ডেৰাডুন
ত্রিপুৰাৰ ২৪ বছৰীয়া এঞ্জেল চাকমাক হত্যা কৰাৰ প্রতিবাদত বুধবাৰে সন্ধিয়া উত্তৰ-পূর্বাঞ্চলৰ পৰা অধ্যয়নৰ বাবে অহা ছাত্র-ছাত্রীসকলে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে শ্ল’গান দি ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
‘ইউনিফাইড ত্ৰিপুৰা ষ্টুডেণ্টছ এছ’চিয়েচন’ৰ বেনাৰত বুধবাৰে ডেৰাডুনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে গান্ধী পাৰ্কৰ বাহিৰত সমবেত হৈ হাতে হাতে মম জ্বলাই লৈ ক্লক টাৱাৰ অভিমুখে যাত্ৰা কৰে। আন ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰীয়েও এই প্ৰতিবাদত ভাগ লয়।
এঞ্জেল চাকমাৰ ছবি থকা বেনাৰ লৈ ছাত্ৰ-ছাত্ৰীসকলে 'বৰ্ণবাদ বন্ধ কৰক’, 'আমি ভাৰতীয়’, 'আমি ন্যায় বিচাৰো’ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে ডেৰাডুনৰ ৰাজপথ। ডেৰাডুনৰ UTSAৰ সাধাৰণ সম্পাদক চুৰান্তা ত্ৰিপুৰাই অভিযোগ কৰে যে আৰক্ষীয়ে গোচৰটো গাপ দিবলৈ চেষ্টা চলাইছে আৰু সেয়েহে ইয়াক বৰ্ণবাদৰ সৈতে জড়িত গোচৰ হিচাপে গণ্য কৰা নাই।
নৱবৰ্ষ উদযাপনৰ বাবে যান-বাহনৰ সমস্যাৰ উদ্ধৃতি দি আৰক্ষীয়ে এই সমদল বন্ধ কৰিবলৈ কোৱাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদী শিক্ষাৰ্থীসকলে।
উল্লেখ্য যে ডেৰাডুনৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এম বি এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ এঞ্জেল চাকমাক যোৱা ৯ ডিচেম্বৰত একাংশ যুৱকে ছুৰী আদিৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। আহত এঞ্জেলক ১৭ দিন চিকিৎসালয়ত ৰখাৰ পিছত ২৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।
এঞ্জেল চাকমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে এই ঘটনাক বৰ্ণবাদী বৈষম্যৰ ফল বুলি অভিহিত কৰাৰ বিপৰীতে ডেৰাডুন আৰক্ষীয়ে কয় যে তেওঁলোকৰ তদন্তত এতিয়ালৈকে বৰ্ণ বৈষম্যৰ কোনো প্ৰমাণ পোৱা নাই।
ডেৰাডুনৰ এছ এছ পি অজয় সিঙে কয় যে উত্তৰ-পূবৰ ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিবলৈ ডেৰাডুনলৈ আহে। কেৱল ত্ৰিপুৰাৰেই প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডেৰাডুনত অধ্যয়ন কৰি আছে বুলি তেওঁ ‘ইউনিফাইড ত্ৰিপুৰা ষ্টুডেণ্টছ এছ’চিয়েচন’ৰ বেনাৰত বুধবাৰে ডেৰাডুনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে গান্ধী পাৰ্কৰ বাহিৰত সমবেত হৈ হাতে হাতে জ্বলন্ত মম লৈ ক্লক টাৱাৰ অভিমুখে যাত্ৰা কৰে । আন ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰীয়েও এই প্ৰতিবাদত ভাগ লয় ।
এঞ্জেল চাকমাৰ ছবি থকা বেনাৰ লৈ ছাত্ৰ-ছাত্ৰীসকলে "বৰ্ণবাদ বন্ধ কৰক", "আমি ভাৰতীয়", "আমি ন্যায় বিচাৰো" আদি শ্লোগানেৰে উত্তাল কৰি তোলে ডেৰাডুনৰ ৰাজপথ । ডেৰাডুনৰ UTSAৰ সাধাৰণ সম্পাদক চুৰান্তা ত্ৰিপুৰাই অভিযোগ কৰে যে আৰক্ষীয়ে গোচৰটো গাপ দিবলৈ চেষ্টা চলাইছে আৰু সেয়েহে ইয়াক বৰ্ণবাদৰ সৈতে জড়িত গোচৰ হিচাপে গণ্য কৰা নাই ।
নৱবৰ্ষ উদযাপনৰ বাবে যান-বাহনৰ সমস্যাৰ উদ্ধৃতি দি আৰক্ষীয়ে এই সমদল বন্ধ কৰিবলৈ কোৱাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদী শিক্ষাৰ্থীসকলে ।
ডেৰাডুনৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এম বি এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ এঞ্জেল চাকমাক যোৱা ৯ ডিচেম্বৰত একাংশ যুৱকে ছুৰী আদিৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল । আহত এঞ্জেলক ১৭ দিন চিকিৎসালয়ত ৰখাৰ পিছত ২৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হয় ।
এঞ্জেল চাকমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে এই ঘটনাক বৰ্ণবাদী বৈষম্যৰ ফল বুলি অভিহিত কৰাৰ বিপৰীতে ডেৰাডুন আৰক্ষীয়ে কয় যে তেওঁলোকৰ তদন্তত এতিয়ালৈকে বৰ্ণ বৈষম্যৰ কোনো প্ৰমাণ পোৱা নাই ।
ডেৰাডুনৰ এছ এছ পি অজয় সিঙে কয় যে উত্তৰ-পূবৰ ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিবলৈ ডেৰাডুনলৈ আহে । কেৱল ত্ৰিপুৰাৰেই প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডেৰাডুনত অধ্যয়ন কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে।