কেন্দ্ৰীয় ৱাকফ পৰিষদৰ প্ৰাক্তন সদস্য হানিফ আলীৰ দেহাৱসান

Story by  atv | Posted by  Munni Begum • 1 Years ago
হানিফ আলী
হানিফ আলী
 
হায়দৰাবাদ
 
কেন্দ্ৰীয় ৱাকফ পৰিষদৰ প্ৰাক্তন সদস্য হানিফ আলীয়ে সোমবাৰে নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হায়দৰাবাদৰ নিজৰ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। 
 
ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা দুবাৰৰ তেলেংগানা সংখ্যালঘু মৰ্চাৰ সভাপতি আলীয়ে হায়দৰাবাদৰ বাহাদুৰপুৰা সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।   
 
ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্য চৈয়দা ছাজাদীয়ে কয় যে মুছলমান সম্প্ৰদায়ে নিজৰ এগৰাকী নেতাক হেৰুৱাই পেলোৱাৰ বাবে ই এক ডাঙৰ ক্ষতি। 
 
তেওঁ লগতে কয়, "আমি হানিফ আলীৰ মৃত্যুৰ খবৰ জানি পাই দুখিত। এইটো তেলেংগানাৰ মুছলমান সমাজৰ বাবে দুখজনক। তেওঁ মুছলমান সমাজৰ বাবে বহু কাম কৰিছে। যেতিয়া তেওঁ কেন্দ্ৰীয় ৱাকফ পৰিষদৰ সদস্য আছিল তেতিয়া তেওঁ নিজৰ কৰ্তব্য ভালদৰে পালন কৰিছিল। ডাঙৰ ক্ষতি হৈছে আমি এগৰাকী নেতাক হেৰুৱাইছো।