দুৰ্ঘটনাত পতিত অক্ষয় কুমাৰৰ কনভয়, আহত দুই

Story by  atv | Posted by  [email protected] • 18 h ago
দুৰ্ঘটনাত পতিত অক্ষয় কুমাৰৰ কনভয়, আহত দুই
দুৰ্ঘটনাত পতিত অক্ষয় কুমাৰৰ কনভয়, আহত দুই
 
হায়দৰাবাদ
 
এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। অক্ষয় কুমাৰৰ নিৰাপত্তাৰক্ষীৰ গাড়ীখন সোমবাৰে নিশা মুম্বাইৰ জুহু অঞ্চলত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়৷ 
 
জানিব পৰা মতে, অভিনেতাগৰাকীৰ নিৰাপত্তাৰক্ষীৰ বাহনখন এখন অটোৰিক্সা, দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাত গুৰুতৰভাৱে দুজন লোক আহত হৈছে। আহতসকলৰ ভিতৰত এজন অটোৰিক্সা চালকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত অভিনেতা অক্ষয় কুমাৰ নাছিল। 
 
জানিব পৰা মতে, নিশা প্ৰায় ৯ বজাত অক্ষয় কুমাৰ মুম্বাই বিমানবন্দৰৰ পৰা ঘৰলৈ উভতি আহিছিল। জুহুৰ ওচৰতে এখন গাড়ীয়ে প্ৰথমে পিছফালৰ পৰা অটোৰিক্সা এখনত খুন্দা মাৰে। তাৰ পিছত ওলোটা হৈ অক্ষয়ৰ কনভয়ত খুন্দা মাৰে। অক্ষয় আৰু টুইংকল গাড়ীত নাছিল। এই দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। দুৰ্ঘটনাটোত অটোখন চূৰমাৰ হৈ পৰে। স্থানীয় লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। কোনোমতে চালকজনক অটোৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চালকজন। তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চালকজনৰ ভাতৃয়ে।
 
অটো চালকজনৰ ভাতৃ মহম্মদ সমীৰে এএনআইক জনোৱা মতে, "নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছে এই কাণ্ড। মোৰ ভাইটিৰ অটো সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে। তেওঁৰ অৱস্থা সংকটজনক। আমাৰ একমাত্ৰ অনুৰোধ যে মোৰ ভাইটিয়ে উপযুক্ত চিকিৎসা সেৱা লাভ কৰক।" ইয়াৰ সমান্তৰালকৈ আহত চালকজনৰ ভাতৃয়ে ক্ষতিপূৰণ আৰু চিকিৎসাৰ সকলো খৰচৰ দাবী জনাইছে। এই ঘটনাক লৈ এতিয়ালৈকে অক্ষয় কুমাৰ বা তেওঁৰ দলৰ কোনো সঁহাৰি অহা নাই।