টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ হাতত ৩ উইকেটত পৰাস্ত নেদাৰলেণ্ড

Story by  atv | Posted by  [email protected] • 2 d ago
টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ হাতত ৩ উইকেটত পৰাস্ত নেদাৰলেণ্ড
টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ হাতত ৩ উইকেটত পৰাস্ত নেদাৰলেণ্ড
 
নতুন দিল্লী
 
পাকিস্তানে শনিবাৰে টি-২০ বিশ্বকাপৰ উদ্বোধনী খেলত নেদাৰলেণ্ডক তিনি উইকেটত পৰাস্ত কৰে।
 
বেটিং কৰিবলৈ নামি নেডাৰলেণ্ডে শক্তিশালী আৰম্ভণিৰ পিছত ইনিংছৰ শেষৰ অংশত বিচলিত হৈছিল আৰু পাকিস্তানৰ সন্মুখত ১৯.৫ অভাৰত ১৪৭ ৰানৰ লক্ষ্য বান্ধি দিছিল।
 
প্ৰত্যুত্তৰত, অপেনাৰ ছাহিবজাদা ফাৰহানে ৩১টা বলত ৪৭ ৰাণ কৰে, আনহাতে ফাহিম আশ্ৰফে ১১টা বলত ২৯ ৰাণ কৰি পাকিস্তানক লক্ষ্যত উপনীত হোৱাত সহায় কৰে।
 
নেদাৰলেণ্ডৰ হৈ পল ভ্যান মীকেৰেন (২/২০) আৰু আৰিয়ান দত্ত (২/৩৩) আছিল সফল বলাৰ।
 
নেদাৰলেণ্ডঃ ১৯.৫ অভাৰত ১৪৭ ৰান অল আউট (স্কট এডৱাৰ্ডছ ৩৭, বাছ ডি লিডে ৩০; ছলমান মিৰ্জা ৩/২৪, ছাইম আয়ুব ২/৭, মহম্মদ নৱাজ ২/৩৮, আব্ৰাৰ আহমেদ ২/২৩)।
 
পাকিস্তানঃ ১৯.৩ অভাৰত ৭ উইকেটত ১৪৮ ৰান (ছাহিবজাদা ফাৰহান ৪৭, ফাহীম আশ্ৰফ ২৯ নট আউট, পল ভান মীকেৰেন ২/২০, আৰিয়ান দত্ত ২/৩৩)।