জুবিনৰ মৃত্যুৰ গোচৰৰ চার্জশ্বীট পঢ়ি গৰিমা গাৰ্গৰ আৱেগিক প'ষ্ট

Story by  atv | Posted by  [email protected] • 2 h ago
জুবিনৰ মৃত্যুৰ গোচৰৰ চার্জশ্বীট পঢ়ি গৰিমা গাৰ্গৰ আৱেগিক প'ষ্ট
জুবিনৰ মৃত্যুৰ গোচৰৰ চার্জশ্বীট পঢ়ি গৰিমা গাৰ্গৰ আৱেগিক প'ষ্ট
 
গুৱাহাটী
 
আজিও ৰহস্যৰ আৱৰ্তত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু। ১৯ ছেপ্টেম্বৰত অসমবাসীয়ে হেৰুৱাইছিল হিয়াৰ আমঠু জুবিন গাৰ্গক। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বহুচৰ্চিত অভিযোগনামা আদালতত দাখিল কৰা হয়। SITয়ে CJM আদালতত চাৰ্জশ্বীট দাখিল কৰে।
 
জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অভিযোগনামা লাভ কৰে শিল্পীগৰাকীৰ পত্নী গৰিমা গার্গে। চার্জশ্বীটখন পঢ়ি গৰিমা গার্গে সামাজিক মাধ্যমত লিখিছে এটা আৱেগিক পষ্ট। এই লেখাত তেওঁ বিভিন্ন সন্দেহজনক দিশ আঙুলিয়াই দিয়াৰ উপৰি তেওঁৰ স্বামী জুবিন গাৰ্গক বিশ্বস্ত সহযোগীসকলে কিদৰে মৃত্যুৰ মুখলৈ ঠেলি দিছিল সেই সন্দর্ভত কেতবোৰ বেদনা দায়ক কথাৰো অৱতাৰণা কৰিছে। এনে বহু কথাৰ অৱতাৰণা কৰি তেওঁ লিখিছে জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া 'অসুৰবোৰে পৃথিৱীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক।' লগতে তেওঁ য়টত থকা প্রবাসী অসমীয়াসকলকো সমানে জগৰীয়া কৰিছে।
 
গৰিমা গাৰ্গৰ প'ষ্টৰ কিয়দংশ এনেধৰণৰ 'জুবিন নাই বুলি আজিও মানি ল'ব পৰা নাই। কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুর্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল আমাৰ ঘৰখনেই থানবান হৈ দুর্ভাগ্যৰ এটা দিনতে বৈ যোৱা নাই, গোটেই অসমখনৰেই আত্মা যেন স্থবিৰ হৈ ৰৈ গ'ল এটা প্রচণ্ড আঘাতত। তাতোকৈ প্রচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ স'তে জড়িত হৈ পৰিল বুকু ফাটি যোৱা অসহনীয় এক শব্দ 'হত্যা'। এটা দীঘলীয়া তদন্ত প্রক্রিয়া চলিল আৰু অৱশেষত সকলোৰে প্রতীক্ষিত চার্জশিট দাখিল হ'ল। এই চার্জশ্বীটক লৈ বহু আলোচনা চলি আছে। কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছিলো। অসহনীয় কথাবোৰ বাৰে বাৰে সহ্য কৰি পঢ়িবলৈ আপ্রাণ চেষ্টা কৰিছো। আইনৰ বিষয়ত সপক্ষে বা বিপক্ষে মন্তব্য দিয়াৰ জ্ঞান আমাৰ একেবাৰে সীমিত। তথাপি এই মুহূর্তত মনলৈ অহা দুটামান কথা ক'ব বিচাৰিছো।' ইয়াৰ পিছত তেওঁ লিখিছে- 'ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থাক লৈ কেইবাদিন আগৰে পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল।
 
শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা এছ এছ ডিত কম বুকিঙৰ যি লিষ্ট পোৱা গৈছে তাত উল্লেখ আছে যে প্রথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত। ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধার্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে। প্রথমে কেবল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা কমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পিছত আকৌ তিনিটা কম বুক কৰি টীমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয়। আনহাতে সিদ্ধার্থৰ ষ্টেটমেণ্টত কৈছে যে প্রথমে জুবিনৰ টীমৰ বাবে ঠিক কৰা হৈছিল হোটেল 'দা ভিজেল'। কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পিছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতে কৰা হৈছে বুলি জনায়। যিজন ব্যক্তিক এটা ডাঙৰ ফেষ্টিভেলৰ ব্রেণ্ড এম্বেছেডৰ হিচাপে নিমন্ত্রণ কৰিছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল, সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থাক লৈ ইমান খেলিমেলি কিয়? জুবিন গাৰ্গৰ কম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয়? এইক্ষেত্রত মেনেজাৰ হিচাপে সিদ্ধার্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ জুবিনক সন্মানসহকাৰে ৰখাৰ দায়িত্ব আছিল। জুবিন গার্গে অসমতে হওক বা দেশৰ আন কোনো ঠাইতেই হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ কম কেনেকৈ, কাৰ নামত বুক কৰা হৈছে সেয়া পৰীক্ষা নকৰে। সদায় মেনেজাৰ বা আয়োজকে এই কাম কৰে। গতিকে হোটেলৰ ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিঃসন্দেহে জুবিনে জনা নাছিল। এই কথাবোৰত নিশ্চয় কু-অভিসন্ধি আছিল। এই অভিসন্ধি আদালতৰ মজিয়াত প্রমাণসহ প্রতিষ্ঠা হওক।' শ্যামকানু মহন্তৰ ভাষ্যক লৈ তেওঁ লিখিছে- 'জুবিনক হেনো মতা নাছিল। নিজেই গৈছিল। অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে প'ষ্টাৰ বনাই প্রচাৰ কৰি আছিল। এজন শিল্পীক আমন্ত্রণ জনালে যি লিখিত এগ্রিমেণ্ট হ'ব লাগে, তেনে কোনো এগ্রিমেণ্ট কৰা হোৱা নাছিল।
 

মেনেজাৰ হিচাপে সিদ্ধার্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূর্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষাৰ দিশটো। সিদ্ধার্থই বিশেষভাবে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ কথা। চার্জশ্বীট পঢ়ি জানিব পাৰিছো জুবিন গাৰ্গব 'ৱান লাষ্ট ট্যুৰ' বুলি দহখন চিটিৰ ট্যুৰ এটা সিদ্ধার্থই প্লেন কৰিছিল। য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব। এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো, নাজানিছিলো। আনকি তেওঁৰ বেণ্ড বা পৰিয়ালৰ লোকেও জনা নাছিল। চার্জশ্বীটৰ পৰা জানিব পাৰিছো যে সিদ্ধার্থই বহু কমিটীৰ পৰা এই বছৰ 'জুবিনদাই শেষবাৰৰ বাবে অনুষ্ঠান কৰিব' বুলি কৈ মাননিও বঢ়াই লৈছিল। যি মাননিৰ পৰিমাণ ৰেকৰ্ডত লিখা নাছিল। এনেক্ষেত্রত প্রশ্ন উঠে- শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি?' ৭৫ মিনিটলৈকে চিকিৎসা অবিহনে জুবিনক পেলাই থোৱা বুলি চার্জশ্বীটত উল্লেখ আছে। এই সন্দর্ভত গৰিমা গার্গে লিখিছে- 'য়টত থকা কোনোৱে কিয় নিৰাপত্তাৰ দিশটো নাভাবিলে? যিকোনো অনুষ্ঠানৰ বাবে প্রথমে সুৰক্ষাৰ কথাটো চিন্তা কৰিব লাগে। দীর্ঘ সময়ৰ বাবে তেওঁক কোনো চিকিৎসা নোহোৱাকৈ পেলাই বখা হ'ল- যিজন মানুহে বাটে-ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয়, জীৱ-জন্তু, চৰাই-চিৰিকটিকো চিকিৎসাৰ বাবে তুলি সুস্থ কৰি তোলে, তেনে এজন ব্যক্তিক ইমান অনাদৰ কিয় কৰা হ'ল? আমাৰ দৃষ্টিত এই য়টখনত থকা প্রতিজন মানুহেই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহক। পানীৰ পৰা তুলি অনাৰ পিছত প্রশিক্ষণ নথকা মানুহে তেওঁক চি পি আৰ দিছিল। তেওঁৰ কামিহাড় ভাঙিছে, মূৰতো আঘাত আছিল। কেনেকৈ, ক'ত সেই আঘাত পাইছিল। হাওঁফাওঁত পানী জমা হৈ আছিল। ছিংগাপুৰৰ এজনে কৈছে য়টত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল। বহুত কষ্ট পালে তেওঁ। এই কথাবোৰ ভাবিবলৈ ভয় লাগে, বুকু কঁপি যায়। এই গোটেইবোৰ মানুহ নহয়, একো একোটা দানৱ। যাৰবাবে আমি আমাৰ মানুহজনক হেৰুৱালো। ন্যায় ব্যবস্থাৰ ওপৰত আস্থা বাখি খুব ধৈর্য আৰু সংযমেৰে আমি অপেক্ষা কৰিছো। এই অসুৰবোৰে পৃথিবীৰ আটাইতকৈ ভয়ানক শাস্তি পাওক। এতিয়া যিহেতু সকলো ন্যায় ব্যবস্থাৰ অধীনত, এই সময়ত আমি আশা কৰিছো এছ আই টিয়ে দাখিল কৰা চার্জশ্বীটখন উপযুক্ত সাক্ষ্য-প্রমাণ আৰু তথ্যৰে পানী নসৰাকৈ দাখিল কৰিছে। চৰকাৰী আইনজ্ঞসকলেও নিশ্চয় সকলো চালি-জাৰি চাইছে।
 
অভিযুক্তকেইজনক আদালতত দোষী সাব্যস্ত কৰিবৰ বাবে যদি কিবা আবশ্যক আছে তেন্তে আমাৰ একান্ত অনুৰোধ- এছ আই টি আৰু চৰকাৰী আইনজ্ঞসকলে আকৌ এবাৰ বিভিউ কৰি প্রয়োজনীয় আইনী পদক্ষেপখিনি যাতে লয়। আমি একান্তভাবে বিচাৰিছো ফাষ্টট্রেক আদালত। য'ত জুবিনৰ কেছৰ দৈনিক শুনানি হয়। তিনিশতকৈ অধিক সাক্ষীৰ শুনানি ল'বলৈ বহু বছৰ লাগিব। গতিকে চৰকাৰলৈ বিশেষ অনুবোধ যাতে সবল লোকঅধিবক্তাৰ টীম গঠন কৰি দিয়ে। জুবিন গার্গে যদি ন্যায়ৰ পৰা বঞ্চিত হ'বলগীয়া হয়, তেন্তে আন জনগণৰ বাবে ন্যায় কি হ'ব? ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আৰু বাৰ কাউন্সিল, ৰাইজৰ সহযোগ বিচাৰিছো আমাৰ এই ন্যায় যাত্রাত।
#JusticeForZubeenGarg'
 
দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পোৱাৰ কামনা কৰিছে গৰিমা গার্গে। মুহূৰ্তৰ ভিতৰতে গৰিমাৰ এই পোষ্টটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়।