ৰাজস্থানৰ কোটা জংচনত অসমৰ CRPF জোৱানৰ মৃতদেহ উদ্ধাৰ

Story by  atv | Posted by  Munni Begum • 8 h ago
CRPF জোৱান অমৰেন্দ্ৰ ৰায়
CRPF জোৱান অমৰেন্দ্ৰ ৰায়
 
গুৱাহাটী
 
এসপ্তাহতকৈ অধিক সময় ধৰি নিৰুদ্দেশ হৈ থকা অসমৰ এজন চিআৰপিএফ জোৱানৰ মৃতদেহ ৰাজস্থানৰ কোটা জংচন ৰে'ল ষ্টেচনত উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে।
 
মৃত জোৱানজন হৈছে অমৰেন্দ্ৰ ৰায়। তেওঁৰ ঘৰ বঙাইগাঁও জিলাৰ মানিকপুৰত। মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা পৰিচয়পত্ৰৰ জৰিয়তে আৰক্ষীয়ে তেওঁৰ পৰিচয় নিশ্চিত কৰে। 
 
প্ৰাপ্ত তথ্য অনুসৰি, অমৰেন্দ্ৰ ৰায়ে ২ জুলাই চিৰাং জিলাৰ বিজনীৰ পৰা নিজৰ কৰ্মস্থলীলৈ যাত্ৰা আৰম্ভ কৰিছিল। ৩ জুলাইত তেওঁ উত্তৰ প্ৰদেশৰ টুন্দলা জংচনত নামি আগ্ৰা ফ'ৰ্টৰ ওচৰৰ এখন হোটেলত নিশা কটাইছিল। 
 
ইয়াৰ পিছদিনা, অৰ্থাৎ ৪ জুলাইত তেওঁ আগ্ৰা ইদগাহ ৰে'ল ষ্টেচনৰ পৰা এখন ৰে'লত উঠিছিল। কিন্তু ৰে'লত উঠাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে তেওঁৰ সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু তাৰ পিছত তেওঁ নিৰুদ্দেশ হৈ আছিল। পিছত ৰাজস্থানৰ কোটা জংচনত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
 
ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ কাৰণ আৰু ঘটনাৰ আঁৰৰ প্ৰকৃত তথ্য এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।