চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাৰ শিৰত মিছ ৱৰ্ল্ডৰ মুকুট

Story by  atv | Posted by  [email protected] • 1 Months ago
চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাৰ শিৰত মিছ ৱৰ্ল্ডৰ মুকুট
চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাৰ শিৰত মিছ ৱৰ্ল্ডৰ মুকুট
 
নতুন দিল্লী

শনিবাৰে নিশা অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণত চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাই বিশ্ব সুন্দৰীৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হৈছে। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত অনুষ্ঠানত লেবাননৰ ইয়াছমিনা জেটৌনে প্ৰথম ৰানাৰ্ছ আপ হিচাপে পৰিগণিত হয়।
 
ক্ৰীষ্টিনাক ৭০ সংখ্যক মিছ ৱৰ্ল্ড কেৰ’লিনা বিয়েল’স্কাই মুকুট পিন্ধায়। আইন আৰু ব্যৱসায় দুয়োটা বিষয়তে ডিগ্ৰী লাভ কৰা মেধাৱী যুৱতী ক্ৰীষ্টিনাই মডেল হিচাপেও সফলতাৰে কাম কৰি আছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা মতে, ২০ বছৰীয়া পিস্কোভাই ক্ৰীষ্টিনা পিস্কো নামৰ এক ফাউণ্ডেশ্যনো প্ৰতিষ্ঠা কৰিছে।
 
ইংৰাজী, পোলেণ্ড, শ্লোভাক, জাৰ্মান ভাষাত সাৱলীল এই মডেলগৰাকীয়ে শিক্ষাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ পোষকতা কৰে।২০০৬ চনৰ বিশ্ব সুন্দৰী প্ৰতিযোগিতাত বিজয়ী টাটানা কুচাৰোভাৰ পিছত চেক গণৰাজ্যৰ দ্বিতীয়গৰাকী মিছ ৱৰ্ল্ড হিচাপে পৰিগণিত হৈছে পিস্কোভা।
 
উল্লেখ্য যে, ২৮ বছৰৰ বিৰতিৰ অন্তত ভাৰতলৈ ঘূৰি আহিছে মিছ ৱৰ্ল্ডৰ ফাইনেল।