নতুন দিল্লী
পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ কথিত মাষ্টাৰমাইণ্ড ৱাণ্টেড অপৰাধী গোল্ডি ব্ৰাৰ ওৰফে সতীন্দৰজিৎ সিঙক সন্ত্ৰাসবাদ বিৰোধী আইন ইউএপিএৰ অধীনত সন্ত্ৰাসবাদী হিচাপে অভিহিত কৰা হৈছে।
কানাডাত থকাৰ সন্দেহ কৰা ব্ৰাৰক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ) আৰু বিভিন্ন ৰাজ্যই বিচাৰি আছে।
যোৱা বছৰৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাৰ নিজা গাওঁ মুছাৰ সমীপত তেওঁৰ এছ ইউ ভি গাড়ীখনত গুলীয়াই হত্যা কৰিছিল সিদ্ধু মুছেৱালাক।
পিছত গোল্ডি ব্ৰাৰে ফেচবুক পোষ্টত স্বীকাৰ কৰিছিল যে তেওঁ আন এজন গেংষ্টাৰৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল।