মৰুৰ দেশত ক্ৰিকেটৰ প্ৰসাৰৰ বৃহৎ পদক্ষেপ; জেদ্দাত আজিৰে পৰা আইপিএলৰ মেগা নিলাম

Story by  atv | Posted by  [email protected] • 14 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

ছৌদি আৰব ক্ৰিকেট ফেডাৰেচনে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলুৱৈ নিলাম অনুষ্ঠান আয়োজন কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত অনুষ্ঠানটো হৈছে মৰুৰ দেশত ক্ৰিকেট আৰু ক্ৰীড়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ছৌদি আৰৱৰ মাটিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া আইপিএলৰ নিলাম অনুষ্ঠানটো বিশ্ব ক্ৰিকেটত ছৌদি আৰৱৰ উপস্থিতি আৰু খেলখনৰ প্ৰচাৰৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
 
ছৌদি ক্ৰিকেট ফেডাৰেচনৰ সভাপতি প্ৰিন্স ছৌদ বিন মেছাল বিন মহম্মদে এই নিলাম আয়োজন কৰাটো গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে। তেওঁ কয়, “এই ইভেণ্টটোৱে কেৱল ছৌদি আৰব আৰু ভাৰতীয় ক্ৰিকেটৰ মাজত থকা গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰাই নহয়, ক্ৰিকেট অনুৰাগীসকলৰ বাবেও নিজৰ প্ৰিয় দলৰ খেলুৱৈসকলক ওচৰৰ পৰা চিনি পোৱাৰ লগতে বাছনি প্ৰক্ৰিয়া চোৱাৰ এক অনন্য সুযোগ প্ৰদান কৰিব।”
 
ভাৰতৰ তাৰকা বেটছমেন কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, ঋষভ পণ্ট, ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছন, নিউজিলেণ্ডৰ যুৱ অলৰাউণ্ডাৰ ৰাচিন ৰবিন্দ্ৰৰ দৰে ডাঙৰ নাম অন্তৰ্ভুক্ত হোৱা এই নিলামত মুঠ ৫৭৪ গৰাকী খেলুৱৈৰ নাম উত্থাপিত হ'ব। যোৱা বছৰৰ আইপিএল নিলামত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে ইতিহাসৰ সৃষ্টি কৰিছিল। শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছে তেওঁক ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল। 
উল্লেখ্য যে, ছৌদি আৰৱত ক্ৰিকেটৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰ কথা মনত ৰাখি ছৌদি ক্ৰিকেট ফেডাৰেচনে বিদ্যালয়ত এই খেলখন জনপ্ৰিয় কৰাৰ বাবে এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। ছৌদি আৰৱত প্ৰবাসীসকলৰ অধিকাংশই পাকিস্তান, ভাৰত, বাংলাদেশৰ পৰা আহিছে, যিসকল ক্ৰিকেটৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত। ছৌদি আৰৱৰ এই ক্ৰিকেট ইভেণ্টটো স্থানীয় আৰু প্ৰবাসী উভয় সম্প্ৰদায়ৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ছৌদি আৰৱৰ ৩ কোটি ২২ লাখ জনসংখ্যাৰ ভিতৰত ১.৩ কোটিতকৈ অধিক লোক প্ৰবাসী, যিসকল ক্ৰিকেটৰ ডাঙৰ অনুৰাগী।
এতিয়ালৈকে ফুটবল, বক্সিং, ফৰ্মুলা ৱানৰ দৰে ক্ৰীড়াত বিনিয়োগৰ বাবে পৰিচিত ছৌদি আৰবে এতিয়া ক্ৰিকেটক উন্নয়নৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে। ছৌদি ক্ৰিকেট ফেডাৰেচনৰ তথ্য অনুসৰি দেশখনে ছৌদি নাগৰিকৰ মাজত এই খেলখন জনপ্ৰিয় কৰি বিদ্যালয়ত প্ৰৱৰ্তনৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা কেইবছৰমানৰ পৰা ছৌদি আৰবে ক্ৰীড়াৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগ কৰিছে।
 
ফুটবল ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু নেইমাৰক নিজৰ লীগত অন্তৰ্ভুক্ত কৰাৰ পিছত এতিয়া দেশখনে ক্ৰিকেটৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। আই পি এলৰ নিলাম অনুষ্ঠিত কৰিলে ছৌদি আৰৱক কেৱল ক্ৰীড়া ইভেণ্টৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাই নহয়, অৰ্থনৈতিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰাও ই দেশখনৰ বাবে উপযোগী হ’ব।
 
জেদ্দাত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ নিলামে ছৌদি আৰব আৰু ক্ৰিকেটৰ বাবে এক নতুন আৰম্ভণি। এই অনুষ্ঠানে ছৌদি আৰৱত ক্ৰিকেটৰ সজাগতা কিমান বৃদ্ধি কৰে আৰু ক্ৰিকেটৰ বিশ্ব মানচিত্ৰত দেশখনে কেনেদৰে নিজকে প্ৰতিষ্ঠা কৰে সেয়া অনাগত দিনত চাবলগীয়া হ'ব।