ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মহিলা উদ্যোগী আলিমুন নেছা; প্ৰধানমন্ত্ৰীৰ স্বীকৃতি

Story by  atv | Posted by  [email protected] • 3 Years ago
প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠানত আলিমুন নেছা; দ্বিতীয় ছবিত এ এন স্পাইচ ইণ্ডাষ্ট্ৰিজৰ বিপনীত মহিলা উদ্যোগীগৰাকী
প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠানত আলিমুন নেছা; দ্বিতীয় ছবিত এ এন স্পাইচ ইণ্ডাষ্ট্ৰিজৰ বিপনীত মহিলা উদ্যোগীগৰাকী
দৌলত ৰহমান/গুৱাহাটী
 
মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেচন (এম বি এ)ৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত আলিমুন নেছাই উচ্চ দৰমহাযুক্ত কৰ্পৰেট চাকৰি বিচাৰি হাবাথুৰি খোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ দক্ষতাক সঠিকভাৱে ব্যৱহাৰ কৰি বঙাইগাওঁ জিলাত এটা স্পাইচ ইণ্ডাষ্ট্ৰিজ গঢ়ি তোলে আৰু নিজকে আত্মনিৰ্ভৰশীল কৰাৰ লগতে আন বহুজনৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰে।
 
এ এন স্পাইচ ইণ্ডাষ্ট্ৰিজ(A.N Spice Industries)নামৰ এই উদ্যোগটোৰদ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰীয়ে আজি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ ক্ৰেতাৰ মাজত সমাদৰ লাভ কৰিছে। আলিমুন নেছাৰ দক্ষতাক স্বীকৃতি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মহিলা উদ্যোগীগৰাকীলৈ আগবঢ়াইছে সন্মানীয় এম এছ এম ই(সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ) ৰাষ্ট্ৰীয় বঁটা ২০২২।
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলিমুন নেছাই কয় যে ২০১৫ চনত ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছতেই তেওঁৰ উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ হৈছিল। স্কুল আৰু কলেজৰ দিনৰ পৰাই তেওঁ স্বাধীনভাৱে আৰু কিছু পৃথক ধৰণে কিবা এটা কৰিব বিচাৰিছিল।
 
প্ৰধানমন্ত্ৰীৰ পৰা বঁটা গ্ৰহণৰ মুহূৰ্তত আলিমুন নেছা
 
“ব্যক্তিগত বা চৰকাৰী প্ৰতিষ্ঠানত কাম কৰাৰ ধাৰণাটোৱে মোক কেতিয়াও আকৰ্ষিত কৰা নাছিল। মই সঘনাই বাণিজ্য মেলা, ব্যৱসায়িক সন্মিলন আৰু কৰ্মশালালৈ গৈছিলো, য’ত মই পৰ্যবেক্ষণ কৰিছিলো কিদৰে বিভিন্ন ধৰণৰ ব্যৱসায় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ লাভান্বিত হৈছে  আৰু এক বৃহত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।'-আলিমুন নেছাই কয়।
প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP)ৰ অধীনত বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ(ডিআইচিচি)ই মোৰ ব্যৱসায়িক প্ৰকল্পক অনুমোদন জনোৱাৰ কিছু দিনৰ পিছতে মই চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য লাভ কৰিলোঁ। নিষ্ঠা, ইচ্ছাশক্তি আৰু কৰ্মোদ্যমী স্বভাৱৰ বাবে মই ২০১৬ চনত এ এন স্পাইচ ইণ্ডাষ্ট্ৰীজৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিব পাৰো।’-আলিমুন নেছাই ব্যক্ত কৰে।
২০১৬ চনৰ পৰা আলিমুন নেছাই ব্যৱসায়িক যাত্ৰাত পিছ হুহকি যোৱা নাই। খুৱ কম সময়ৰ ভিতৰত তেওঁৰ কোম্পানীয়ে এফ এছ এছ এ আই(FSSAI), আই এছ অ'(ISO)৯০০১:২০১৫ আৰু এইচ এ চি চি পি(HACCP)ৰ প্ৰমাণ পত্ৰ লাভ কৰে। ইয়াৰ পিছতে তেওঁ সামগ্ৰীৰ গুণগত মান উন্নত কৰা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে।
 
 
আলিমুন নেছাই লাভ কৰা বঁটাসমূহ
 
প্ৰতিষ্ঠানটোৱে কৃষকৰ পৰা পোনপটীয়াকৈ কেঁচামাল সংগ্ৰহ কৰে আৰু ইয়াৰ স্বাস্থ্যসন্মত গুণগত পৰীক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য সামগ্ৰী গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা হয় বুলি আলিমুন নেছাই জানিবলৈ দিয়ে।
 
উল্লেখ্য যে, এ এন স্পাইচ ইণ্ডাষ্ট্ৰীজৰ উৎপাদিত সামগ্ৰীসমূহ “ডিলাইট-জয় ফৰ টেষ্ট বাডছ” ব্ৰেণ্ড নামেৰে বজাৰত বিক্ৰী কৰা হয়। তেওঁৰ কোম্পানীয়ে আচাৰ, স্কোৱাচ, জুচ, জাম এণ্ড জেলী, চাহৰ সামগ্ৰী, সেউজীয়া পাত, চাউল, বিভিন্ন মছলা আৰু চাটনি উৎপাদিত কৰে।
 
এ এন স্পাইচ ইণ্ডাষ্ট্ৰীজয়ে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী
 
‘বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ স্থানীয় কৃষকৰ পৰা আমি বৃহৎ সংখ্যক কেঁচামাল সংগ্ৰহ কৰোঁ। ইয়াৰ কৃষকসকলে পৰিৱেশ অনুকূল পদ্ধতিৰে নিজৰ উৎপাদিত সামগ্ৰীৰ খেতি কৰে। নাগালেণ্ড আৰু মেঘালয়ৰ কৃষকৰ পৰাও আমি নিয়মীয়াকৈ কিং চিলি(ভোট জলকীয়া),বেম্বো শ্বুট আৰু বাৰ্ড চিলি আদিৰ কেঁচামাল ক্ৰয় কৰো। আমি স্থানীয় কৃষকৰ সহায়ত মৰিচা, জোহা ধান, ধান, হালধি আৰু ভেঁকুৰৰ খেতি কৰো। আমি সামগ্ৰীসমূহৰ গুণগত মান উন্নত কৰা আৰু পুষ্টিকৰ উপাদান অটুট ৰখাত যত্ন লৈ আহিছো।’-আলিমুন নেছাই কয়।
এই বছৰ প্ৰধানমন্ত্ৰীৰ পৰা এম এছ এম ই ৰাষ্ট্ৰীয় বঁটা ২০২২ লাভ কৰাৰ পূৰ্বে আলিমুন নেছাই কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় উদ্যমী বঁটা, ২০১৯ আৰু ২০২০ চনত অসম চৰকাৰৰ পৰা শ্ৰেষ্ঠ উদ্যোগীকৰণৰ বঁটা লাভ কৰে। একেদৰে, তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আযোগৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বঁটা(২০২০)ও লাভ কৰিছিল। 
এগৰাকী মহিলা হিচাপে উদ্যোগী হোৱাটো তেওঁৰ বাবে কিমান কঠিন আছিল বুলি সোধাত আলিমুন নেছাই কয়,“মই ভাবো যে উদ্যোগীকৰণৰ যাত্ৰাত আমি কেতিয়াবা সুখী, কেতিয়াবা দুখী হও। ব্যৱসায়ত উত্থান-পতন থাকিবই। কিন্তু, আমি ৰৈ যাব নালাগে। উদ্যোগীকৰণৰ ক্ষেত্ৰত থকা মোৰ দক্ষতাৰ ওপৰত বিশ্বাস কৰাটোৱে মোক সকলো প্ৰত্যাহ্বানৰ মাজতো আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰি ৰাখে।”
 
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰা প্ৰশংসাপত্ৰ গ্ৰহণ কৰিছে আলিমুন নেছাই
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এম এছ এম ই ৰাষ্ট্ৰীয় বঁটা, ২০২২ লাভ কৰাটো আলিমুন নেছাৰ জীৱনৰ আটাইতকৈ মূল্যৱান আৰু স্মৰণীয় মুহূৰ্ত হিচাপে চিহ্নিত হৈ ৰ'ব। "অধিক প্ৰাপ্তিৰ অৰ্থ হৈছে অধিক দায়িত্ব। প্ৰধানমন্ত্ৰীৰ এই বঁটাই মোৰ দায়িত্ব বৃদ্ধি কৰিছে। মই এতিয়া মানুহৰ সেৱা কৰিবলৈ অধিক বিনয়ী আৰু দায়বদ্ধ হ'ব লাগিব।"-আলিমুন নেছাই কয়। 
 
আলিমুন নেছাৰ সফলতাৰ কাহিনী অসমৰ বহুতো মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। তেওঁ বিশ্বাস কৰে যে মহিলাসকল পুৰুষতকৈ ভাল উদ্যোগী হ’ব পাৰে। “মহিলাসকলৰ ঘৰ আৰু পৰিয়াল পৰিচালনাৰ অন্তৰ্নিহিত দক্ষতা আছে। এই জন্মগত দক্ষতাই মহিলাক পুৰুষতকৈ অধিক আগবাঢ়ি যোৱাত সহায় কৰে।’-আলিমুন নেছাই কয়।