গুৱাহাটীত ২ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 5 d ago
গুৱাহাটীত ২ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীত ২ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
 
গুৱাহাটী
 
ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ঘোষণা কৰা 'জিৰ’ টলাৰেন্স' নীতিৰ অংশস্বৰূপে গুৱাহাটী মহানগৰীৰ আনন্দ নগৰত আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। বুধবাৰে নিশা চলোৱা এক অভিযানত গুৱাহাটী আৰক্ষীয়ে প্ৰায় ২ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা অনুসৰি, গুৱাহাটী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আনন্দ নগৰত এই অতৰ্কিত অভিযান চলাইছিল। অভিযান কালত সৰবৰাহকাৰী দুটাই চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ৩৬০ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই পৰিমাণৰ হেৰ’ইনৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে।
 

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া এক অতি গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, এই ড্ৰাগছখিনি অসমৰ কোনো চুবুৰীয়া ৰাজ্যৰ পৰা যোগান ধৰা হৈছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে এটা আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই অসমত জাল পেলাবলৈ চেষ্টা কৰিছে। অৱশ্যে তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যখনৰ নাম বৰ্তমান ৰাজহুৱা কৰা নাই।
 
মুখ্যমন্ত্ৰীয়ে এই সফলতাত আৰক্ষীক প্ৰশংসা কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীসকলক এক কঠোৰ বাৰ্তা দিছে। তেওঁ কয় যে "Soap of Sin অতি সোনকালেই ধৰা পৰিব। চৰকাৰৰ এই অভিযান অধিক তীব্ৰতৰ হ’ব বুলিও তেওঁ উল্লেখ কৰে।