বিধানসভাৰ তথ্য: ২০১৬-২৩ ৰ ভিতৰত ৭৫২ গৰাকী মহিলা সৰবৰাহ

Story by  atv | Posted by  [email protected] • 1 Years ago
বিধানসভাৰ তথ্য: ২০১৬-২৩ ৰ ভিতৰত ৭৫২ গৰাকী মহিলা সৰবৰাহ
বিধানসভাৰ তথ্য: ২০১৬-২৩ ৰ ভিতৰত ৭৫২ গৰাকী মহিলা সৰবৰাহ
 
গুৱাহাটী
 
চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা যোৱা ৩০ আগষ্টলৈকে এই আঠোটা মাহৰ ভিতৰতে ৰাজ্যখনত ৬৩৯টা ধর্ষণ, ৬৪৩টা হত্যাকাণ্ড, ৪২টা ডকাইতি আৰু ৪১৩ টা লুটপাতৰ ঘটনা সংঘটিত হৈছে। বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)ৰ এক প্ৰশ্নৰ উত্তৰত সদনৰ মজিয়াত এই তথ্য দাখিল কৰিছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই। 
 
আনহাতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সুকীয়া এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দাখিল কৰা তথ্যৰ পৰাও উদ্বেগজনক পৰিস্থিতি উন্মোচিত হৈছে। সেইমৰ্মে যোৱা ৮ মাহত ৰাজ্যখনত ৪,০৯৮ টা নাৰীজনিত অপৰাধ, ১,৪৫১টা নাৰীজনিত অপহৰণ, ৬,৩৯৯টা চুৰি, ৪১৩টা লুণ্ঠন, ১,৬৬৩টা আত্মহত্যা, ৯০৪টা যৌতুকজনিত ঘটনা, ৮৪টা পৰকীয়া প্রেমজনিত ঘটনা আৰু ২টা ডাইনী হত্যাৰ ঘটনা সংঘটিত হৈছে। 
 
যোৱা ৮ মাহত প্রলোভনেৰে অসমৰ মহিলা-যুৱতীক দুষ্টচক্রই বহিঃৰাজ্যলৈ নিয়াৰ ঘটনা সংঘটিত হৈছে ৫৬টা। উল্লেখ্য যে যোৱা ২০১৬ চনৰ পৰা যোৱা ৩০ আগস্টলৈকে ৰাজ্যৰ ৭৫২ গৰাকী মহিলা-যুৱতীক দুষ্টচক্রই বহিঃৰাজ্যলৈ নিছিল। তাৰে উদ্ধাৰ কৰা হৈছে ৭০০ গৰাকীক । সদনৰ তথ্যমতে ২০১৬ বৰ্ষৰ পৰা যোৱা ৩০ আগস্ট পর্যন্ত ৰাজ্যখনত ১৩,২১০টা ধর্ষণ, ১,৭৩,২১০টা নাৰীজনিত অপৰাধ, ৪০,১০৮ টা নাৰীজনিত অপহৰণ, ৮,৮৪২ টা হত্যা, ১,০৮,৩৩৬টা চুৰি, ১,১৮৮ টা ডকাইতি, ৯,৮৯৯টা লুণ্ঠন, ২০, ২১৫ টা আত্মহত্যা, ৭২,১৪৮টা যৌতুকজনিত ঘটনা, ১৮৬টা পরকীয়া প্রেমজনিত ঘটনা আৰু ৭৬টা ডাইনী হত্যাৰ ঘটনা ঘটে। 
 
মুখ্যমন্ত্ৰীয়ে অৱশ্যে দাবী কৰে যে উপৰোক্ত অপৰাধসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপে ইতিবাচক ফলাফল দিছে। মুখ্যমন্ত্ৰীয়ে দাখিল কৰা আন এক তথ্যমতে যোৱা ২০১৩ চনৰ পৰা যোৱা ৩১ জুলাইৰ সময়ছোৱাত ৰাজ্যত ৩৪টা দলবদ্ধ আক্ৰমণ তথা হত্যাৰ ঘটনা সংঘটিত হৈছে।