মুম্বাই
স্বামী অজিত পাৱাৰৰ মৃত্যুৰ পিছত সুনেত্ৰ পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। কাইলৈ সন্ধিয়া ৫ বজাত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সুনেত্ৰা পাৱাৰে।
তেওঁ আবকাৰী আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্ব অব্যাহত ৰাখিব, আনহাতে আগন্তুক বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব ল’ব।
সূত্ৰ অনুসৰি, ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পুনে জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে দলৰ দিশ নিৰ্ধাৰণ কৰিবলৈ দলৰ জ্যেষ্ঠ নেতাসকলে সুনেত্ৰা পাৱাৰক উপ-মুখ্যমন্ত্ৰী পদলৈ উন্নীত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। পাৱাৰ পৰিয়ালৰ ভিতৰত আলোচনাৰ অন্তত সুনেত্ৰ পাৱাৰে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবলে কয় যে ৩১ জানুৱাৰীত এন চি পিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত প্ৰয়াত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পত্নী সুনেত্ৰাৰ নাম নেত্ৰী হিচাপে ঘোষণা কৰা হ’ব।
এন চি পি দলৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভুজবালে কয় যে উপ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান শনিবাৰে হ’লে তেওঁৰ কোনো সমস্যা নাই বুলি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে প্ৰকাশ কৰিছে।