শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ শূন্যলৈ হ্ৰাস কৰাত নাৰ্ছ ৰূপজান বেগমৰ বিশেষ কৃতিত্ব

Story by  atv | Posted by  [email protected] • 5 Months ago
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তৰফৰ পৰা ৰূপজান বেগমক সম্বৰ্ধনা জ্ঞাপনৰ এটা মুহূৰ্ত
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তৰফৰ পৰা ৰূপজান বেগমক সম্বৰ্ধনা জ্ঞাপনৰ এটা মুহূৰ্ত
 
দৌলত ৰহমান/গুৱাহাটী

যি সময়ত অসমত কেঁচুৱাৰ মৃত্যুৰ হাৰ (IMR) আৰু মাতৃৰ মৃত্যুৰ হাৰ (MMR) এক ডাঙৰ স্বাস্থ্যজনিত চিন্তাৰ কাৰণ হৈ পৰিছে, সেই সময়তে এএনএম (Auxiliary Nursing Midwifery) ৰূপজান বেগমে কামৰূপ মেট্ৰ' জিলাৰ পাণ্ডু প্ৰথম ৰেফাৰেল ইউনিটৰ অধীনস্থ পিছপৰা অঞ্চলসমূহত শিশু আৰু মাতৃৰ মৃত্যু হাৰ শূন্যলৈ হ্ৰাস কৰাত বিশেষ কৃতিত্ব অৰ্জন কৰিছে। 

এই অঞ্চলসমূহত বিগত ১৫ বছৰত কোনো কেঁচুৱা আৰু মাতৃৰ মৃত্যু হোৱা নাই। শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম), অসমে ৰূপজান বেগমক শূন্য আই এম আৰ আৰু এম এম আৰ মৃত্যুৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰে। 

'আৱাজ দ্য ভইচ অসম'ৰ সৈতে হোৱা কথা-বতৰাত ৰূপজান বেগমে কয় যে এইটো এটা কঠিন কাম আৰু প্ৰথম অৱস্থাত তেওঁ ভাবিছিল যে আই এম আৰ আৰু এম এম আৰৰ মৃত্যুৰ হাৰ শূন্য কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হ’ব। তেওঁ কয় যে বহু গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰাৰ সময়ত আধুনিক স্বাস্থ্যসেৱা গ্ৰহণ কৰিবলৈ আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ বাবে অনিচ্ছুক হয়।
 
২০২২ৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা 'শ্ৰেষ্ঠ টিকা প্ৰদানকাৰীৰ বঁটা' গ্ৰহণ কৰিছে ৰূপজান বেগমে
 
“গৰ্ভৱতী মহিলাসকলক আধুনিক স্বাস্থ্যসেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ পতিয়ন নিয়াবলৈ মই পাণ্ডু এফ আৰ ইউৰ অধীনত থকা ভিতৰুৱা অঞ্চলসমূহ ভ্ৰমণ কৰিবলগীয়া হৈছিল। এই কামত মোক সহযোগিতা আগবঢ়োৱা ৰাইজ আৰু পাণ্ডু এফ আৰ ইউৰ সমগ্ৰ দলটোৰ মই শলাগ ল’ব বিচাৰো,যাৰ ফলত আজি আমি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ শূন্য কৰাৰ লক্ষ্যত উপনীত হৈছো", ৰূপজান বেগমে কয়।

ৰূপজান বেগমে ১৯৯৬ চনত দৰং জিলাৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা এ এন এম নাৰ্চিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। তেওঁ ২০০৮ চনৰ পৰা কামৰূপ মেট্ৰ' জিলাৰ পাণ্ডু এফআৰইউত স্বাস্থ্য কৰ্মী হিচাপে কাম কৰি আছে। ৰূপজানে কেইবাটাও ৰাজহুৱা স্বাস্থ্যসেৱা আঁচনিৰ সফল ৰূপায়ণত এক বিশেষ ভূমিকা পালন কৰি আহিছে। 

উল্লেখ্য যে, ৰূপজান বেগমে মাদ্ৰাছা, বিদ্যালয়, আৰক্ষী থানা, বস্তি, আৱাসিক অঞ্চল, মছজিদ, ঈদগাহ আদি সকলো স্থানতে ক'ভিড-১৯ৰ টিকাকৰণ অভিযান চলাইছিল। সেই সময়ত তেওঁ এনে বহু লোকৰ সন্মুখীন হৈছিল, যিয়ে ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল। তথাপিও তেওঁ এক লাখতকৈ অধিক ব্যক্তিক ক'ভিড ভেকচিনৰ ডোজ প্ৰদানেৰে বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। ইয়াৰ সুবাদত নিষ্ঠাবান স্বাস্থ্যকৰ্মীগৰাকীয়ে ২০২২ চনত ভাৰতৰ ৰাষ্ট্ৰীয় ক’ভিড টিকাকৰণ কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰেষ্ঠ টিকা প্ৰদানকাৰীৰ সন্মানীয় বঁটা লাভ কৰিছিল।
 
ক'ভিড টিকাকৰণ সন্দৰ্ভত এক সজাগতা সভাত ৰাইজৰ সৈতে নাৰ্ছ ৰূপজান বেগম
 
কেইবছৰমানৰ আগতে ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰাপ্তবয়স্কৰ বাবে জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযান চলোৱাত বিভিন্ন বাধাৰ সন্মুখীন হৈছিল।  তথাপি ৰূপজান বেগমে সেইবাৰো সকলো বাধা নেওচি সফলতাৰে টিকাকৰণ কৰিবলৈ সক্ষম হৈছিল। দুটা সন্তানৰ মাতৃ ৰূপজান বেগমে কয় যে স্বাস্থ্যসেৱা হৈছে এক মানৱ সেৱা। এই সেৱা কেৱল মাথো পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কৰা কামৰ ভিতৰতে সীমাবদ্ধ হ’ব নোৱাৰে।

"শৈশৱৰ পৰাই মই নাৰ্ছ হ’ব বিচাৰিছিলো। এগৰাকী সফল নাৰ্ছ হোৱাটো সহজ নহয়। ৰাইজৰ সেৱা কৰিবলৈ বহুতো ধৈৰ্য্য থাকিব লাগিব। মই ভাবো যে সৰ্বশক্তিমান আল্লাহে মোক ধৈৰ্য্য গুণ প্ৰদান কৰিছে। গতিকে মই সকলো বাধা অতিক্ৰম কৰি স্বাস্থ্যসেৱাৰ প্ৰয়োজন হোৱা লোকসকলক সেৱা আগবঢ়াব পাৰিছো।"-ৰূপজান বেগমে কয়।