পৰিৱৰ্তিত কাশ্মীৰঃ সন্ত্ৰাসবাদীৰ বৰ্বৰ হত্যালীলাৰ পৰা বৰফৰ দলিচাত নিষ্পাপ শিশুৰ হৃদয় জুৰোৱা আনন্দ উদযাপন

Story by  atv | Posted by  [email protected] • 2 Months ago
জাইবা আৰু জৈনাব
জাইবা আৰু জৈনাব
 
আহমেদ আলী ফায়াজ

২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰ বেংকত চাকৰি কৰা অনন্তনাগৰ কাণ্ডিৱাৰাৰ তালিব হুছেইন মিৰৰ ৪ বছৰীয়া যমজ কন্যা জীবা আৰু জৈনাবে ঋতুটোৰ প্ৰথমটো বৰফ পৰা উপভোগ কৰি থকা ৭৩ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বুট কৰিছিল। এই মৰমলগা শিশু দুটাৰ সেই ভিডিঅ'ই এতিয়া সমগ্ৰ দেশৰ ইণ্টাৰনেট জগতত খলকনি লগাই দিছে।
 
“আছালামু আলিকুম গাইজ, আপুনি চাব পাৰে যে অৱশেষত ইয়াত বৰফ পৰিছে। আপুনি নিশ্চয় অনুভৱ কৰি আছে যে আমি কেনেকৈ ইয়াক উপভোগ কৰি আছো; যেন আমি স্বৰ্গৰ মাজতহে বহি আছো”, জনপ্ৰিয় ভ্ল'গাৰ আৰু ইউটিউবাৰসকলক কপি কৰি কেমেৰাৰ সন্মুখত যমজ কন্যাহালে এইদৰে কয়।
 
“আপ কো লগ ৰহা হোগা কি য়েহ দুধ কি লেহৰে হ্যে। য়েহ দুধ কি লেহেৰেন নাহি বৰফ হায়”, মৰমলগা শিশু দুটাই কয়। “অৱশেষত সৰ্বশক্তিমানে মোৰ আৰু মোৰ ভণ্টীৰ প্ৰাৰ্থনা শুনিলে। এতিয়া আমি বহুত উপভোগ কৰি আছো আৰু বৰফৰ সৈতে বৰ মজা কৰি আছো”, তেওঁলোকে সমস্বৰে এইদৰে কয়। উল্লেখ্য যে, হুবহু মিল থকা মুখমণ্ডল, অভিব্যক্তি আৰু একে সাজ-পোছাক পৰিহিত কাশ্মীৰী শিশু দুটাৰ ভিডিঅ'টোৱে ইণ্টাৰনেটত কেইবা মিলিয়ন ভিউ লাভ কৰিছে।  
ফ্ৰেমত নথকা আৰু ভিডিঅ' বনাই থকা তেওঁলোকৰ মাকে এবাৰ শিশু দুটাক সুধিছে, কেনেকুৱা লাগিছে তোমালোকৰ ? ঠাণ্ডাত কঁপিছা নেকি? তেতিয়া শিশু দুটাই স্বভাৱসুলভ মৰমলগা সুৰত কয়, “ঠাণ্ডাটো লাগিবই; কিন্তু এনেকুৱা পৰিৱেশ উপভোগ কৰিব লাগিব নহয় !
 
দিল্লীৰ জ্যেষ্ঠ কাশ্মীৰী আমোলা ড০ শ্বাহ ফাইজলকে ধৰি শতাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ফেচবুক, ইউটিউব, আৰু ‘এক্স’ত আপলোড কৰা অনন্তনাগৰ এই বৰফৰ ভিডিঅ’টো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।
 
 
মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই দেওবাৰে ‘এক্স’ত নিজৰ ১ কোটি ১০ লাখ অনুগামীৰ বাবে পোষ্ট কৰাৰ পিছত ইণ্টাৰনেটত ই খলকনি তুলিবলৈ আৰম্ভ কৰে। হাজাৰ হাজাৰ লোকে ৪ বছৰীয়া শিশু দুটাক মৰম আৰু শুভেচ্ছাৰে উপচাই পেলায়।
উল্লেখ্য যে, বিগত ৫ বছৰত কাশ্মীৰ উপত্যকাৰ শিশুৰ পৰা ছ’চিয়েল মিডিয়াত এইধৰণৰ প্ৰায় ৬টা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অনন্তনাগৰ ক্লিপটো চৰ্চালৈ আহিছে। তেনে এটা ভিডিঅ’ লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ জম্মু-কাশ্মীৰৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কিতাপ আৰু দীঘলীয়া অনলাইন ক্লাছৰ বোজা কমাবলৈ নিৰ্দেশ দিছিল।
 
এগৰাকী কণমানি ছোৱালীৰ এনেধৰণৰ আন এক ভিডিঅ’ত অনন্তনাগৰ জৰাজীৰ্ণ অৱস্থা আৰু পথৰ গাঁতবোৰ দেখা গৈছিল। ইয়াৰ পিছতে চৰকাৰৰ শীৰ্ষ মহলৰ পৰা অহা নিৰ্দেশ অনুসৰি পথ মেৰামতিৰ কাম আৰম্ভ হৈছিল।
 
মনকৰিবলগীয়া যে, এটা সময়ত সন্ত্ৰাসবাদীয়ে তেজৰ ফাকু খেলা কাশ্মীৰ উপত্যকাৰ পৰিৱেশ-পৰিস্থিতি মোদী চৰকাৰৰ শাসনকালত ব্যাপক ৰূপত পৰিৱৰ্তন হৈছে। নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাশ্মীৰৰ ৰূপ-লাৱণ্য উপভোগ কৰিবলৈ এতিয়া দেশ-বিদেশৰ অগণন পৰ্যটকে অঞ্চলটোত ভিৰ কৰেহি।