গুৱাহাটী
২০১৬ চনৰ পৰা ২০২৫ চনলৈকে অসমত বান, ভূমিস্খলন, ধুমুহা আৰু বজ্ৰপাতৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত মুঠ ১,৪৭৬ জন লোকে প্ৰাণ হেৰুৱাইছে। একে সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৫৭,৫৬,৭০০ বিঘা কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নদী খহনীয়াত ২,৩১,১০০ বিঘা মাটি হেৰাই গৈছে।
শনিবাৰে অসম বিধানসভাত কংগ্ৰেছৰ বিধায়ক ৰকিবউদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এই তথ্য সদৰী কৰে।
মন্ত্ৰী মহন্তই জনোৱা মতে, ২০১৬-২০২৫ সময়ছোৱাত কেৱল বানৰ ফলতেই ৮৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও বজ্ৰপাতত ৩৭২ জন, ধুমুহাত ১৭৫ জন আৰু ভূমিস্খলনত ৯৩ জন লোকৰ মৃত্যু হৈছে।
মন্ত্ৰীগৰাকীয়ে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, বছৰভিত্তিক বানত মৃত্যুৰ সংখ্যা হৈছে — ২০১৬ - ৬৪ জন, ২০১৭ - ১৬০ জন, ২০১৮ - ৪৫ জন, ২০১৯ - ১০১ জন, ২০২০ - ১২৪ জন, ২০২১ - ৮ জন, ২০২২ - ১৮১ জন, ২০২৩ - ১৮ জন, ২০২৪ - ১১০ জন, ২০২৫ - ২৫ জন।
মন্ত্ৰী মহন্তই লগতে কয় যে ২০১৬ চনৰ পৰা চলিত বৰ্ষলৈকে সংঘটিত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনৰ মুঠ ৫৭,৫৬,৭০০ বিঘা কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, নদী খহনীয়াৰ ফলত এই সময়ছোৱাত ২,৩১,১০০ বিঘা মাটি নদীগৰ্ভত বিলীন হৈছে।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটে বিজেপি চৰকাৰৰ ‘সংকল্প পত্ৰ’ৰ প্ৰতিফলন ঘটাইছে। বাজেটখনত মূলধনী ব্যয়ত উল্লেখযোগ্য বৃদ্ধি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু বিদ্যুৎ খণ্ডত বৃহৎ বিনিয়োগৰ লগতে জনকল্যাণ, নাৰী সবলীকৰণ আৰু পৰিৱেশ সংৰক্ষণক অগ্ৰাধিকাৰ দিয়া হৈছে।
অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত এটা দশকত ৰাজ্যখনৰ মূলধনী ব্যয় প্ৰায় দহগুণ বৃদ্ধি পাইছে।
তেওঁ কয়, “২০১৫-১৬ বৰ্ষত ৰাজ্যৰ মূলধনী ব্যয় আছিল ২,৯৫১ কোটি টকা। চলিত বাজেটত সেই পৰিমাণ প্ৰায় ২৯,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। বিভিন্ন খণ্ডত কৰ ৰেহাইৰ প্ৰস্তাৱ দিয়া হৈছে। পৰিৱেশ প্ৰদূষণকাৰী উদ্যোগসমূহৰ ওপৰত ‘গ্ৰীণ চেছ’ আৰোপৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ পৰা সংগৃহীত ধন জলবায়ু পৰিৱৰ্তন মোকাবিলা আৰু সেউজীয়া পদক্ষেপত ব্যয় কৰা হ’ব। এই বাজেট আমাৰ ‘সংকল্প পত্ৰ’ৰেই প্ৰতিফলন।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে দুই লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।