প্রচণ্ড শীতৰ বাবে কামৰূপ (মহানগৰ) জিলাত এসপ্তাহৰ বাবে বিদ্যালয় বন্ধ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
পুহমহীয়া প্রচণ্ড শীতৰ প্রতি লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) জিলাত এসপ্তাহৰ বাবে সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।
 
সেই অনুসৰি জিলাখনত আজিৰে পৰা ৬ জানুৱাৰীলৈ সকলো চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয় বন্ধ থাকিব। জিলা আয়ুক্তৰ অনুমোদনমর্মে বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয় বন্ধ থকা সন্দর্ভত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীলৈ নিৰ্দেশনা জাৰি কৰিছে।
 
নির্দেশনাত উল্লেখ থকা অনুসৰি বন্ধৰ সময়ছোৱাত কোনো শৈক্ষিক বা সহঃপাঠ্যক্ৰমৰ কাৰ্যকলাপ নোহোৱাটো শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে নিশ্চিত কৰিব লাগিব। 
 
আনহাতে ছাত্র-ছাত্রীৰ স্বার্থত বিদ্যালয় বন্ধ ৰখা বা নৰখা সন্দৰ্ভত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ কর্তৃত্ব প্রদান কৰা হৈছে।