নতুন দিল্লী
ফিফা বিশ্বকাপৰ নিজৰ প্ৰথমখন গ্ৰুপ মেচতে এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে খিতাপৰ অন্যতম দাবীদাৰ পৰ্তুগাল। মঙলবাৰে নিশা অনুষ্ঠিত হোৱা এখন উত্তেজনাপূৰ্ণ মেচত ডি আৰ কংগোৱে শক্তিশালী পৰ্তুগালক ১-১ গ’লত ড্ৰ’ খেলিবলৈ বাধ্য কৰে । প্ৰতিযোগিতাৰ পূৰ্বৰ ফেভাৰিট হিচাপে অৱতীৰ্ণ হোৱা ৰবাৰ্টো মাৰ্টিনেজৰ দলটোৱে এই মেচখনত নিজৰ যোগ্যতা প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে হতাশ হ’বলগীয়া হৈছে।
খেলখনত পৰ্তুগালে অতি উজ্জ্বল আৰম্ভণি কৰিছিল। মেচৰ মাত্ৰ ষষ্ঠ মিনিটতে পেড্ৰ’ নেটোৰ এটা নিখুঁত ক্ৰছৰ সহায়ত জোয়াও নেভেছে এক সুন্দৰ হেডাৰেৰে বলটো গ’লপোষ্টৰ দূৰৈৰ কোণলৈ পঠিয়াই দলক ১-০ ব্যৱধানত অগ্ৰগতি আনি দিয়ে। নেভেছৰ এইটো চতুৰ্থটো আন্তঃৰাষ্ট্ৰীয় গ’ল আছিল।
প্ৰাৰম্ভিক সফলতাৰ পিছত পৰ্তুগালে আচৰিত ধৰণে খেলৰ গতি হেৰুৱাই পেলায়। কোনো জৰুৰী তৎপৰতা নোহোৱাকৈয়ে কেৱল বলটো ইজনে সিজনক পাছ কৰি থকা পৰ্তুগালে অতি সীমিত সুযোগহে সৃষ্টি কৰিব পাৰিলে। নিজৰ ঐতিহাসিক ষষ্ঠখন ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰা ক্ৰিষ্টিয়ানো ৰোনাল্ডোক আক্ৰমণৰ ক্ষেত্ৰত সম্পূৰ্ণ ম্লান দেখা গৈছিল। আনহাতে মানচেষ্টাৰ চিটিৰ তাৰকা বাৰ্নাৰ্ডো ছিলভায়ো খেলপথাৰত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়।
ইয়াৰ বিপৰীতে, ডি আৰ কংগোৱে কাউণ্টাৰ-এটাকৰ (প্ৰত্যাক্ৰমণ) জৰিয়তে পৰ্তুগালৰ ৰক্ষণভাগক ব্যতিব্যস্ত কৰি ৰাখে। প্ৰথম অৰ্ধৰ অতিৰিক্ত সময়ত তেওঁলোকৰ এই নিৰন্তৰ প্ৰচেষ্টাৰ ফল পোৱা যায়, যেতিয়া উইছাই কোনো মাৰ্কিং নোহোৱাকৈয়ে আৰ্থাৰ মাছুকুৰ ক্ৰছত মূৰৰে আঘাত কৰি আফ্ৰিকান দলটোক ১-১ সমতাত আনি দিয়ে।
দ্বিতীয় অৰ্ধৰ আৰম্ভণিতে জোয়াও কেন্সেলোৰ এটা এক্ৰ’বেটিক প্ৰচেষ্টাৰ জৰিয়তে পৰ্তুগালে পুনৰ অগ্ৰগতি লাভ কৰা বুলি ভাবিছিল যদিও ভিডিঅ’ এছিষ্টেণ্ট ৰেফাৰীৰ সহায়ত ইয়াক অফচাইডৰ বাবে নাকচ কৰা হয়। ইয়াৰ পিছত ডি আৰ কংগোৱে আন এক সোণালী সুযোগ লাভ কৰিছিল, য’ত চিলভা আৰু ব্ৰুনো ফাৰ্নাণ্ডেজক অতিক্ৰমি চড্ৰিক বাকাম্বুৱে মৰা তীব্ৰ শ্বটটো গ’লপোষ্টত লাগে। এয়া পৰ্তুগালৰ বাবে এক ডাঙৰ সতৰ্কবাণী আছিল।
খেলৰ শেষৰ ফালে সলনি খেলুৱৈ হিচাপে নামি ফ্ৰান্সিস্কো কন্সিকাৱে পৰ্তুগালৰ খেলত কিছু গতি আনিছিল আৰু অধিনায়ক ৰোনাল্ডোৰ বাবে সুন্দৰ সুযোগ সৃষ্টি কৰিছিল, কিন্তু অভিজ্ঞ ষ্ট্ৰাইকাৰগৰাকীয়ে তাক গ’ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। শেষৰ মুহূৰ্তলৈকে তীব্ৰ চাপ সৃষ্টি কৰা স্বত্বেও পৰ্তুগালে বিজয়ী গ’লটো বিচাৰি নাপালে।
অৱশেষত, ১৯৭৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশ লোৱা ডি আৰ কংগোৱে সুন্দৰ দৃঢ়তা প্ৰদৰ্শন কৰি মেচখন ড্ৰ’ ৰাখিবলৈ সক্ষম হয় আৰু পৰ্তুগালৰ বিৰুদ্ধে এক ঐতিহাসিক তথা স্মৰণীয় পইণ্ট অৰ্জন কৰে।