৩.৬৪ কোটি টকাৰ ঘোষিত সম্পত্তিৰে ছফিয়া এটা ৰিয়েল এষ্টেট কোম্পানীৰ পৰিচালক আৰু কনফেডাৰেচন অৱ ৰিয়েল এষ্টেট ডেভেলপাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (ক্ৰেডাই)ৰ ভুৱনেশ্বৰ চেপ্টাৰৰ সভানেত্ৰী। ক্ৰেডাই চেপ্টাৰৰ মুৰব্বী হোৱা তেওঁ হৈছে প্ৰথমগৰাকী মহিলা। কে আই আই টি বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ বিটেক সম্পূৰ্ণ কৰাৰ পিছত ২৪ বছৰ বয়সত ছফিয়াই ৰিয়েল এষ্টেট খণ্ডত প্ৰৱেশ কৰে।Against all odds, Cuttack has spoken! 🎉 Sofia’s victory as MLA is a testament to the power of genuine connection. Even in these challenging times, with a strong opposition wave, the people of Cuttack chose the candidate who listened, who understood, who truly cares. This win… pic.twitter.com/IenwvtQhUe
— Sheikh Mairajul Haque 🇮🇳 (@mairajul99) June 5, 2024
উল্লেখ্য যে, ২০১৪ আৰু ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত দলীয় কৰ্মী হিচাপে পিতৃৰ হৈ ছফিয়াই কাম কৰিছিল। "মই পিতৃৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰু পৰিচালনাৰ কলা শিকিছিলো। সেই সময়ত মই কংগ্ৰেছ কৰ্মীসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিলোঁ। সেয়েহে তেওঁলোকে মোক সহজে গ্ৰহণ কৰিব পাৰিছিল। ইয়াৰ বাবেই দলে হয়তো মোক টিকট দিছিল।”-ছফিয়াই কয়।Thank you so much Cuttack for the Love and Support.
— Sofia Firdous (@sofiafirdous1) June 5, 2024
Come and join us in thanks giving rally.
Date - Today, 5th June
Time - 04.30 PM
Starting point - LIC Colony, Machua Bazaar, Cuttack #sofiafirdous #cuttack pic.twitter.com/4u5QSY1N9h