আজি বিশ্বকাপত ভাৰত-পাকিস্তানৰ ব্লকবাষ্টাৰ; নিউয়ৰ্কৰ 'বিপজ্জনক' পিটচ পুনৰ নিৰ্মাণ কৰিছে আইচিচিয়ে

Story by  atv | Posted by  [email protected] • 1 Months ago
টি-২০ বিশ্বকাপৰ অধিকংশ মেচ অনুষ্ঠিত হোৱা নিউয়ৰ্কৰ ষ্টেডিয়ামখন
টি-২০ বিশ্বকাপৰ অধিকংশ মেচ অনুষ্ঠিত হোৱা নিউয়ৰ্কৰ ষ্টেডিয়ামখন
 
নিউয়ৰ্ক

প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ দৰে ক্ৰিকেটৰ মেগা ইভেণ্ট আয়োজন কৰা আমেৰিকাই পিটচ নিৰ্মাণক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰখনক ক্ৰিকেটমহলে 'বিপজ্জনক' বুলি অভিহিত কৰিছে। আনকি বিপজ্জনক পিটচৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত আজি খেলিবলগীয়া ব্লকবাষ্টাৰ মেচখন আইচিচিয়ে বেলেগ স্থানলৈ লৈ যাব বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। 
 
অৱশ্যে, ভাৰত-পাকিস্তানৰ বহু প্ৰত্যাশিত মেচখনৰ পূৰ্বে প্ৰকাশিত বাতৰি অনুসৰি, মেচ নিউয়ৰ্কৰ পৰা স্থানান্তৰিত নহয়। ইয়াৰ পৰিৱৰ্তে খেলপথাৰখন সঠিক কৰি তুলিবলৈ আইচিচিয়ে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে নাছাউ কাউন্টিৰ পিটচখনে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। কাৰণ এই স্থানত টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শ্ৰীলংকাই মাত্ৰ ৭৭ ৰানত অলআউট হৈছিল। একেদৰে, পৰৱৰ্তী এখন মেচত অসমান বাউন্সৰ ফলত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আঘাতপ্ৰাপ্ত হৈছিল। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলৰ সময়ত টীম ইণ্ডিয়াৰ তাৰকাজনে সোঁবাহুত আঘাত পাইছিল, আৰু পিছত তেওঁ ৰিটায়াৰ্ড হাৰ্ট হৈ খেলপথাৰ ত্যাগ কৰিছিল। 

পাকিস্তানৰ বিৰুদ্ধে হাইভল্টেজ মেচৰ পূৰ্বে ৰসিক মুহূৰ্তত টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলি

এই ঘটনাৰ পিছত ইংলেণ্ডৰ প্ৰাক্তন প্ৰশিক্ষক এণ্ডি ফ্লাৱাৰে এই পিটচখনক বিপজ্জনক বুলি অভিহিত কৰে। তেওঁ কয়, নিউয়ৰ্কৰ উইকেট বিপজ্জনকৰ সীমাৰেখাত উপনীত হৈছে। ইয়াৰ অসমান বাউন্সে খেলুৱৈৰ আঙুলি, গ্লভছ, হেলমেটত আঘাত কৰিছে।খেলখনৰ পিছত ভাৰতেও বেচৰকাৰীভাৱে পিটচ সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছিল। বৃহস্পতিবাৰে আইচিচিয়ে ট্ৰেকৰ সৈতে জড়িত সমস্যাসমূহ স্বীকাৰ কৰি কয় যে বাকী মেচসমূহৰ বাবে এই সমস্যাৰ “প্ৰতিকাৰ”ৰ বাবে তেওঁলোকে চেষ্টা চলাইছে।

আইচিচিৰ বিবৃতিত কোৱা হৈছে যে, “টি২০ বিশ্বকাপৰ আয়োজক সমিতি আৰু আইচিচিয়ে স্বীকাৰ কৰিছে যে নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ পিটচে আমি সকলোৱে বিচৰা ধৰণে আচৰণ কৰা নাই। কালিৰ খেলখন সমাপ্ত হোৱাৰ পিছৰে পৰা বিশ্বমানৰ গ্ৰাউণ্ডছ টীমে ইয়াৰ প্ৰতিকাৰ আৰু বাকী মেচসমূহৰ বাবে সম্ভৱপৰ উত্তম পিটচ সাজু কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আহিছে”।

 
ভাৰতৰ প্রাক্তন অ’পেনাৰ নৱজোৎ সিং সিদ্ধুৱে অনুভৱ কৰিছে যে খেলপথাৰত এনে কিছুমান ক্ৰুটি আছে, যিবোৰ ইমান কম সময়ৰ ভিতৰতে নাইকীয়া কৰিব নোৱাৰি৷ "এয়া নতুন পিটচ, থিতাপি ল'বলৈ সময় লাগিব। যদি এই পিটচ দুমাহ আগতে সাজু হ'লহেঁতেন তেন্তে ইয়াৰ ৰূপ সম্পূৰ্ণ বেলেগ হ'লহেঁতেন। কিন্তু ইয়াত বলে ঘাঁহৰ মূৰাত খুন্দা মাৰি আছে আৰু হঠাতে বল হয় ওপৰলৈ উঠিছে নতুবা তললৈ গৈছে। খেলপথাৰৰ প্ৰকৃতিৰ কোনো উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ এতিয়া বহু দেৰি হৈছে।"-একালৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা জনপ্ৰিয় ধাৰাভাষ্যকাৰ সিদ্ধুৱে কয়।