কানাডাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত আশা জীয়াই ৰাখিলে পাকিস্তানে

Story by  atv | Posted by  [email protected] • 4 Months ago
কানাডাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত আশা জীয়াই ৰাখিলে পাকিস্তানে
কানাডাক পৰাস্ত কৰি টি-২০ বিশ্বকাপত আশা জীয়াই ৰাখিলে পাকিস্তানে
 
নতুন দিল্লী
 
টি-২০ বিশ্বকাপত মৰণপণ মেচত কানাডাক ৭ উইকেটত পৰাস্ত কৰিলে পাকিস্তানে। টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় বাবৰ আজমে। ২০ অভাৰত কানাডাই কৰে ৭ উইকেটত ১০৬ ৰান। প্ৰত্যুত্তৰত ১৭.৩ অভাৰত ৩ উইকেটত ১০৭ ৰান কৰে পাকিস্তানে। এই জয়ৰ ফলত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ আশা জীয়াই ৰাখিলে বাবৰ বাহিনীয়ে।
 
নিউয়ৰ্কৰ নাছাউ কাউণ্টিত পাকিস্তানৰ বলিং আক্ৰমণৰ সন্মুখত অসহায় হৈ পৰে কানাডাৰ বেটিং লাইন আপ। অপেনাৰ এৰন জনছনেৰ ৪৪ বলত ৫২ ৰানৰ ইনিংছৰ বাদে কোনো এগৰাকী বেটছমেনেই ৰান নাপালে। কানাডাৰ হৈ দ্বিতীয় সৰ্বোচ্চ ৰান আঠ নম্বৰত বেটিং কৰা কালিম ছানাৰ ১৪ বলত অপৰাজিত ১৩। কানাডাৰ পাঁচজনকৈ বেটছমেনে দহকৰ ঘৰো অতিক্ৰম কৰিব নোৱাৰিলে।
 
ইনিংছ আৰম্ভণিৰে পৰা আগ্ৰাসী আছিল জনছন। তেওঁৰ ৪৪ বলৰ ইনিংছত আছিল ৪টা চাৰি আৰু চাৰিটা ছয়। ছানাই কোবায় এটা ছয়। ইয়াৰ উপৰি অধিনায়ক ছাদ বিন জাফৰে কৰে ২১ বলত ১০ ৰান। শেষত ৯ ৰানত অপৰাজিত আছিল ডিলন হেলিগাৰ। পাকিস্তানৰ সফলতম বলাৰ মহম্মদ আমিৰে ১৩ ৰানত ২টা উইকেট দখল কৰে। ২৬ ৰানত দুটা উইকেট লয় হেৰিছ ৰৌফে। ২১ ৰান খৰচ কৰি এটা উইকেট দখল কৰে শাহিন আফ্ৰিদিয়ে। ২৪ ৰানত এটা উইকেট লাভ কৰে নাছিম শ্বাহে।
 
জয়ৰ বাবে ১০৭ ৰানৰ লক্ষ্য লৈ ইনিংছ আৰম্ভ কৰে মহম্মদ ৰিজৱান আৰু ছাইম আয়ুবে। কিন্তু আৰম্ভণি ভাল কৰিব নোৱাৰিলে পাকিস্তান দলে। ১২ বলত ৬ ৰান কৰি আউট হয় আয়ুব। টি-২০ ক্ৰিকেটৰ পৰিচিত আগ্ৰাসন দেখা নগ’ল পাকিস্তানৰ বেটছমেনসকলৰ মাজত। পাৱাৰ প্লেৰ ৬ অভাৰত পাকিস্তানে কৰে ১ উইকেটত ২৮ ৰান। বাবৰ নমাৰ পিছত লাহে লাহে ৰানৰ গতি বৃদ্ধি পায়। ১০ অভাৰত ১ উইকেটত ৫৯ ৰান কৰে পাকিস্তানে। বাবৰে কৰে ৩৩ বলত ৩৩ ৰান। সহজ পৰিস্থিতিতো ব্যৰ্থ হয় চাৰি নম্বৰত অহাফখৰ জামান (৬ বলত ৪ ৰান)। বাবৰ আউট হোৱাৰ পিছত শেষপৰ্যন্ত ক্ৰীজ চম্ভালে ৰিজৱানে। তেওঁ শেষপৰ্যন্ত অপৰাজিত থাকি ৫৩ বলত ৫৩ ৰান কৰে।
 
কানাডাৰ হৈ হেলিগাৰে ১৮ ৰানত ২টা উইকেট লয়। ডেৰেমি গৰ্ডনে এটা উইকেট লাভ কৰে ১৭ ৰান খৰচ কৰি। এই মেচখনৰ পিছত পাকিস্তান আৰু কানাডা দুয়ো দলৰে তিনিখন মেচত ২ পইণ্ট হ’ল। নেট ৰান ৰেটত গ্ৰুপ ‘এ’ত পইণ্ট তালিকাত তৃতীয় স্থানত পাকিস্তান (০.১৯১)। চতুৰ্থ কানাডা (-০.৪৯৩)।