১ ফেব্ৰুৱাৰীৰ পৰা ধপাঁতজাতীয় সামগ্ৰীত আৰোপ কৰা হব নতুন শুল্ক

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
কেন্দ্ৰীয় চৰকাৰে অহা ১ ফেব্ৰুৱাৰীৰ পৰা ধপাঁতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক আৰু পাণমছলাৰ ওপৰত এক নতুন উপ-কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। এই নতুন শুল্কসমূহ পণ্য আৰু সেৱা কৰ বা জি এছ টিৰ হাৰৰ অতিৰিক্ত হিচাপে গণ্য কৰা হ'ব। 
 
চৰকাৰী জাননী অনুসৰি ১ ফেব্ৰুৱাৰীৰ পৰা পাণমছলা, চিগাৰেট, ধপাঁত আৰু এই জাতীয় সামগ্ৰীৰ ওপৰত ৪০ শতাংশ হাবত জি এছ টি ধার্য কৰা হ'ব। অৱশ্যে বিড়িৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ থাকিব ১৮ শতাংশ। 
 
এই নির্ধাৰিত কৰৰ উপৰি পাণমছলাৰ ওপৰত 'স্বাস্থ্য আৰু ৰাষ্ট্রীয় সুৰক্ষা উপ-কৰ' আৰু ধপাঁতজাত সামগ্ৰীৰ ওপৰত অতিৰিক্ত আবকাৰী শুল্ক জাপি দিয়া হ'ব। 
 
ইয়াৰ লগতে কেন্দ্রীয় বিত্ত মন্ত্র্যালয়ে বুধবাৰে ধপাঁত, জর্দা আৰু গুটখা পেকিং মেচিনৰ উৎপাদন ক্ষমতা নির্ধাৰণ আৰু শুল্ক সংগ্রহ সংক্রান্তীয় ২০২৬ চনৰ নতুন নিয়মাৱলীও ঘোষণা কৰিছে। 
 
উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত সংসদে পাণমছলা উৎপাদনৰ ওপৰত নতুন স্বাস্থ্য আৰু ৰাষ্ট্রীয় সুৰক্ষা উপ-কৰ আৰু ধপাতৰ ওপৰত আবকাৰী শুল্ক আৰোপৰ অনুমতি দি দুখন বিধেয়ক অনুমোদন কৰিছিল। চৰকাৰে বুধবাৰে সেই আইনসমূহ কাৰ্যকৰী কৰাৰ বাবে ১ ফেব্রুৱাৰী দিনটো নির্ধাৰণ কৰিছে।