নতুন দিল্লী
টি-২০ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰিত কৰিবলৈ আইচিচিক বাংলাদেশে অনুৰোধ জনাইছিল। তাত উল্লেখ কৰা হৈছিল যে প্ৰতিযোগিতাখনৰ বাবে বাংলাদেশে ভাৰত ভ্ৰমণ নকৰে। অৱশ্যে খবৰ অনুসৰি বাংলাদেশে ভাৰততে টি-২০ বিশ্বকাপৰ খেল খেলিব লাগিব।
বাংলাদেশৰ এই অনুৰোধ নাকচ কৰিছে ক্ৰিকেট কৰ্তৃপক্ষ ICC -এ। বাংলাদেশে আইচিচিক টি-২০ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছিল। তাত উল্লেখ কৰা হৈছিল যে প্ৰতিযোগিতাখনৰ বাবে বাংলাদেশ ভাৰত ভ্ৰমণ নকৰে। অৱশ্যে খবৰ অনুসৰি বাংলাদেশে ভাৰততে টি-২০ বিশ্বকাপৰ খেল খেলিব লাগিব।
খেলুৱৈৰ সুৰক্ষাৰ চিন্তাৰ উদ্ধৃতি দি বাংলাদেশে টি-২০ বিশ্বকাপ ২০২৬ৰ মেচৰ স্থান শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছিল। অৱশ্যে ESPNcricinfoৰ এক প্ৰতিবেদন অনুসৰি আইচিচিয়ে বাংলাদেশক নিৰ্ধাৰিত সময়সূচীত অটল থাকিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ ২০২৬ চনৰ টি-২০ বিশ্বকাপত বাংলাদেশে কলকাতা আৰু মুম্বাইত গ্ৰুপ পৰ্যায়ৰ খেল খেলিব লাগিব। ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ মেচৰ স্থান শ্ৰীলংকালৈ স্থানান্তৰিত নহ’ব।
উল্লেখযোগ্য যে, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে টি-২০ বিশ্বকাপৰ খেলৰ স্থান শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ দাবী উত্থাপন কৰিছিল। আই পি এল ২০২৬ৰ নিলামত কেকেআৰে ক্ৰয় কৰিছিল মুস্তাফিজুৰক। কিন্তু বাংলাদেশত হিন্দু হত্যাৰ বাবে মুস্তাফিজুৰক আই পি এলৰ পৰা অপসাৰণৰ দাবীয়ে গতি লাভ কৰাৰ ফলত কে কে আৰ বি চি চি আইৰ নিৰ্দেশত মুস্তাফিজুৰক দলৰ পৰা অপসাৰণ কৰে।
মুস্তাফিজুৰক আই পি এলৰ পৰা অপসাৰণ কৰাটো বাংলাদেশৰ ক্ৰীড়া মন্ত্ৰালয় আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে অপমান হিচাপে গণ্য কৰিছিল। তেওঁলোকে জৰুৰী বৈঠক আহ্বান কৰে, য’ত আইচিচিৰ পৰা স্থান সলনিৰ বাবে অনুৰোধ কৰাৰ সিদ্ধান্ত লোৱা হয়। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে স্থান সলনিৰ সন্দৰ্ভত আইচিচিক ইমেইল কৰিছিল আৰু এতিয়া ইয়াৰ সঁহাৰি লাভ কৰিছে। অৱশ্যে আই চি চিৰ আনুষ্ঠানিক সঁহাৰিৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।