কাঠফুলাৰ খেতিৰে অন্যৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰা মীনা বেগম আৰু ছুফিয়া বেগম

Story by  Munni Begum | Posted by  Munni Begum • 3 Months ago
 মীনা বেগম আৰু ছুফিয়া বেগম
মীনা বেগম আৰু ছুফিয়া বেগম
 
মুন্নী বেগম / গুৱাহাটী
 
আৰ্থিক অনাটন দূৰ কৰাৰ বাবে কৃষিকাৰ্যক উপাৰ্জনৰ একমাত্ৰ মাধ্যম হিচাপে গ্ৰহণ কৰি নিজকে এগৰাকী সফল মহিলা কৃষক হিচাপে গঢ়ি তুলিছে বাক্সা জিলাৰ বৰমাৰ মীনা বেগমে। জৈৱিক পদ্ধতিৰে কাঠফুলা উৎপাদন কৰি তেওঁ কৃষিক্ষেত্ৰত নিজৰ নাম উজলাই তুলিছে। তেওঁ প্রথমতে নিজৰ ঘৰৰ চালিৰ তলত প্রায় এক কেজি কাঠফুলা ৰোপণ কৰি পিচলৈ 'মীনা মাছৰুম ফার্ম' নামেৰে কাঠফুলাৰ এখন ফার্ম আৰম্ভ কৰে। বৰ্তমান মীনাৰ উৎপাদিত কাঠফুলা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও ৰপ্তানি হয়। 
 
মহিলা কৃষক মীনা বেগমে 'আৱাজ-দ্য ভইচ'ক কয়, "২০১৫ চনৰ পৰা মই কাঠফুলাৰ খেতি কৰি আহিছো। ১০ হাজাৰ টকাৰে এই খেতি আৰম্ভ কৰিছিলো। প্রথমতে নিজৰ ঘৰৰ চালিৰ তলত মাত্ৰ ৪০০ গ্ৰাম কাঠফুলাৰ বীজ ৰোপন কৰিছিলো আৰু ইয়াৰ পৰা ৬ কেজি কাঠফুলা উৎপাদন হৈছিল। এইখিনি বিক্ৰী কৰি মোৰ ৬০০ টকা ৰাহি হৈছিল। ইয়াৰ পিছত মই কাঠফুলাৰ খেতিৰ বাবে কাঠফুলাৰ চিলিণ্ডাৰৰ সংখ্যা বৃদ্ধি কৰিলো। পিছত মোৰ দুই হাজাৰলৈ চিলিণ্ডাৰৰ সংখ্যা বৃদ্ধি হৈছিল। কিন্তু বানপানী আৰু ক'ভিডৰ বাবে মোৰ বহু চিলিণ্ডাৰে নষ্ট হৈ গৈছিল। কিন্তু মই হতাশ নহৈ পুনৰ খেতি আৰম্ভ কৰিছিলো। বৰ্তমান মোৰ ওচৰত এক হাজাৰ কাঠফুলাৰ চিলিণ্ডাৰ আছে।"   
 
 
আৰ্থিকভাৱে দুৰ্বল 'মিনা মাছৰুম ফাৰ্ম'ৰ স্বত্বাধিকাৰী মিনা বেগমে কাঠফুলা খেতিৰে পৰিয়াল পোহপাল দি আহিছে। তেওঁ কাঠফুলাৰ খেতি কৰি বছৰি ৫০ হাজাৰৰো অধিক উপাৰ্জন কৰি আহিছে। তেওঁ কেৱল কাঠফুলাৰ খেতি কৰাই নহয় কাঠফুলাৰ পৰা বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য সামগ্ৰী প্ৰস্তুত কৰি ৰাজ্যৰ লগতে বহিঃৰাজ্যলৈও ৰপ্তানি কৰি আহিছে।  
 
মীনা বেগমে কাঠফুলা খেতিৰ প্ৰশিক্ষণ দিয়া মহিলা গোট
 
মীনাই কয়, "কাঠফুলাৰ খেতি এক অতি লাভজনক ব্যৱসায়। ইয়াৰ খেতি কৰি বহু মানুহে একো একোটা পৰিয়াল চলাই আহিছে। যেতিয়া মই প্ৰথমে এই খেতি কৰিছিলো, তেতিয়া মই যথেষ্ট লোকচানৰ সন্মুখীন হৈছিলো। কিয়নো, মোৰ ব্যৱসায় খুৱেই বেয়া আছিল। কিয়নো মোৰ পৰা কোনোৱে কাঠফুলা কিনিবলৈ অহা নাছিল। ইয়াৰ এক মাত্ৰ কাৰণ হৈছে কাঠফুলা খালে মানুহৰ মৃত্যু হয় বুলি মানুহৰ মাজত এক ভুল ধাৰণা আছিল। কাঠফুলা কেৱল জনজাতীয় লোকসকলৰ মাজতহে খোৱাৰ প্ৰৱণতা বেছি। চহৰ অঞ্চলত ইয়াৰ ব্যৱসায় কিছু ভাল যদিও গ্ৰামাঞ্চলত খুবেই বেয়া। ইয়াৰ পিছত মই কাঠফুলাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে জনাৰ বাবে কলকাতালৈ গৈছিলো। তাত গৈ জানিব পাৰিছিলো যে, উৰহি আৰু নিচাজাতীয় দ্ৰব্যৰ সৈতে কাঠফুলা খালে মানুহৰ মৃত্যু হ'ব পাৰে। পিছত তাৰ পৰা উভতি আহি আহি মই কাঠফুলাৰ গুণাগুণ আৰু অপকাৰিতাৰ বিষয়ে মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলো।"
 
মীনা বেগমে উৎপাদন কৰা বিভিন্ন প্ৰকাৰৰ কাঠফুলা
 
৫ গৰাকী কৰ্মচাৰীৰে কাঠফুলা খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱা মীনাই আন বহুতকে আত্মনিৰ্ভৰশীল কৰি তুলিছে। তেওঁ সহস্ৰাধিক পুৰুষ-মহিলা উভয়কে বিনামূলীয়াকৈ কাঠফুলাৰ খেতিৰ প্ৰশিক্ষণ দি আহিছে। তেওঁ এতিয়ালৈ ২৫ টা মহিলা আৰু ১০টা পুৰুষ গোটক (এটা গোটত ১২ ৰ পৰা ৬০ জনলৈ সদস্য) বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছে। তেওঁ এগ্ৰিকালচাৰ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু নাৱাৰ্ড আদিৰ তৰফৰ পৰাও প্ৰশিক্ষণ দি আহিছে। 
 
মিনা বেগম তেওঁ প্ৰস্তুত কৰা সামগ্ৰীৰ সৈতে
 
কাঠফুলাৰ খেতি সন্দৰ্ভত মীনাই কয় যে, "কাঠফুলাৰ খেতিৰ বাবে শালিধানৰ খেৰৰ প্ৰয়োজন হয়। খেৰবোৰ  ১/২ ইঞ্চিকৈ কাটি এক বা দুই দিন পানীত তিয়াই থব লাগে, তাৰ পিছত খেৰবোৰ চূণ আৰু নিমপাত দি সিজাব লাগে। সিজোৱাৰ পিছত খেৰবোৰ ফেনৰ বতাহ বা ৰদত অধা শুকুৱাই প্লাষ্টিকৰ পেকেট কৰি তাত মাছৰুমৰ বীজ ৰোপন কৰিব লাগে। এই খেতি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা হয়। অসমৰ জলবায়ু অ'ইষ্টাৰ মাছৰুমৰ খেতিৰ বাবে খুব ভাল হয়। কিন্তু বটন মাছৰুমৰ বাবে ভাল নহয়। বাটন মাছৰূম কেৱল ঠাণ্ডাৰ বতৰত অৰ্থাৎ ডিচেম্বৰ আৰু জানুৱাৰী মাহতহে কৰিব পাৰি যদি কোনোৱে শূণ্য তাপমানৰ ব্যৱস্থা কৰি লয় তেন্তে তেওঁলোকে কৰিব পাৰে। অ'ইষ্টাৰ মাছৰুম, মিল্কী মাছৰুম, চিকাকাই মাছৰুম, ফ্লোৰিডা মাছৰুম আদিৰ খেতি সকলো ঋতুতে কৰিব পাৰি। মই অ'ইষ্টাৰ, মিল্কী, ফ্লোৰিডা এই তিনিওবিধ  কাঠফুলাৰ খেতি কৰিছো। যিবোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  লগতে বহিঃৰাজ্যলৈও ৰপ্তানি হয়। আনহাতে মই কাঠফুলাৰ গুড়িৰে পোকৰা, পিঠা, লাড়ু, পিজ্জা, খোৰ্মা, পাপড়, শিঙৰা, জেম-জেলী আদিও তৈয়াৰ কৰো। যিবোৰৰ বৰ্তমান বজাৰত বহুত ছাহিদা আছে। কাঠফুলাৰ গুড়িৰে মই প্ৰস্তুত কৰা সামগ্ৰী গুৱাহাটী, বাক্সা, নলবাৰী, দৰং, বৰপেটা, চিৰাং আদিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  লগতে দিল্লী, পুনে আদিলৈও ৰপ্তানি হৈ আহিছে। এতিয়া বহু মানুহে মোৰ ঘৰৰ পৰাই কাঠফুলা ক্ৰয় কৰাৰ লগতে মন্দিৰৰ বিভিন্ন অনুষ্ঠানৰ বাবেও মোৰ পৰা কাঠফুলা ক্ৰয় কৰি আহিছে।"   
 
মীনা বেগম আৰু ছুফিয়া বেগমে কৰা কাঠফুলাৰ খেতি
 
কাঠফুলাৰ লগতে মিনাই কেচু সাৰ, আছাৰ, নাৰিকলৰ পৰা জাম-জেলী, আইচক্ৰীম, চৰবত, বিস্কুত, চাটনি আদি প্ৰস্তু কৰি আহিছে।  ককোনাট বাইদেউ বুলিও মাতে সকলোৱে। ২০১৭ চনৰ পৰা কেচু সাৰৰ উৎপাদন কৰি অহা মীনাৰ ৮টা কেচুসাৰৰ টেংকি আছে এটা টেংকিৰ পৰা ১ কুইণ্টল সাৰ উৎপাদন কৰি আহিছে। মীনাই অকলে প্ৰস্তুত কৰা কেচুসাৰ বিক্ৰী কৰি বছৰি ৮০-৯০ হাজাৰ টকা উপাৰ্জনকৰি আহিছে। মীনাই তেওঁৰ কামৰ বাবে চৰকাৰ তথা বিভিন্ন অনুষ্ঠানৰ পৰা সম্বৰ্ধনাও লাভ কৰিছে।
 
কাঠফুলাৰ পৰা প্ৰস্তুত বিভিন্ন খাদ্য সামগ্ৰী
 
আনহাতে এছ বি মাছৰুম ফাৰ্মৰ স্বত্বাধিকাৰী ছুফিয়া বেগম নামৰ আন এগৰাকী মহিলা কৃষকেও কাঠফুলাৰ খেতি কৰি এই ক্ষেত্ৰখনত নিজৰ নাম উজ্বলাইছে। ২০০৭ চনৰ পৰা কাঠফুলাৰ খেতি কৰি অহা ছুফিয়াই কয় , "বৰ্তমান মাছ-মাংস, শাক-পাচলি আদি সকলোতে কেমিকেল মিক্স কৰা হয়। তেনে ক্ষেত্ৰত কাঠফুলা হৈছে ঔষধি গুণেৰে ভৰপূৰ এবিধ খাদ্য। আৰু ইয়াৰ উৎপাদন প্ৰক্ৰিয়া অতি সহজ। সেয়ে মই ভাবিছিলো যে যদি ঘৰতে ইয়াৰ খেতি কৰা হয়, তেন্তে মানুহে জৈৱিক পদ্ধতিৰে উৎপন্ন ঔষধি গুণ সম্পন্ন খাদ্য খাবলৈ পাব।"