লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ভাৰতীয় মহিলা ক্ৰিকেট দল
ভাৰতীয় মহিলা ক্ৰিকেট দল
 
নতুন দিল্লী
 
ক্ৰিকেটপ্ৰেমীৰ বাবে এটা ভাল খবৰ। ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে।
 
চলিত মহিলা টি-২০ বিশ্বকাপত ছেমিফাইনেলত উপনীত হ’ব নোৱাৰিলেও এছিয়াৰ আন সকলো দলতকৈ আগস্থানত থকাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে অলিম্পিক স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়। ভাৰতৰ উপৰিও দক্ষিণ আফ্ৰিকা, গ্ৰেট ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াই অলিম্পিকৰ যোগ্যতা অৰ্জন কৰিছে।
 
ইফালে অলিম্পিকৰ যোগ্যতা লাভ কৰোটো ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু দেশৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে পৰিগণিত হৈছে। ক্ৰিকেট অলিম্পিকলৈ ঘূৰি অহাৰ লগে লগে এতিয়া লছ এঞ্জেলছত পদক জয়েৰে ইতিহাস গঢ়াৰ লক্ষ্য ল’ব হৰমনপ্ৰীৎ কৌৰৰ দলটোৱে।
 
উল্লেখযোগ্য যে,  ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পিছত ১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ ঘূৰি আহিব ক্ৰিকেটখেল। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC)-ৰ কাৰ্যবাহী পৰিষদে লছ এঞ্জেলছ অলিম্পিক-২০২৮ত ক্ৰিকেটৰ যোগ্যতা নিৰ্ধাৰণৰ পদ্ধতিত অনুমোদন জনায়।