গুৱাহাটী
ওদালগুৰি জিলাৰ শিমলুগুৰি আৰু মেৰবাংচুবা গাঁৱত আৰণ্যকৰ "থ্ৰেড" (THREAD) প্ৰকল্পৰ অধীনত আয়োজন কৰা ১৫ দিনীয়া উৎপাদিত সামগ্ৰী উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। যোৱা ১৭ জুনৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত এই প্ৰশিক্ষণৰ জৰিয়তে মুঠ ৬২ গৰাকী শিপিনীয়ে উন্নত বয়ন প্ৰযুক্তি আৰু আধুনিক ডিজাইন সম্পৰ্কে হাতে-কামে প্ৰশিক্ষণ লাভ কৰে।
শিমলুগুৰি আৰু মেৰবাংচুবা গাঁৱৰ ৩১ গৰাকীকৈ শিপিনীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত জেকোৱাৰ্ড মেছিন পৰিচালনা, নতুন ডিজাইন আৰু চানেকি প্ৰস্তুতকৰণ, উৎপাদিত সামগ্ৰীৰ বৈচিত্ৰকৰণ আদি বিষয়ত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ সমান্তৰালকৈ পৰম্পৰাগত বয়ন সংস্কৃতিৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি আধুনিক বজাৰৰ চাহিদা পূৰণ কৰিব পৰা সামগ্ৰী প্ৰস্তুতৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
উন্নত জেকোৱাৰ্ড বয়ন প্ৰযুক্তিৰ জৰিয়তে স্থানীয় শিপিনীসকলৰ কাৰিকৰী দক্ষতা বৃদ্ধি, হস্ততাঁত সামগ্ৰীত নতুনত্ব সংযোজন আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাই এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্য আছিল।
প্ৰশিক্ষণকালত অংশগ্ৰহণকাৰীসকলক নতুন আৰ্হি, ৰঙৰ সৃজনশীল ব্যৱহাৰ আৰু উদ্ভাৱনীমূলক ডিজাইন বিকাশৰ বাবে উৎসাহিত কৰা হয়। বিশেষজ্ঞসকলৰ তত্ত্বাৱধানত নিয়মীয়া অনুশীলনৰ ফলত শিপিনীসকলে নতুন জেকোৱাৰ্ড ডিজাইন তৈয়াৰ কৰাৰ লগতে বজাৰমুখী মূল্য সংযোজিত হস্ততাঁত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাস লাভ কৰে।
প্ৰশিক্ষণ সমাপ্তিৰ পাছত নতুনকৈ আহৰণ কৰা দক্ষতাৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক তিনি কিলোগ্ৰামকৈ সূতা প্ৰদান কৰা হয়। শিমলুগুৰি আৰু মেৰবাংচুবাত অনুষ্ঠিত সামৰণি অনুষ্ঠানত সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা শিপিনীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়।
শিমলুগুৰিত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিপিনী কমল দাস। তেওঁ নিজৰ ভাষণত উদ্ভাৱনীমূলক চিন্তা, উন্নত গুণগত মানৰ সামগ্ৰী উৎপাদন, নতুন বজাৰৰ সুযোগ গ্ৰহণ আৰু পৰম্পৰাগত বয়ন ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁৰ অনুপ্ৰেৰণামূলক বক্তব্যই অংশগ্ৰহণকাৰীসকলক যথেষ্ট উৎসাহিত কৰে।
আৰণ্যকৰ সংৰক্ষণ আৰু জীৱিকা বিভাগৰ সহকাৰী সঞ্চালক মানস কুমাৰ ভট্টাচাৰ্যৰ তত্ত্বাৱধানত আয়োজিত এই কাৰ্যসূচীৰ সফল ৰূপায়ণত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ উপ-সঞ্চালক ড° দেৱ কুমাৰ দত্ত, সমূহীয়া উন্নয়ন বিশেষজ্ঞ অঞ্জিমা দৈমাৰী আৰু কাৰিকৰী দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মাষ্টাৰ ট্ৰেইনাৰ নন্দেশ্বৰ ডেকাই জেকোৱাৰ্ড বয়নৰ কাৰিকৰী আৰু ব্যৱহাৰিক দিশসমূহত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বস্ত্ৰ বিশেষজ্ঞ অৰ্জুন হাজৰিকা আৰু কনিষ্ঠ ডিজাইনাৰ দৰ্শনা বড়োৱে শিপিনীসকলক আধুনিক ডিজাইন, দক্ষতা বিকাশ আৰু উদ্ভাৱনীমূলক সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত মূল্যৱান পৰামৰ্শ আগবঢ়ায়।
মেৰবাংচুবাত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ননৈ ৰেঞ্জৰ অধীনস্থ পানেৰীৰ ডেপুটি ৰেঞ্জ বিষয়া কামেশ্বৰ বড়ো, শোণিতপুৰ বিটৰ ১ নং ফৰেষ্টাৰ দুৰ্গা বসুমতাৰীকে ধৰি বন বিভাগৰ বিষয়াসকলে উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনায়। অনুষ্ঠানত আৰণ্যকৰ প্ৰতিনিধি ৰাবিয়া দৈমাৰী আৰু অভিজিত শইকীয়াইও শিপিনীসকলৰ দক্ষতা আৰু নিষ্ঠাৰ উচ্চ প্ৰশংসা কৰে।
উল্লেখযোগ্য যে, "থ্ৰেড" প্ৰকল্পৰ চতুৰ্থ উৎপাদিত সামগ্ৰী উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচী ওদালগুৰি জিলাত পৰম্পৰাগত হস্ততাঁত উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। আধুনিক জেকোৱাৰ্ড প্ৰযুক্তি আৰু পৰম্পৰাগত বয়নশৈলীৰ সফল সমন্বয়ে শিপিনীসকলৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ সামগ্ৰী উৎপাদন, বজাৰ সংযোগ আৰু বহনক্ষম জীৱিকাৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।
এই পদক্ষেপে স্থানীয় শিপিনীসকলৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক সবলীকৰণৰ লগতে পৰম্পৰাগত সংস্কৃতি সংৰক্ষণ, স্থানীয় সম্প্ৰদায়ৰ ক্ষমতায়ন আৰু সংৰক্ষণভিত্তিক জীৱিকাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।