৭ ৰাজ্যক বিশেষ প্ৰাধান্য দি দেশত আৰম্ভ বাল্য বিবাহ মুক্ত অভিযান

Story by  atv | Posted by  [email protected] • 9 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ভাৰতীয় নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে বুধবাৰে বাল্য বিবাহ মুক্ত ভাৰত অভিযান শীৰ্ষক এক ৰাষ্ট্ৰীয় সজাগতা কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই সজাগতাৰ মূল লক্ষ্য হৈছে দেশত প্ৰচলিত বাল্য বিবাহৰ সমস্যা দূৰ কৰা।
 
মন্ত্ৰীগৰাকীয়ে এই সজাগতা কাৰ্যসূচী ঘোষণা কৰাৰ অনুষ্ঠানত জনোৱা অনুসৰি যোৱা এটা বছৰত ভাৰতত মুঠ ২ লাখ বাল্য বিবাহ প্ৰতিৰোধ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয়, আমাৰ দেশত প্ৰতি ৫ গৰাকী যুৱতীৰ ভিতৰত এগৰাকী ১৮ বছৰ হোৱাৰ পূৰ্বেই বিবাহ পাশত আবদ্ধ হয়। বাল্য বিবাহ মানৱ অধিকাৰ  উলংঘনৰ এক গুৰুতৰ ৰূপ। এয়া আইনগতভাৱে অপৰাধ।
 
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ অনুসৰি ২০১৯-২১ ৰ ভিতৰত ভাৰতত বাল্য বিবাহৰ হাৰ ২৩.৩ শতাংশ। ২০১৫-১ ৬ বছৰত বাল্য বিবাহৰ হাৰ আছিল ২৬.৮ শতাংশ। ২০০৫-৬ বৰ্ষত আকৌ ভাৰতত বাল্য বিবাহৰ হাৰ আছিল ৪৭.৪ শতাংশ।
 
এই তথ্য উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, ভাৰতে বিশ্বত বাল্য বিবাহৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বাল্য বিবাহ মুক্ত ভাৰত সজাগতা অভিযানৰ আওঁততাত বিশেষভাৱে লক্ষ্য কৰা হ'ব পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, ত্ৰিপুৰা, অসম আৰু অন্ধ্ৰপ্ৰদেশ।
 
মন্ত্ৰীগৰাকীৰ মতে এই ৰাজ্য কেইখনত বাল্য বিবাহৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক। মন্ত্ৰণালয়ে এই অভিযানৰ সময়ত মুঠ ৩০০ খন জিলাত বিশেষভাৱে সজাগতা চলাব।
 
মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে এই অনুষ্ঠানতে "Child Marriage Free Bharat Portal" প'ৰ্টেলো মুকলি কৰে। এই প'ৰ্টেলৰ জৰিয়তে সৰ্বসাধাৰণে বাল্য বিবাহ সম্পৰ্কীয় যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।
 
এনে অভিযোগ দাখিল হোৱাৰ পাছত সেয়া সংশ্লিষ্ট জিলা প্ৰশাসন বা Child Marriage Prohibition Officer (CMPO) লৈ প্ৰেৰণ কৰা হ'ব। প্ৰতিখন ৰাজ্যকে এই প'ৰ্টেলত তেওঁলোকৰ CMPO পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
 
মন্ত্ৰীগৰাকীৰ মতে এই সজাগতা অভিযানত কেৱল চৰকাৰেই নহয় সমগ্ৰ সমাজৰ অংশগ্ৰহণৰ প্ৰয়োজন। মন কৰিবলগীয়া যে যোৱা ১৮ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ এক ৰায়ত এই সজাগতাৰ কথা উল্লেখ কৰা হৈছিল।
 
এই সজাগতা অভিযান অব্যাহত ৰাখি ২০২৯ চনৰ ভিতৰত ভাৰতত বাল্য বিবাহৰ হাৰ ৫ শতাংশৰো তললৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।