আৱাজ দ্য ভইচ/ নতুন দিল্লী
প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ মালিক আছুদাই মাত্ৰ ২৫ বছৰ বয়সতে মহাকাশ অন্বেষণৰ এক সুন্দৰ যাত্ৰা আৰম্ভ কৰিছে। এই বিশেষ অভিযানত মহাকাশচাৰীৰ ভূমিকা পালন কৰিবলৈ তেওঁ দুসপ্তাহতকৈও অধিক সময় কেফেইন আৰু চেনি পৰিহাৰ কৰি নিজকে প্ৰস্তুত কৰিছিল।
কাশ্মীৰত জন্ম গ্ৰহণ কৰা আছুদাই সৰুৰে পৰা পদাৰ্থ বিজ্ঞান ভাল পাইছিল। ঘৰত আৰু স্কুলত পোৱা উৎসাহৰ বাবেই তেওঁ সোনকালে পদাৰ্থ বিজ্ঞানৰ ভিতৰচৰাত সোমাই পৰে। বিজ্ঞান বিষয়ক তৰ্ক প্ৰতিযোগিতত নিজৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ ভাৰতীয় জাতীয় বিজ্ঞান কংগ্ৰেছত বঁটা লাভ কৰি শৈশৱতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল। তেওঁ তেতিয়া উপলব্ধ কৰিছিল যে বিজ্ঞান তেওঁৰ সফলতাৰ পথ হ'ব।
পোলেণ্ডৰ ৱ্ৰক্ল’ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত আছুদাই একেটা বিষয়তে পি.এইচ.ডি. সম্পূৰ্ণ কৰে। এই শিক্ষাই তেওঁক ভৱিষ্যতৰ এক অবিশ্বাস্য মহাকাশ যাত্ৰাৰ বাবে গঢ়ি তুলে।
বিশ্ববিদ্যালয়ৰ সহায়ত আছুদাই LUNARES’ Mobile Research Stationত এটা মিছনত যোগদান কৰে। তাত তেওঁ মহাকাশ অন্বেষণত সহায়ক হোৱাকৈ পৰীক্ষা-নিৰীক্ষা কৰিছিল। তেওঁ থ্ৰীডি প্ৰিণ্টিঙে মহাকাশত কাম কৰিব পাৰে নেকি সেইটোও পৰীক্ষা কৰে আৰু আনকি মহাকাশ চুটৰ বাবে বিশেষ টেবলেট হোল্ডাৰৰ বাবেও প্ৰ’ট’টাইপ তৈয়াৰ কৰিলে। ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ) প্ৰযুক্তি ব্যৱহাৰ কৰিও তেওঁ মহাকাশ অন্বেষণ কৰিছে।
আছুদাই মহাকাশচাৰীসকলক বিকিৰণৰ পৰা ৰক্ষা কৰিব পৰা মাস্ক নিৰ্মাণৰ প্ৰকল্পও আৰম্ভ কৰিছে। তেওঁ কাম ইয়াতেই সীমাবদ্ধ হোৱা নাই; তেওঁ মহাকাশচাৰীসকলে মহাকাশত কিদৰে নিজকে মোকাবিলা কৰিব পাৰে সেই বিষয়ে অধ্যয়ন কৰিছিল।
আছুদাৰ কামে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰে, আৰু তেওঁক জাপানৰ টকিঅ’ত ‘বিজ্ঞান মিটছ ছ’চিয়েল চাইন্স’ নামৰ এখন সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তাত তেওঁ নিজৰ আৱিষ্কাৰৰ বিষয়ে ক’ব আৰু দেখুৱাব যে মহাকাশ অন্বেষণত বিভিন্ন ক্ষেত্ৰই একেলগে কাম কৰাটো কিমান গুৰুত্বপূৰ্ণ।
এইদৰে ২৫ বছৰীয়া আছুদাই নৱ প্ৰজন্মক দেখুৱাইছে যে আমি যিখিনি লাভ কৰিব পাৰো তাৰ কোনো সীমা নাই৷ তেওঁ আনক ডাঙৰ সপোন দেখি ইয়াক পূৰণৰ লক্ষ্য ল’বলৈ সকলোকে অনুপ্ৰাণিত কৰিছে৷
তেওঁ কয়, “কাশ্মীৰক মোৰ হৃদয়ত ধৰি ৰখা আৰু সফলতাৰ নতুন উচ্চতা স্পৰ্শ কৰাৰ আকাংক্ষা লৈ ফুৰা এগৰাকী ব্যক্তি হিচাপে মই বিশ্বাস কৰোঁ যে আমাৰ অঞ্চলৰ উচ্চাকাংক্ষী গৱেষকসকলে নিজৰ দিগন্ত সম্প্ৰসাৰণ কৰাটো অতি প্ৰয়োজন। তেওঁলোকে পৰম্পৰাগত ক্ষেত্ৰত নিজকে সীমাবদ্ধ ৰখা উচিত নহয়।”