IPL 2026: আজি ফাইনেলত দুই প্ৰাক্তন চেম্পিয়ন

Story by  atv | Posted by  [email protected] • 1 h ago
IPL 2026: আজি ফাইনেলত দুই প্ৰাক্তন চেম্পিয়ন
IPL 2026: আজি ফাইনেলত দুই প্ৰাক্তন চেম্পিয়ন
 
নতুন দিল্লী
 
আজি আই পি এলৰ ফাইনেল। খিতাপ দখলৰ বাবে ২২ গজত নামিব দুই মহাশক্তি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম গুজৰাট টাইটানছ। ইতিমধ্যে দুয়োটা দলে এবাৰকৈ লাভ কৰিছে আই পি এলৰ খিতাপ।
 
আজি দুয়ো দলৰ সন্মুখত পুনৰ খিতাপ দখলৰ সুৱৰ্ণ সুযোগ। অৱশ্যে খিতাপ জয়ৰ বাবে দুয়োটা দলে প্ৰবল দাবীদাৰ যদিও পৰিসংখ্যাৰ দিশৰ পৰা আৰ চি বি আছে আগত। কিয়নো আৰ চি বিয়ে প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰাই দমনীয় প্ৰদৰ্শনেৰে ফাইনেলত উপনীত হৈছে।
 
তাৰোপৰি প্ৰথমখন প্লে- অফত গুজৰাটক অনাসয়ে পৰাস্ত কৰি পোনে পোনে ফাইনেলৰ দুৱাৰডলিত উপনীত হৈছিল ৰজত পাটিদাৰ নেতৃত্বাধীন আৰ চি বি। একেদৰে গুজৰাটেও এই পৰাজয়ৰ পাছতে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই ছেমি ফাইনেলসদৃশ দ্বিতীয়খম প্লে-অফত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানৰ দৰ্পচূৰ্ণ কৰি ফাইনেলত উপনীত হৈছে।
 
গতিকে এই দিশৰ পৰা চালে দেখা যায়- আজিৰ মেচখন যে এখন হাইভ’ল্টেজ হ’ব তাত কোনো সন্দেহ নাই। অৱশ্যে গুজৰাটৰ চিন্তাৰ কাৰণ হৈছে বিৰাট কোহলি, টীম ডেভিড, ক্ৰুনাল পাণ্ডিয়া, ভেংকাটেশ আয়াৰ, ৰজত পাটিদাৰৰে গঠিত বেটিং- লাইন। তাৰোপৰি বলিঙৰ ক্ষেত্ৰতো দলটো যথেষ্ট ভাৰসাম্য থকা দল। অভিজ্ঞ বলাৰ ভুবনেশ্বৰ কুমাৰ, ৰোমাৰিঅ’ ছেফাৰ্ড, হেজেলউডে নিজৰ দিনত সদায়ে যে ভয়াৱহ সেই কথা বিগত মেচসমূহত দি থৈছে। স্পীন আক্ৰমণত আছে সুয়স শৰ্মা। উইকেট দখল কৰিব পৰা ক্ষমতা তেওঁৰো আছে।
 
ইফালে গৃহচহৰত খেলাৰ হেতু আজি গুজৰাটে পাব ঘৰুৱা দৰ্শকৰ সমৰ্থন। দলটোত আছে শুভমন গীলৰ দৰে অ’পেনিং বেটাৰ। ৰাজস্থানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি গীলে দিছে তেওঁৰ বেটৰ প্ৰমাণ। ভুল নকৰিলে ছাই সুদৰ্শনো সময়ত হৈ উঠিব ভয়াৱহ। মিডল অৰ্ডাৰত বাটলাৰ অকলেই যথেষ্ট। নন ষ্ট্ৰাইকত যোগ্য সংগী পালে কাকো খাতিৰ নকৰে জছ বাটলাৰে।
 
আনহাতে দলটোত আছে কাগিছ’ ৰাবাডা, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণৰ দৰে বেগী বলাৰ। স্পীন আক্ৰমণত ৰছিদ খানৰ সংগী হ’ব অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। মুঠৰ ওপৰত আজিৰ মেচখনত কোনেও কামো সহজভাৱে নোলোৱাই ভাল।