যদিও আইনখন অৱশেষত তেওঁৰ বিৰুদ্ধে পৰিণত হ'ল, তথাপিও তেওঁৰ প্ৰকৃত ক্ষতি ব্যক্তিগত আছিল। ৰাষ্ট্ৰীয় বিতৰ্কৰ বোজা বহন কৰি তেওঁ অৱশেষত সংগ্ৰামৰ সলনি মৌনতাক বাছি লৈছিল, কাৰণ তেওঁ ন্যায়ৰ প্ৰতি আস্থা হেৰুৱাইছিল। তেওঁ এবাৰ কৈছিল, "মই সন্মান বিচাৰো, আন্দোলন নহয়। তথাপিও তেওঁ নিজেই এক আন্দোলনত পৰিণত হৈছিল। আদালতৰ ৰায়দানৰ বিফলতাৰ ঠাইত এই ছবিখনে সফলতা লাভ কৰে। ই এটা আইনী গোচৰৰ আঁৰত থকা মানৱীয় চেহেৰাটো পুনৰুদ্ধাৰ কৰে।
চৰিত্ৰসমূহৰ ভাষণে এটা সম্প্ৰদায়ৰ যন্ত্ৰণা প্ৰতিফলিত কৰে, যিটো জীয়াই থকা আৰু আত্ম-সন্মানৰ মাজত আৱদ্ধ হৈ আছে, কিন্তু ছবিখনে আমাক কেন্দ্ৰস্থলত থকা মহিলাগৰাকীক কেতিয়াও পাহৰিবলৈ নিদিয়ে। চাজিয়া বানোৰ সংলাপ, "তালাক এক গালি বন চুকা হ্যায়" (বিবাহ বিচ্ছেদ এক অভিশাপৰ শব্দ হৈ পৰিছে), আমাক মনত পেলাই দিয়ে যে প্ৰতিটো আদৰ্শগত বিতৰ্কৰ আঁৰত এগৰাকী নাৰী নীৰৱে ভুগি আছে।
যেতিয়া চলচ্চিত্ৰখনৰ আন এটা কণ্ঠই কয় যে, নিকাহ কেৱল এক চুক্তি নহয় বৰঞ্চ ই এক দায়িত্বহে, প্ৰশ্নটো অনিবাৰ্য হৈ পৰে যে, যদি বিশ্বাসে দুৰ্বল লোকসকলক সুৰক্ষা দিব নোৱাৰে, তেন্তে ই কিহৰ সুৰক্ষা দি আছে? ২০০১ চনত, শ্বাহ বানোৰ মৃত্যুৰ বহুদিনৰ পিছত, উচ্চতম ন্যায়ালয়ে ১৯৮৬ চনৰ আইনখন পুনৰ ব্যাখ্যা কৰে আৰু ইয়াৰ প্ৰকৃত অৰ্থ পুনৰুদ্ধাৰ কৰে যে, মুছলমান মহিলাসকলে জীৱনৰ বাবে ন্যায্য আৰু যুক্তিসংগত ব্যৱস্থা গ্ৰহণৰ অধিকাৰ আছে।
সুখী বিবাহিত দম্পতী (হক ছবিখনৰ দৃশ্য)
এই ছবিখন আৰু শ্বাহ বানোৰ কাহিনী দুয়োটাই আজিও প্ৰাসংগিক হৈ আছে। যিখন ভাৰতত এতিয়াও ইউনিফৰ্ম চিভিল কোড, ধৰ্মীয় স্বাধীনতা আৰু নাৰীৰ অধিকাৰক লৈ বিতৰ্ক চলি আছে, সেই একেই ভয় আৰু তৰ্ক-বিতৰ্ক পুনৰ উত্থাপন হৈ আছে। কিন্তু এই শিক্ষা যুগে যুগে চলি আহিছে। এখন ৰাষ্ট্ৰক ইয়াৰ পৰম্পৰা কিমান উচ্চস্বৰে ৰক্ষা কৰে তাৰ দ্বাৰা বিচাৰ কৰা নহয়, বৰং এই দেশৰ আটাইতকৈ দুৰ্বল নাগৰিকক কিমান নীৰৱে সুৰক্ষা দিয়ে তাৰ দ্বাৰাহে বিচাৰ কৰা হয়।
তেওঁৰ আইনী যুঁজৰ মাজেৰে, শ্বাহ বানোয়ে এটা প্ৰশ্ন উত্থাপন কৰিছিল, যিটো প্ৰশ্নই এতিয়াও আমাক অশান্তি দিয়ে: "যদি কোনো সমাজে নিজৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে মহিলাক বলি দিয়ে, তেন্তে সমাজ এখনে নিজকে নৈতিক সমাজ বুলি ক'ব পাৰিবনে?"
যিটো বিশেষ স্বীকৃতিৰ যোগ্য সেয়া হ’ল ভাৰতীয় ন্যায়পালিকাৰ নৈতিক সাহস৷ বাই তাহিৰাৰ পৰা ফুজলুনবি আৰু শেষত শ্বাহ বানোলৈকে আদালতে মুছলমান পৰিচয়ক এক কঠোৰ বা সংকীৰ্ণ বিষয়লৈ হ্ৰাস কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে ধর্মনিৰপেক্ষ আইনক বিশ্বাসৰ শত্ৰু বুলি নাভাবি, সাংবিধানিক মূল্যবোধ আৰু ধর্মীয় বিবেকৰ সমন্বয় সম্ভৱ বুলি প্ৰমাণ কৰা এটা সেতু হিচাপেহে গণ্য কৰিছিল।