১১৩ ৰান সংগ্ৰহেৰে লৰ্ডছৰ অনাৰ্ছ ব'ৰ্ডত স্থান লাভ মহিলা ক্ৰিকেটাৰ যশস্তিকা ভাটিয়াৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
মহিলা ক্ৰিকেটাৰ যশস্তিকা ভাটিয়া
মহিলা ক্ৰিকেটাৰ যশস্তিকা ভাটিয়া
লণ্ডন

ভাৰতীয় মহিলা ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিলে বেটছমেন যস্তিকা ভাটিয়াই।  ইংলেণ্ডৰ বিৰুদ্ধে স্মৰণীয় ১১৩ ৰান সংগ্ৰহ কৰি আইকনিক অনাৰ্ছ ব’ৰ্ডত নিজৰ নাম খোদিত কৰি ‘হোম অৱ ক্ৰিকেট’ত ভাৰতীয় ক্ৰিকেটৰ চহকী ইতিহাসত আন এক গৌৰৱময় অধ্যায় সংযোজন কৰে। 
 
ভাৰতৰ একক টেষ্ট মেচৰ দ্বিতীয় ইনিংছত মহিলা টেষ্ট ক্ৰিকেট আৰম্ভ হোৱাৰ পাছত লৰ্ডছত শতক পঞ্জীয়ন কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় যস্তিকা। এই প্ৰক্ৰিয়াত ভাটিয়াই ১৩ জন ভাৰতীয় বেটছমেনৰ অভিজাত তালিকাত যোগদান কৰে, য’ত বিনু মানকাদ, দিলীপ ভেংছাৰকাৰ, মহম্মদ আজহাৰুদ্দিন, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, কে এল ৰাহুল আৰু অজিংক্য ৰাহানেকে ধৰি কিংবদন্তি বেটছমেনে লৰ্ডছত টেষ্ট মেচত শতক অৰ্জন কৰিছিল।
 
একক টেষ্ট মেচৰ তৃতীয় দিনা ৩৯ ৰানত অপৰাজিত অৱস্থাৰ পৰা ইনিংছ পুনৰ আৰম্ভ কৰা যস্তিকাই অসাধাৰণ ধৈৰ্য আৰু নিখুঁত বেটিঙেৰে ১৪৫টা বলত নিজৰ প্ৰথম টেষ্ট শতক সম্পূৰ্ণ কৰে। এক্সট্ৰা কভাৰৰ মাজেৰে মনোমোহা বাউণ্ডেৰীৰে শতক সম্পূৰ্ণ কৰাৰ পিছত আৱেগিক উদযাপনেৰে এই বিশেষ মুহূৰ্ত উদযাপন কৰে।
 
তেওঁৰ ১১৩ ৰানৰ ইনিংছত আছিল ১৪টা চাৰি। অৱশেষত ইংলেণ্ডৰ স্পিনাৰ ছ'ফী এক্লেষ্টনক আক্ৰমণাত্মক শ্বট খেলিবলৈ গৈ এক্সট্ৰা কভাৰত কেচ আউট হয়। পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত দৰ্শক, মেৰিলেবন ক্ৰিকেট ক্লাব(MCC)-ৰ সদস্য আৰু ইংলেণ্ড দলৰ খেলুৱৈসকলে থিয় হৈ হাত চাপৰিৰে তেওঁৰ ঐতিহাসিক ইনিংছক শলাগ লয়। 
 
এই শতক যস্তিকাৰ বাবে এক বিশেষ প্ৰত্যাৱৰ্তনৰ কাহিনীয়ো। আঁঠুৰ অস্ত্ৰোপচাৰৰ পিছত চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি অহা তেওঁ ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণিতে প্ৰথম টি-২০ত অৰ্ধশতক অৰ্জন কৰিছিল আৰু ভ্ৰমণৰ অন্তত টেষ্ট কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ উপহাৰ দিয়ে।
 
ভাৰতৰ দ্বিতীয় ইনিংছত স্মৃতি মন্ধানাই ৭০ ৰান আৰু ঋচা ঘোষে অপৰাজিত ৫০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইয়াৰ ফলত ভাৰতে ৭ উইকেটত ৩৪১ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে আৰু ইংলেণ্ডৰ সন্মুখত ৪৫৭ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ পেচাৰ ক্ৰান্তি গৌড়ও লৰ্ডছত ইতিহাস গঢ়িছিল। ইংলেণ্ডৰ প্ৰথম ইনিংছত ৩৭ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰি লৰ্ডছৰ অনাৰ্ছ ব’ৰ্ডত নাম অন্তৰ্ভুক্ত কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।
 
আনহাতে, ইংলেণ্ডৰ স্পিনাৰ ছ'ফী এক্লেষ্টনেও ভাৰতৰ দ্বিতীয় ইনিংছত ১১৮ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰি লৰ্ডছত টেষ্টত পাঁচ উইকেট লাভ কৰা প্ৰথমগৰাকী ইংৰাজ মহিলা ক্ৰিকেটাৰ হিচাপে অনাৰ্ছ ব’ৰ্ডত স্থান লাভ কৰে। মুঠ ৫৫.২ অভাৰ বলিং কৰি তেওঁ মেচখনত ৮টা উইকেট দখল কৰে। 
 
তৃতীয় দিনৰ খেল সমাপ্তিৰ সময়ত ইংলেণ্ডৰ স্ক'ৰ আছিল ৬ উইকেটত ১৩০ ৰান। জয়ৰ বাবে দলটোক তেতিয়াও ৩২৭ ৰানৰ প্ৰয়োজন, হাতত মাত্ৰ ৪টা উইকেট। ফলত ঐতিহাসিক জয়ৰ একেবাৰে ওচৰ চাপিছে ভাৰত।