নতুন দিল্লী
ৰজত পাটিদাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰোৱাই ইতিহাস ৰচনা কৰিছে। মঙলবাৰে (২৬ মে’) ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত আইপিএল ২০২৬ৰ প্ৰথমটো কোৱালিফায়াৰ মেচত আৰচিবিয়ে গুজৰাট টাইটান্সক ৯২ ৰানৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে বেংগালুৰুৱে এতিয়া অহা দেওবাৰে (৩১ মে’) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খিতাপ যুঁজত অৱতীৰ্ণ হ’ব।
বেংগালুৰু দলটোৰ বাবে ইতিহাসত এয়া পঞ্চমটো ফাইনেল হ’ব। ইয়াৰ পূৰ্বে ‘মেন ইন ৰেড এণ্ড গ’ল্ড’ বাহিনীয়ে ২০০৯, ২০১১, ২০১৬ আৰু ২০২৫ চনত ফাইনেল খেলিছিল। প্ৰথম তিনিখন ফাইনেলত পৰাজিত হোৱাৰ পিছত, যোৱা বছৰ পঞ্জাৱ কিংছক (PBKS) হৰুৱাই বেংগালুৰুৱে প্ৰথমটো খিতাপ দখল কৰিছিল। এতিয়া দলটোৱে একেৰাহে দ্বিতীয় বছৰৰ বাবে খিতাপ জয়ৰ নিচেই কাষ চাপিছে।
ৰজত পাটিদাৰ বেংগালুৰুৰ ইতিহাসত আই পি এল বিজয়ী একমাত্ৰ অধিনায়ক। তেওঁ এতিয়া দলটোক পুনৰ এবাৰ খিতাপ জয়ৰ দিশে আগুৱাই লৈ গৈছে। ইয়াৰ লগতে তেওঁ দলটোক দুখন আইপিএল ফাইনেললৈ লৈ যোৱা প্ৰথমজন অধিনায়ক হিচাপেও পৰিগণিত হৈছে।
তেওঁৰ পূৰ্বে অনিল কুম্বলে (২০০৯), ডেনিয়েল ভেট্টৰী (২০১১) আৰু বিৰাট কোহলীৰ (২০১৬) অধিনায়কত্বত দলটোৱে ফাইনেলত স্থান লাভ কৰিছিল। পাটিদাৰে এতিয়া এই তিনিওজনকে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
আৰচিবিৰ ইতিহাসলৈ চালে ৰজত দুখন ফাইনাল খেলা তৃতীয়জন অধিনায়ক। তেওঁৰ পূৰ্বে ভেট্টৰী (২০১১ চেম্পিয়নছ লীগ টি-২০) আৰু স্মৃতি মন্ধানাই (ডব্লিউপিএলৰ দুখন ফাইনেল) এই কৃতিত্ব অৰ্জন কৰিছিল। ইয়াৰ উপৰিও, পাটিদাৰ বেংগালুৰুৰ এনে প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছে যিয়ে নিজৰ অধিনায়কত্বৰ প্ৰথম দুয়োটা ছিজনতে দলটোক আইপিএলৰ ফাইনেললৈ লৈ গৈছে।
ৰজতৰ নেতৃত্বত বেংগালুৰুৱে এতিয়ালৈকে তিনিখন প্লে-অফ মেচত জয়লাভ কৰিছে, যিটো এই ফ্ৰেঞ্চাইজিৰ যিকোনো অধিনায়কৰ বাবে সৰ্বাধিক জয়। ইয়াত যোৱা বছৰৰ প্ৰথম কোৱালিফায়াৰ, ফাইনেল আৰু এই বছৰৰ শেহতীয়া জয়টো অন্তৰ্ভুক্ত হৈ আছে।
৩২ বছৰীয়া ৰজত পাটিদাৰ আইপিএল ইতিহাসৰ দ্বিতীয়জন এনে অধিনায়ক, যিয়ে নিজৰ প্ৰথম দুটা ছিজনতে দলটোক ফাইনেললৈ লৈ গৈছে। তেওঁৰ পূৰ্বে কেৱল হাৰ্দিক পাণ্ডিয়াইহে এই সফলতা লাভ কৰিছিল। ইয়াৰ লগতে বেংগালুৰু এতিয়া চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটান্সৰ পিছত একেৰাহে দুখন ফাইনেল খেলা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে।