দৌলত ৰহমান / গুৱাহাটী
অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে ব্যাপক শান্তিমূলক অভিযান চলাইছে। শুকুৰবাৰে (৩ ফেব্ৰুৱাৰী, ২০২৩) এনে অবৈধ বিবাহৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকাৰ অভিযোগত ২০০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়। চৰকাৰৰ এই পদক্ষেপে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো শিৰোনাম দখল কৰিছে। কিন্তু বহুতে হয়তো নাজানে যে যোৱা কেইবাবছৰ ধৰি ৰফিকুল ইছলাম নামৰ এজন লোকে অসমত বাল্যবিবাহৰ বিৰুদ্ধে অকলশৰীয়া আৰু জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এখন যুঁজ চলাই আছে।
পশ্চিম অসমৰ বৰপেটা জিলাৰ ৰফিকুল ইছলামে ২০১৫ চনত শিক্ষকৰ চাকৰি এৰি বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। আজিলৈকে ৰফিকুল আৰু তেওঁৰ দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় ৩,০০০ বাল্যবিবাহ সফলভাৱে বন্ধ কৰিবলৈ সক্ষম হৈছে। শিশুৰ অধিকাৰৰ ওপৰত কাম কৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠন Independent Thoughtৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। সংগঠনটোৰ অধীনত ৰফিকুলে অসমত বাল্য বিবাহৰ বিৰুদ্ধে অভিযানৰ পাতনি মেলিছিল।
‘আৱাজ দ্য ভইচ’ৰ সৈতে হোৱা কথা-বতৰাত ৰফিকুলে ৰাজ্যত সম্প্ৰতি বাল্য বিবাহৰ বিৰুদ্ধে অতি প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ অৱশ্যে প্ৰশাসন আৰু আৰক্ষীয়ে যিদৰে বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত সংশয় প্ৰকাশ কৰিছে।
এখন বাল্যবিবাহ ৰোধ কৰিব যোৱাৰ সময়ত স্থানীয় আৰক্ষীৰ সৈতে ৰফিকুল ইছলাম
ৰফিকুলে কয় যে অসমত চলি থকা বাল্য বিবাহ বিৰোধী অভিযানে জনসাধাৰণৰ মাজত আতংক আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছে, যিটো দীৰ্ঘম্যাদীভাৱে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি দূৰ কৰিবলৈ ফলপ্ৰসূ নহ’বও পাৰে। তেওঁ কয় যে বাল্যবিবাহৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িতসকলৰ কঠোৰ শাস্তি কিছুমান লোকৰ বাবে প্ৰতিৰোধক বুলি প্ৰমাণিত হ’ব পাৰে, কিন্তু ই চূড়ান্ত সমাধান নহ’বও পাৰে।
“আইনগত দিশ আৰু বৈজ্ঞানিক জ্ঞানৰ অভাৱৰ বাবে মুছলমানকে ধৰি বহু সম্প্ৰদায়ৰ মাজত বাল্য বিবাহক গুৰুতৰ বিষয় হিচাপে গণ্য কৰা নহয়। দৰিদ্ৰতা, নিৰক্ষৰতা, একাধিক সন্তান জন্ম দিয়াৰ প্ৰৱণতাই বাল্য বিবাহক পৰিচালিত কৰে। কন্যা সন্তানৰ প্ৰতি গাফিলতি এনে ব্যাধিৰ আন এটা কাৰণ। চুবুৰীয়াই বাল্যবিবাহ নিষিদ্ধ কৰিবলৈ নাহে, কাৰণ তেওঁলোকে শত্ৰুতা সৃষ্টি কৰিব নিবিচাৰে। এনে বহুতো দূৰ্গম আৰু ভিতৰুৱা অঞ্চল আছে, য’ত গৈ আৰক্ষীয়ে বাল্য বিবাহ ৰোধ কৰিব নোৱাৰে। একেটা চুবুৰীতে যেতিয়া বিবাহ হয় তেতিয়া ই অধিক প্ৰত্যাহ্বানজনক হয়।’-ৰফিকুলে কয়।
বিয়া হ’বলগীয়া সন্তানৰ বয়সৰ নথি-পত্ৰ চোৱাৰ সময়ত আৰক্ষীৰ সৈতে ৰফিকুল ইছলাম
ৰফিকুলৰ মতে থানাত বাল্যবিবাহৰ বিৰুদ্ধে অতি কম গোচৰ পঞ্জীয়ন হয় আৰু ইয়াৰ বিৰুদ্ধে আইনখন কাৰ্যকৰী নহয়। কিছুমান আইনী ব্যৱসায়ীয়েও ভুৱা শপতনামাৰ জৰিয়তে বয়সৰ লগত হেতালি খেলাত লিপ্ত হয় আৰু বাল্যবিবাহৰ সংস্কৃতিক প্ৰসাৰিত কৰে। এনে কিছুমান বিবাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসৱৰ দৰে উলহ-মালহেৰে পালন কৰা হয়। এইদৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিলৰ বাবে এনে বিবাহৰ প্ৰমাণ বিচাৰি উলিওৱাটো যথেষ্ট কঠিন হৈ পৰে।
"বাল্য বিবাহ বন্ধ কৰিবলৈ, জিলা প্ৰশাসন, আৰক্ষী, জিলা শিশু সুৰক্ষা গোট, গাওঁবুঢ়া, ভিলেজ ডিফেন্স পাৰ্টি অৰ্গেনাইজেচন আৰু অন্যান্য অংশীদাৰসকলৰ মাজত এক শক্তিশালী নেটৱৰ্কৰ প্ৰয়োজন আছে। গাওঁ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতি থকাটো বাল্য বিবাহ নিয়ন্ত্ৰণ কৰাৰ এক কাৰ্যকৰী উপায়," ৰফিকুলে কয়।
বাল্যবিবাহ আৰু শিশু সুৰক্ষাৰ সজাগতামূলক শোভাযাত্ৰাত ৰফিকুল ইছলাম
ৰফিকুলে কয় যে পিতৃতান্ত্রিক সমাজত ছোৱালীৰ ইচ্ছা, স্বাস্থ্য আৰু মংগলক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই। ‘কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শেহতীয়া কাৰ্যকলাপে বহু পিতৃ-মাতৃক নিজৰ সন্তানক সুৰক্ষা দিবলৈ আৰু বাল্যবিবাহৰ পৰা আঁতৰাই ৰাখিবলৈ বাধ্য কৰাব। এনে ব্যৱস্থাই কন্যা সন্তানৰ সু-ভৱিষ্যত গঢ়ি তুলিব।’-তেওঁ কয়।
“বাল্য বিবাহৰ আশ্ৰয় লোৱা লোকসকল সাধাৰণতে দুখীয়া আৰু নিৰক্ষৰ। আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিকতাৰে অনুৰোধ জনাইছো যে বেটি বচাও বেটি পঢ়াওৰ মনোভাৱেৰে জীৱিকা সুনিশ্চিত কৰি শিক্ষাৰ অধিকাৰ আইন (আৰ টি ই) দ্বাদশ শ্ৰেণীলৈ সম্প্ৰসাৰণ কৰক।’-ৰফিকুলে কয়।