দ্ৰুত গতিত হ্রাস টকাৰ মূল্য; প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ০.২ শতাংশ হ্রাস

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
মুম্বাই
 
সোণৰ মূল্যবৃদ্ধি আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাসে পুনৰ সৰ্বকালৰ অভিলেখ ৰচনা কৰিছে। প্ৰতি ডলাৰৰ বিপৰীতে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে টকাৰ বিনিময় মূল্যই ৯২ টকাৰ ঘৰ স্পর্শ কৰে যদিও বজাৰ বন্ধ হোৱাৰ সময়ত বিয়লিলৈ ৯১.৯৫৫০ টকাত মূল্য সুস্থিৰ হয়। দিনটোতে ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস ০.২ শতাংশ। দিনটোত প্রতি ডলাৰৰ আন্তঃবেংক লেনদেনৰ নিৰিখ আছিল ৯১.৯৫ টকা। 
 
স্বাভাৱিকভাৱে ১ ফেব্ৰুৱাৰীত মোদী চৰকাৰে সাধাৰণ বাজেট দাখিল কৰিবলৈ ওলোৱাৰ সময়তে ডলাৰৰ বিপৰীতে টকাৰ বিনিময় মূল্য হ্রাসে অস্বস্তিত পেলাইছে কেন্দ্রীয় চৰকাৰক। টকাৰ মূল্যমান হ্রাসে দেশৰ অর্থনৈতিক বিকাশক শুদ্ধভাৱে প্রতিফলিত নকৰে বুলি সংসদত বৃহস্পতিবাৰে কেন্দ্রই দাখিল কৰা অর্থনৈতিক সমীক্ষাত মতপোষণ কৰা হয়। 
 
স্পষ্টতঃ বিশ্বৰ আটাইতকৈ শক্তিশালী মুদ্রাৰ সৈতে ভাৰতৰ টকাৰ মূল্য হ্রাসক কোনো ক্ষেত্রতে গুৰুত্ব দিব খোজা নাই কেন্দ্ৰীয় চৰকাৰে। অকল ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস পোৱা নাই, আন এছীয় মুদ্ৰাৰ বিপৰীতেও টকাৰ মূল্যৰ ব্যাপক পতন ঘটিছে।
 
ইতিমধ্যে টকাই এছিয়াৰ দুৰ্বল মুদ্ৰাৰ অপবাদ লাভ কৰিছে। চলিত মাহতে বিদেশী প্রাতিষ্ঠানিক প্রতিষ্ঠানসমূহে ভাৰতত কৰা বিনিয়োগৰ চাৰি বিলিয়ন ডলাৰৰ শ্বেয়াৰ বিক্ৰী কৰিছে। তাৰ পূৰ্বে ২০২৫ চনত ১৯ বিলিয়ন ডলাৰৰ বিদেশী বিনিয়োগ ভাৰতীয় বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল। মূলধনী বজাৰৰ পৰা বিদেশী বিনিয়োগ হ্রাসে টকাৰ মূল্য হ্রাসত প্রত্যক্ষ প্রভাৱ পেলাইছে। 
 
একেদৰে আজিৰ দিনটোত সোণৰ অস্বাভাৱিক মূল্য বৃদ্ধি ঘটে। ২৪ কেৰেট বিশুদ্ধতাৰ দহ গ্রাম সোণৰ দাম ১০,৭০৫ টকা বৃদ্ধি ঘটি ১.৮০ লাখ টকাৰ ঘৰ অতিক্ৰম কৰে দেশত। দিনটোত সোণৰ মূল্য বৃদ্ধিৰ হাৰ ৯ শতাংশ। গুৱাহাটীত ২৪ কেৰেট দহ গ্রাম সোণৰ দাম ১,৭৯,৯০০ টকাত সীমিত থাকে যদিও কলকাতা, চেন্নাইৰ দৰে মহানগৰীত ১.৮০ লাখ টকাৰ ঘৰ অতিক্ৰম কৰে সোণৰ দাম। কলকাতাত প্রতি দহ গ্রাম সোণৰ মূল্য দিনটোত আছিল ১,৮০,৩০০ টকা আৰু চেন্নাইত ১,৮২,৯০০ টকা। মুম্বাইত সেই মূল্য আছিল ১,৭৯,৮৭৫ টকা। 
 
বজাৰ বিশেষজ্ঞসকলৰ মতে, বিশ্বৰ ভূ-ৰাজনৈতিক উত্তেজনা প্রশমিত নোহোৱালৈকে সোণৰ মূল্য ঊর্ধ্বমুখী হৈ ৰ'ব। মার্কিন যুক্তৰাষ্ট্ৰৰ ইৰান আক্ৰমণৰ আশংকা, দক্ষিণ কোৰিয়া আৰু কানাডাৰ ওপৰত মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ অধিক শুল্ক আৰোপৰ ভাবুকিয়েই বিশ্বজুৰি সোণৰ মূল্য ঊর্ধ্বমুখী হৈ থকাত ইন্ধন যোগাইছে।