কূটনৈতিক উত্তেজনাৰ মাজতে আজিৰ পৰা আৰম্ভ টি-২০ বিশ্বকাপ

Story by  atv | Posted by  [email protected] • 2 d ago
কূটনৈতিক উত্তেজনাৰ মাজতে আজিৰ পৰা আৰম্ভ টি-২০ বিশ্বকাপ
কূটনৈতিক উত্তেজনাৰ মাজতে আজিৰ পৰা আৰম্ভ টি-২০ বিশ্বকাপ
 
নতুন দিল্লী
 
কলম্বোৰ এছ এছ চি খেলপথাৰত শনিবাৰে পুৱা ১১ বজাত প্ৰথম বল পৰাৰ লগে লগে, হয়তো সৰ্বকালৰ আটাইতকৈ বিতৰ্কিত টি-২০ বিশ্বকাপ আৰম্ভ হ’ল৷ কেৱল ভাৰতৰ খেলখন পাকিস্তানে বৰ্জন কৰাৰ ফলত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে পৰিৱেশ বিনষ্ট হৈছে৷
 
এই প্ৰতিযোগিতাখন তিনিটা ভেন্যুত ছটা দলৰ মাজত তিনিখন মেচৰে আৰম্ভ হ’ব। কলম্বোৰ এছ এছ চি খেলপথাৰত পুৱা ১১ বজাত নেদাৰলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে খেলিব, আনহাতে দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজে বিয়লি ৩ বজাত কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সন্ধিয়া ৭ বজাত আয়োজক ভাৰতে পুনৰুত্থানশীল আমেৰিকাৰ দলৰ বিৰুদ্ধে খেলিব, তাৰ পূৰ্বে ৬ বজাত উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷
 
সকলোৰে দৃষ্টি থাকিব মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত, কাৰণ সূৰ্যকুমাৰ যাদৱৰ যুৱ দলটোৱে আটাইতকৈ চুটি ফৰ্মেটত তৃতীয়টো কাপ জয় কৰি ইতিহাস ৰচনাৰ চেষ্টা চলাব।
 
টুৰ্ণামেণ্টৰ ফৰ্মেট পূৰ্বৰ সংস্কৰণৰ দৰেই হ’ব ৷ ২০টা দলক পাঁচটাকৈ দলৰ চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ২১ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া ছুপাৰ ৮ লৈ আগবাঢ়িব আৰু তাৰ পিছত ৪ আৰু ৫ মাৰ্চত কলকাতা আৰু মুম্বাইত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু পাকিস্তানে যোগ্যতা অৰ্জন কৰিলে কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।
 
এই গ্ৰুপিঙে নিশ্চিত কৰে যে শীৰ্ষ আঠটা ৰেংকিঙৰ দল (ভাৰত, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, শ্ৰীলংকা, পাকিস্তান, ইংলেণ্ড, আৰু নিউজীলেণ্ড)ৰ ছুপাৰ ৮ত প্ৰৱেশৰ সম্ভাৱনা ৯০ শতাংশতকৈ অধিক, যাৰ ফলত উত্তেজনা, ষ্টেডিয়াম আৰু ৰাজহ অব্যাহত থকাটো নিশ্চিত হয়, যদিহে সৰু দল, প্ৰতিযোগিতাত জয়ী হোৱাৰ সম্ভাৱনা কম বুলি ভবা কোনো দলে অঘটন সংঘটিত নকৰে৷
 
ভাৰত বনাম পাকিস্তানৰ বিতৰ্কৰ বাবেই এই প্ৰতিযোগিতাখনে ইতিমধ্যে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া সকলোতকৈ ডাঙৰ, ৰোমাঞ্চকৰ আৰু ব্যয়বহুল মেচখন পাকিস্তান চৰকাৰে বৰ্জনৰ ঘোষণা কৰাৰ পাছতেই আয়োজকসকলক বাণিজ্যিকভাবে ক্ষতিগ্ৰস্ত হৈছে৷
 
আই চি চিৰ নিয়ম অনুসৰি ভাৰতে কলম্বোলৈ যাত্ৰা কৰিব আৰু গ্ৰুপৰ তৃতীয়খন খেলৰ পৰা দুটা পইণ্ট লাভ কৰিব৷ ইয়াৰ পিছতে নেদাৰলেণ্ডৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল আৰু ২১ ফেব্ৰুৱাৰীত প্ৰথমখন ছুপাৰ ৮ মেচৰ বাবে আহমেদাবাদলৈ যাত্ৰা কৰিব।
 
২ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচৰ লগে লগে প্ৰতিযোগিতাখনৰ উত্তেজনা বৃদ্ধি পাইছে, প্ৰাৰম্ভিক পৰ্যায়ত কেইবাজনো প্ৰতিদ্বন্দ্বীয়ে ভাল প্ৰদৰ্শন আগবঢ়ায়৷ উচ্চ স্ক’ৰ কৰা ৱাৰ্ম আপ মেচত ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰাণত পৰাস্ত কৰাৰ বিপৰীতে ঈশান কিষানে ২০টা বলত ৫৩ ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানে সহজেই স্কটলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়লাভ কৰে৷ নেপাল আৰু ওমান দুয়োখনেই নিজৰ নিজৰ প্ৰস্তুতিমূলক মেচত আত্মবিশ্বাসীৰে জয়লাভ কৰে।