আন এক ছাজাহানৰ আশ্বৰ্য -- এদিনতে ৮১টা অনলাইন পাঠ্যক্ৰম সম্পূৰ্ণ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰেহনা ছাজাহান
ৰেহনা ছাজাহান
তিৰুৱনন্তপুৰম

কেৰেলাৰ এগৰাকী মহিলাই এদিনতে ৮১টা অনলাইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মহিলাগৰাকী হৈছে কেৰেলাৰ কোট্টায়ামৰ ৰেহনা ছাজাহান। এদিনত সৰ্বাধিক অনলাইন চাৰ্টিফিকেট লাভ কৰাৰ বাবে ২৫ বছৰীয়া ৰেহনা ছাজাহানে আন্তঃৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বে ৰেহনা ছাজাহানে এদিনত ৭৫টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰি অভিলেখ গঢ়িছিল। 
 
ৰেহনাই টাইমছ নাওক কয়, "যেতিয়া মোৰ ভগ্নী দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি আছিল, তেতিয়া মইও কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সপোন দেখিছিলো। মই স্নাতকোত্তৰ বাবে জামিয়া মিলি ইছলামিয়াত এম কম প্ৰৱেশৰ বাবে প্ৰস্তুতি চলাইছিলো। কিন্তু মাত্ৰ ০.৫ নম্বৰৰ বাবে মই নামভৰ্তি কৰিব নোৱাৰিলো।"
ৰেহনাই কয়, "মই ডিষ্টেন্স মোডত মাষ্টাৰছ ইন ছ'চিয়েল ৱৰ্ক আৰু পিজি ডিপ্লমা ইন গাইডেন্স এণ্ড কাউন্সেলিং শীৰ্ষক দুটা স্নাতকোত্তৰত  একেলগে যোগদান কৰাৰ সিদ্ধান্ত লৈছিলো। এবছৰৰ পাছত মই জামিয়াৰ এম বি এ পাঠ্যক্ৰমত স্থান পালোঁ। তেতিয়া আমাৰ ৰাজ্যত মই একমাত্ৰ ব্যক্তি আছিলো, যিয়ে উদ্যোগীকৰণত এম বি এ লাভ কৰিছিলো।"
ৰেহনাই লগতে কয়, "ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত এদিন মই ২৪ ঘণ্টাৰ ভিতৰতে ৫৫টা পাঠ্যক্ৰম কৰি শেষ কৰিছিলোঁ৷ মই যেতিয়া দিল্লীস্থিত এন জি অ’ৰ মহিলা ইস্তাহাৰৰ সঞ্চালিকা ডাঃ শৰ্নাছ মুথুক এই বিষয়ে জনালোঁ, তেতিয়া তেওঁ মোক বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিবলৈ উৎসাহিত কৰিছিল।
 
বিশ্ব অভিলেখ চাৰ্টিফিকেটৰ সৈতে ৰেহনা ছাজাহান
 
বাহৰেইনত ডাঙৰ-দীঘল হোৱা ৰেহনাই ৰেকৰ্ডৰ বাবে ফেচবুক, গুগল, আমাজন, মাইক্ৰ’ছফ্ট, চিস্কো আদিয়ে আগবঢ়োৱা পাঠ্যক্ৰমৰ প্ৰয়াস কৰিছিল। পাঠ্যক্ৰমসমূহ অধিকাংশই ডিজিটেল মাৰ্কেটিং আৰু বিত্তীয় বিষয়ৰ ওপৰত আধাৰিত আছিল। 
ৰেহনাই ক’লে, "মই মোৰ চিভি উন্নত কৰিব বিচাৰিছিলো। ক'ভিড-১৯ৰ সময়ছোৱাত মই এমবিএ সম্পূৰ্ণ কৰিছিলো। প্লেচমেণ্টৰ বাবে কোম্পানীবোৰ আহিলে তেওঁলোকে সুধিছিল যে কেৱল পাঠ্যক্ৰম শেষ কৰাৰ বাহিৰে আমি লকডাউনৰ সময়ছোৱা কেনেকৈ ব্যৱহাৰ কৰিছিলোঁ। মই উত্তৰত কৈছিলো যে স্বাভাৱিকৰ ভিৰৰ পৰা আঁতৰি থাকিব বিচাৰিছিলো।"   
অভিলেখ গঢ়িবলৈ চেষ্টা কৰা দিনটোৰ কথা স্মৰণ কৰি ৰেহনাই কয়, "মই পুৱা ৮ বজাত আৰম্ভ কৰিছিলো। ৰাতি ১১ বজাত মই ৬৬ খন প্ৰমাণ পত্ৰ লাভ কৰিছিলোঁ। বিশ্ব অভিলেখ গঢ়িবলৈ এঘণ্টাত আৰু ৯ টা পাঠ্যক্ৰমত উত্তীৰ্ণ হবলগীয়া হৈছিল। ক্ষন্তেক সময়ৰ বাবে মই ভাবিলোঁ যে মই হাৰ মানিব লাগে। কিন্তু তাৰ পিছত মই গণনা কৰা বন্ধ কৰাৰ সিদ্ধান্ত ললোঁ।" 
যিহেতু প্ৰমাণপত্ৰত কেৱল তাৰিখটোহে উল্লেখ কৰা হৈছে আৰু তাত কোনো টাইম ষ্টাম্প নাই। গতিকে ঘড়ীত ১২ বাজাৰ পূৰ্বেই ৰেহনাই অভিলেখ ভংগ কৰিবলগীয়া হৈছিল।  ৰেহেনাই কয় যে প্ৰায়বোৰ পাঠ্যক্ৰমতে প্ৰমাণ পত্ৰ পাবলৈ কমেও ৭০ শতাংশ নম্বৰৰ প্ৰয়োজন।
ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ চাৰ্টিফিকেট কেনেকৈ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে সোধাত ২৫ বছৰীয়া ৰেহনাই কয় যে, "পাঠ্যক্ৰমত কেইবাটাও বিকল্প আছিল। যেতিয়া পাঠ্যক্ৰমৰ মৌলিক জ্ঞান থাকে তেতিয়া ই সময় সাপেক্ষ নহয়। মই কেৱল সেইবোৰ পাঠ্যক্ৰম কৰিবলৈ বাছি লৈছিলো, যিবোৰ বিনামূলীয়া আছিল আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিছিল।"
 
ৰেহনা ছাজাহান তেওঁৰ পৰিয়ালৰ সৈতে
 
২০২০ চনৰ ২৪ নৱেম্বৰত মই এই অভিলেখ গঢ়াৰ চেষ্টা আৰম্ভ কৰিছিলো। ৰেহনাই কয় যে মই ডুবাইত এইচ আৰ হিচাপে কাম কৰি আছিলো আৰু শেহতীয়াকৈ অহা মাহত দেউতাৰ ট্ৰান্সপ্লাণ্ট অস্ত্ৰোপচাৰৰ বাবে ভাৰতলৈ অহাত চাকৰিৰ পৰা পদত্যাগ কৰিছিলো।
ৰেহনাই লগতে কয়, "মোক মোৰ পৰিয়ালে আটাইতকৈ অধিক সহায় কৰিছে। মায়ে মোক কৈছিল যে তেওঁৱে মোৰ কোঠালৈ খাদ্য আনিব। মোৰ মা আৰু মোৰ ভগ্নী মোৰ বাবে এক প্ৰেৰণাস্বৰূপ।"   
ৰেহনাই বৰ্তমান কেৰিয়াৰ কোচ হিচাপে কাম কৰি আছে আৰু ছাত্ৰ-ছাত্ৰীক ব্যক্তিত্ব বিকাশত সহায় কৰাৰ লগতে অনলাইন পাঠ্যক্ৰম কেনেকৈ গ্ৰহণ কৰিব লাগে শিকাই আহিছে।