িত হৈ আহিছে। ফৈজানে আৱাজ-দ্য ভইচ'ক কয়, ‘শৈশৱৰ পৰাই মোৰ সমাজসেৱা আৰু মানৱতাৰ সেৱা কৰাৰ ইচ্ছা আছিল। এই চিন্তাধাৰাক গতি প্ৰদান কৰিবলৈয়ে ২০১৭ চনত হিউমেন হুড অৰ্গেনাইজেচন স্থাপন কৰা হৈছিল।   
 
তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ। ইয়াৰ এবছৰৰ পাছত অৰ্থাৎ ২০১৮ চনত প্ৰথমবাৰৰ বাবে ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিল। যিটো যথেষ্ট উৎসাহজনক আছিল। সেই সময়ত আমাৰ দলৰ মাত্ৰ দুই-চাৰিজন কলেজীয়া বন্ধুহে আমাৰ অভিযানৰ সৈতে জড়িত হৈছিল। তাৰ পিছত বৃহৎ সমাৱেশৰ আৰম্ভ হ'ল। আজি এটা ডাঙৰ দল এই কামৰ সৈতে জড়িত হৈ আছে।   
 
ফৈজানে কয়, "এই পদক্ষেপৰ জৰিয়তে বিহাৰৰ সমান্তৰালকৈ দেশজুৰি ৰক্তদানৰ এক শৃংখল সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। যাৰ বাবে আমি দিল্লী, বাৰাণসী আৰু লক্ষ্ণৌৰ সতীৰ্থসকলক এই অভিযানৰ সৈতে সংযুক্ত কৰিছো। যেতিয়া দিল্লীৰ এজন ব্যক্তিক তেজৰ প্ৰয়োজন হৈছিল, তেতিয়া তাত থকা এজন বন্ধুৰ সৈতে যোগাযোগ কৰিছিলো আৰু ৰক্তদানৰ ব্যৱস্থা কৰি দিছিলো। ২২ বছৰীয়া ফৈজান বুদ্ধ গয়া চহৰ বিষ্ণুৰ বাসিন্দা আৰু তেওঁ অতি সাধাৰণ পৰিয়ালৰ।  
 
নেজামিয়া ইউনানীত হিউমেন হুডৰ শিবিৰ
 
শেহতীয়াকৈ গয়াৰ নেজামিয়া ইউনানী মেডিকেল কলেজ এণ্ড হস্পিতালত হিউমেন হুড অৰ্গেনাইজেশ্যনৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কোৱা হৈছিল যে, ৰক্তদান এক গুৰুত্বপূৰ্ণ অতি কল্যাণমূলক কাম। 
 
তেজ প্ৰস্তুত কৰা কোনো কাৰখানা নাই। ৰক্তদান একমাত্ৰ কাৰ্য্য, যাৰ জৰিয়তে ৰক্ত সংগ্ৰহ কৰিব পৰা যায়। তেজৰ প্ৰয়োজনীয়তা দৈনিক হৈ থাকে আৰু যিকোনো ৰোগীয়েই নহওঁক কিয়, সেয়া দুৰ্ঘটনায়ে হওক, প্ৰসৱৰ ক্ষেত্ৰত হওক, কৰ্কট ৰোগী হওক বা ৰক্তহীনতাত ভোগা ৰোগী হওক তেওঁলোকক নিশ্চয় তেজৰ প্ৰয়োজন হয় আৰু যদি তেওঁলোকে সময়মতে তেজ লাভ নকৰে, তেন্তে এনে ৰোগীয়ে জীৱনো হেৰুৱাবলগীয়া হয়। যদি আপোনাৰ ৰক্তদানে কাৰোবাৰ জীৱন ৰক্ষা কৰে, তেন্তে ইয়াতকৈ ডাঙৰ কল্যাণমূলক কাম অন্য কি হ'ব পাৰে।  
 
ৰক্তবীৰসকলৰ এটা দল
 
এই মহাবিদ্যালয়খনৰ শিক্ষক আৰু কৰ্মচাৰীৰ লগতে ৰক্তদান শিবিৰত সমাজসেৱা আৰু কল্যাণৰ মনোভাৱ থকা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে যোৱা মাহৰ ২৩ জুনত নেজামিয়া উনানী চৌহদত হিউমেন হুড অৰ্গেনাইজেশ্যনৰ দ্বাৰা ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল।  
 
ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি ৰক্তদান কৰিছিল। ৰক্তদাতাৰ তালিকাত আছে ডাঃ মহম্মদ এহতেশ্বাম উদ্দিন, ডাঃ হাবিবুৰ ৰহমান, ডাঃ মহম্মদ আছঘৰ, ডাঃ জাফিৰুল হাছান, ডাঃ নুৰুল হুদা, ডাঃ হুমায়ুন। এইবোৰৰ উপৰি মহম্মদ দিলছাদ আলম, মহম্মদ জাহাংগীৰ, মহম্মদ আফছাৰ, মহম্মদ ফাৰহান, আব্দুল ৰেহমান, জকিউৰ ৰেহমান, মহম্মদ চাকিব, মহম্মদ ফৈয়াজ, মহম্মদ আছলাম, মহম্মদ তাবিছ, মহম্মদ শ্বাহিদ ইমাম, মহম্মদ গুদ্দু আৰু হিউমেন হুড অৰ্গেনাইজেচনৰ সদস্য নবীল আহমেদ, ফৈজান মালিক, কাচিফ চিৰাজ, চাকিব আলম, ফৈজান আলী আদিয়ে ৰক্তদান কৰে। 
 
মহাবিদ্যালয়ৰ সম্পাদক মহম্মদ শ্বোয়েব আলম আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ড° মহম্মদ ছামছাদ আলমে মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীসকলে সমাজসেৱা আৰু কল্যাণমূলক কামত অংশগ্ৰহণ কৰা ৰক্তবীৰৰ অৱদানৰ শলাগ লৈ কয় যে ই সমাজ আৰু মানৱতাৰ স্বাৰ্থত এক অতি গুৰুত্বপূৰ্ণ কাম বুলি অভিহিত কৰে।
 
নৱাদাত গুড্ডু মুখীয়াৰ উদ্যোগত ৰক্তদান  শিবিৰ   
 
এহতেছাম কেশৰ ওৰফে গুড্ডু নৱাদা জিলাৰ নৰহাট পঞ্চায়তৰ মুৰব্বী। যোৱা দুবছৰ ধৰি  নাৱাদাৰ কিং পেলেচ হোটেলত তেওঁলোকে ৰক্তদান শিবিৰৰ আয়োজন কৰি আহিছে। চলিত মাহত ৯ জুনত প্ৰায় দুডজন লোকে স্বেচ্ছাই শিবিৰত ৰক্তদান কৰিছিল। গুড্ডু মুখিয়াই জনোৱা মতে এই শিবিৰত মহম্মদ আছিফ, ছিপু বৰ্ণৱাল, গৌৰৱ কুমাৰ, মহম্মদ তাজ আনছাৰী, তাবিশ বৰকত আৰু  কেশৰৰ ওৰফে বাণ্টীকে ধৰি মুঠ ২১ জন লোকে ৰক্তদান কৰিছিল।   
 
গুড্ডুৱে জনোৱা মতে, এইবাৰকে ধৰি  নাৱাদা হোটেলত মুঠ তিনিটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে ইয়াৰ পূৰ্বে নৰহাট গাঁৱতো ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিল। গুড্ডুৱে কয় যে ৰক্তদান এক মহান দান, ৰক্তদান কৰি কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰি। ৰক্তদান কৰাটো অতি উদাৰ কাম। চিভিল চাৰ্জন ইনচাৰ্জ ডাঃ এছ কে পি চক্ৰৱৰ্তীৰ নিৰ্দেশত সদৰ হাস্পতালৰ দলটোৱে কিং পেলেচ হোটেলত উপস্থিত হৈ তেজ সংগ্ৰহৰ কাম কৰে। 
 
বিহাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তেজস্বী যাদৱে আবিদ ইমামক ৰক্তদানৰ দৰে প্ৰশংসনীয় কাম কৰাৰ বাবে সম্বৰ্ধনা জনাইছে
 
তেওঁ কয় যে এজন সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিব লাগে। ৰক্তদান কৰিলে বহু ৰোগৰ পৰা সকাহ পোৱা যায়। আপোনাৰ দান কৰা তেজেৰে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰি। মানুহে ৰক্তদানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে, যাতে বিপদৰ সময়ত আৰ্তজনক সহায় কৰিব পাৰে। ৰক্তবীৰসকলে ৰক্তদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে, তেওঁলোকৰ যিমানে প্ৰশংসা কৰা যায় সিমানে কম হব। নৰহাটৰ প্ৰধান গুড্ডুৱে সকলো ৰক্তবীৰক পদক প্ৰদান কৰি সম্বৰ্ধনা জনায়।      
 
৩২ বাৰকৈ ৰক্তদান কৰিছে আবিদ ইমামে  
 
বিহাৰত আগবাঢ়ি আহিছে বহু ৰক্তবীৰ। তাৰে এজন হৈছে গয়া শ্বেৰঘাটিৰ আবিদ ইমাম। তেওঁ অভিলেখ সৃষ্টি কৰি ৩২ বাৰকৈ ৰক্তদান কৰিছিল আৰু আজিও এই ধাৰা অব্যাহত আছে। বেদ প্ৰকাশ হৈছে আবিদ ইমামৰ সংগী। বেদ প্ৰকাশ হৈছে পেছাত এগৰাকী শিক্ষক। তেওঁ বৰ্তমানলৈ ১৮ বাৰকৈ ৰক্তদান কৰি মানুহৰ জীৱন ৰক্ষা কৰিছে। তাৰ ভিতৰত মুছলমান লোকৰ সংখ্যাও যথেষ্ট। আবিদ ইমাম মূলতঃ বিহাৰৰ গয়া জিলাৰ শ্বেৰঘাটিৰ বাসিন্দা। সমাজকৰ্মী আবিদ ইমামে WhatsApp গ্ৰুপ তৈয়াৰ কৰি মানুহক সহায় কৰি আহিছে। তেওঁ দুবাৰকৈ ৭৫ কিলোমিটাৰ খোজ কাঢ়ি গৰ্ভৱতী মহিলাক ৰক্তদান কৰিছে। তেওঁ এটা ৰক্তদাতা গোট গঠন কৰিছে। ইয়াৰ ভিতৰত বিহাৰৰ বহু জিলাৰ প্ৰায় দুশজন লোক অন্তৰ্ভুক্ত হৈ আছে। শ্বেৰঘাটিৰ উপৰিও আবিদ ইমামে অতি দুৰ্গম অঞ্চলতো তেজৰ যোগান ধৰি আহিছে। সমাজ সেৱাৰ প্ৰতি উৎসৰ্গিত আবিদ ইমামে অসহায় লোককো সহায় কৰি আহিছে। তেওঁ কয়, “সেৱা আগবঢ়োৱাৰ সময়ত কোনো লোকৰে জাতি বা ধৰ্ম বিবেচনা কৰা নহয়।”        
 
বিহাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তেজস্বী যাদৱে আবিদ ইমামক ৰক্তদানৰ দৰে প্ৰশংসনীয় কাম কৰাৰ বাবে সম্বৰ্ধনা জনাইছে। আবিদ ইমামে কয় যে গয়া মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় সেৱা আঁচনিত যোগদান কৰাৰ সুযোগ লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ৰক্তদান কৰাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে।