মোবাইল ফোন শিশুৰ বাবে হৈ পৰিছে ডিজিটেল ক’কেইন

Story by  atv | Posted by  Munni Begum • 1 Years ago
এজাক কণ কণ শিশু
এজাক কণ কণ শিশু
মুন্নী বেগম / গুৱাহাটী 
 
বৰ্তমান সময়ত কণ কণ শিশুসকলক দৈনিক ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোবাইল ফোনত ব্যস্ত হৈ থকা দেখা যায়। যোৱা কেইবছৰমানৰ পৰা মোবাইলৰ প্ৰতি আসক্তি শিশুৰ বাবে এক মাৰাত্মক ব্যাধি হৈ পৰিছে। ড্ৰাগছ আৰু ক’কেইনৰ দৰে মাদক দ্ৰব্যই যিদৰে এটা প্ৰজন্মক ধ্বংসৰ মুখলৈ নিব পাৰে, ঠিক সেইদৰে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰেও শিশুক মানসিকভাৱে পংগু কৰিব পাৰে।
 
শিশু দিৱস উপলক্ষে আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই কয়, "সময় পৰিৱৰ্তনশীল। কেৱল শিশুৱে নহয় সময়ৰ লগে লগ প্ৰতিটো বস্তুৰে পৰিৱৰ্তন ঘটে। শিশুৰ পৰিৱৰ্তন ক্ষেত্ৰত আমি লক্ষ্য কৰা উচিত যে এই পৰিৱৰ্তন যোগাত্মক নে বিয়োগাত্মক। কিন্তু অতি পৰিতাপৰ কথা যে বৰ্তমান সময়ত শিশুসকলৰ পৰিৱৰ্তনৰ কথা কবলৈ গলে আমি সৰহসংখ্যক নেতিবাচক দিশত পৰিৱৰ্তন হোৱা দেখা পাও। কিয়নো বৰ্তমান যুগটো তথ্য-প্ৰযুক্তিৰ যুগ অৰ্থাৎ মোবাইল ফোন, ইণ্টাৰনেট, সামাজিক মাধ্যম, হোৱাটচ এপ ইত্যাদিৰ যুগ। যিহেতু শিশু সকলৰ মনটো অপৰিপক্ক হয় তেওঁলোকে ভাল কোনটো, বেয়া কোনটো বুজি নাপায়। তেনেকুৱা সময়ত কেৱল শিশুৱে নহয়, কিশোৰ-কিশোৰী যুৱক-যুৱতীয়ে এই সা-সুবিধাসমুহৰ সঠিক ব্যৱহাৰ কৰিছে নে নাই, সেয়া আমি লক্ষ্য ৰাখিব লাগিব।"
 
 
ক'ভিড মহামাৰীৰ পিছৰে পৰা শিশু সকলৰ মাজত মোবাইল ফোনৰ প্ৰতি আকৰ্ষন যথেষ্ট বৃদ্ধি পোৱা সন্দৰ্ভত ডাঃ দত্তই কয়, "বৰ্তমান সময়ত অধিকাংশ শিশুৰ মাজত ইণ্টাৰনেট তথা মোবাইল ফোনৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। ক'ভিড মহামাৰীৰ পিছত সম্পূৰ্ণ দুটা বছৰ শিশুসকলে স্কুললৈ যাব পৰা নাছিল। কিয়নো ক'ভিডৰ বাবে হোৱা লকডাউনৰ সময়ত সকলোৱে দিনৰ দিনটো ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছিল। যিহেতু শিশুৱে খেল-ধুলা কৰি যথেষ্ট ভাল পায়। তেওঁলোকে কি কৰো কি নকৰো কৈ এটা খেলনা বিচাৰি পালে যিটোক মই মোবাইল ফোন বুলি কব বিচাৰো। কিন্তু আজিকালি এবছৰীয়া শিশু এটিও মোবাইল ফোনটোকে লৈ খেলি থাকে। তেওঁলোকে পুতলা, গাড়ী বা বন্দুক আদি একো নিবিচাৰে। যি অতি ভয়াবহ। কিয়নো শিশুসকলে প্ৰথমে খেলনা হিচাপে খেলে যদিও পিছত যেতিয়া সিহঁতে গান ভিডিঅ' আদি উপভোগ কৰিব পৰা হয়, তেতিয়া তেওঁলোকৰ মোবাইলৰ প্ৰতি আসক্তিও বৃদ্ধি হবলৈ ধৰে। যাৰ ফলৰ তেওঁলোকৰ মাজত কিছু পৰিৱৰ্তন ঘটা দেখা যায়। যদি এই পৰিৱৰ্তন নেতিবাচক হয়, তেন্তে অভিভাৱকসকল সজাগ হোৱাৰ প্ৰয়োজন।"  
মোবাইলৰ প্ৰতি আসক্ত হৈ বহু শিশুৱে ইউটিউব চোৱা, যৌনগন্ধী বিষয়বস্তু থকা ছাইটবোৰ চোৱা, গেমিং কৰাৰ লগতে অনলাইন জুৱা আদি খেলৰ সৈতেও লিপ্ত হোৱা দেখা গৈছে। যাৰ ফলত বহু শিশুৰ শাৰিৰীক আৰু মানসিক জগতত প্ৰভাৱ পৰা দেখা যায়।     
এই সন্দৰ্ভত ডাঃ দত্ত কয়, " আজিকালি এক-ডেৰ বছৰীয়া শিশুৱে মোবাইল ফোনৰ প্ৰতি আসক্ত হৈ পৰা দেখা যায়। কিয়নো বহু এনেকুৱা পিতৃ মাতৃ আছে যিসকলে নানান অজুহাতত শিশুটিৰ হাতত মোবাইল ফোনটো তুলি দিয়ে। কিন্তু ক'ভিডৰ পিছত প্ৰতিটো শিশুৰ হাতে হাতে একো একোটা স্মাৰ্টফোন। আজিকালি লৰা ছোৱালী খুবে স্মাৰ্ট। পিতৃ মাতৃৰ ওচৰত থাকিলে পঢ়ি থাকে আৰু ওচৰত নাথাকিলে ভিডিঅ' চাই থাকে। যাৰ ফলত বহু শিশুৰ স্প'ণ্ডেলাইটিচত ভূগা দেখা গৈছে, দৃষ্টি শক্তি কমি গৈছে। ৰাজহাড়ৰ ডিঙিৰ অংশত সমস্যাৰ সৃষ্টি হৈছে, কাৰ্পেল টাৰ্নেল চিণ্ড্ৰ'মে দেখা দিছে, মেদবহুলতা বৃদ্ধি পাইছে। তদুপৰি শিশুসকল খিংখিঙীয়া হৈ পৰিছে। পঢ়া-শুনা কমি গৈছে। স্মৃতিশক্তি হ্ৰাস পাইছে, হতাশগ্ৰস্ততা বৃদ্ধি হৈছে, উদ্বিগ্নতাত ভুগিছে। ইয়াৰোপৰি বহু ঘণ্টা ধৰি ইণ্টাৰনেটৰ জগতখনত ব্যস্ত হৈ থকাৰ ফলত লাহে লাহে ছাইক'চিছ হৈছে অৰ্থাৎ তেওঁলোকৰ বাস্তৱৰ জগতৰ পৰা ক্ৰমান্বয়ে আঁতৰি কাল্পনিক জগতত বিচৰন কৰিবলৈ লৈছে। বহু শিশুৱে হেল্যুচিনেশ্বন আৰু ইল্যুজ'নত ভোগা দেখা গৈছে। মই এনে বহু শিশু পাইছো আৰু চিকিৎসা কৰিছো। আনহাতে বৈজ্ঞানিক গৱেষনা অনুসৰি মোবাইল ফোনৰ সক্ত হৈ পৰিলে যিকোনো ব্যক্তিৰ মস্তিষ্কত থকা হিপোকেম্পাছ নামৰ অংশটো সংকুচিত হবলৈ আৰম্ভ কৰে। যাৰ ফল মন মগজুৱে কাম নকৰা হয়"
 
এটি কণমানি শিশুৱে মোবাইলফোন লৈ খেলি থকা এক দৃশ্য
 
ডাঃ দত্তই কয় যে মোবাইলফোনৰ প্ৰতি থকা আসক্তিৰ ফলত বহু শিশুৱে নিজৰ পঢ়া শুনাত মনোযোগ দিয়া কমাই দিছে, অতি দৰকাৰী কাম নকৰি তেওঁলোকে ফোনত ব্যস্ত হৈ থকা দেখা যায়। শিশু আৰু অভিভাৱকৰ মাজত সংঘাটৰ সৃষ্টি হৈছে। শৃংখলাবদ্ধতা নাইকীয়া হৈ যোৱাৰ  দৰেই হৈছে। ইণ্টাৰনেট জৰিত অপৰাধবোৰত তেওঁলোক লিপ্ত হোৱা দেখা গৈছে। কণ কণ শিশুৱে বলপূৰ্বকভাৱে আনএটি শিশুক ধৰ্ষন কৰা, ডকাইটি, চুৰ ইত্যাদি ইত্যাদি অপৰাধ সংঘটিত কৰিছে
ডাঃ দত্তই কয়, "বৰ্তমান যুগত শিশুৰ শৈশৱটো কৰোবাত হেৰাই গৈছে। শৃংখলাবদ্ধতা নহোৱা হৈছে। ইয়াৰ কাৰন হৈছে মোবাইল ফোনৰ জগতখন। কিয়নো শিশু সকলৰ কোমোল মনবিলাকৰ বাবে মোবাইল ফোনটো খুব আমোদজনক এবিধ সামগ্ৰী। কোনো শিশুৱে মাতৃৰ গৰ্ভত মোবাইফোন কি? আধুনিক প্ৰযুক্তিনো কি?  এইবোৰ শিকি নাহে। শিশুএটিয়ে পৃথিবীলৈ আহিহে চাৰিওফালে দেখি দেখি সকলোবোৰ অনুসৰন কৰে। এটা বয়সৰ পিছতে অৰ্থাৎ ৪-৫ বয়সৰ পিছতে এটা শিশুৱে চিন্তা কৰিবলৈ শিকে। তেতিয়াও তেওলোকৰ চিন্তা কংক্ৰিটাইজ হৈ থাকে। তেনেসময়ত যদি কোনো শিশু মোবাইল ফোনৰ প্ৰতি আসক্ত হৈ পৰিছে তেন্তে আমি শিশু সকলক দোষাৰূপ কৰিব নোৱাৰো। ইয়াৰ বাবে দোষী কেৱল মাত্ৰা অভিভাৱক সকলহে। কিয়নো অভিভাৱক সকলে নিজৰ জীৱনটো সহজ কৰিবলৈ গৈ শিশুক মোবাইফোনৰ প্ৰতি পৰিচয় কৰোৱাই দি আহিছে। কিন্তু এইটো সমাধান নহয়। মই ভাৱো যে বৰ্তমান সময়ত প্ৰতিগৰাকী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীৰে অতি গুৰুত্বপূৰ্ণ দ্বায়িত হৈ পৰিছে যে এই বিপথগামী শিশু আৰু কিশোৰ-কিশোৰীসকলক সু-পথলৈ উভতাই আনিব লাগিব।" 
প্ৰতিটো শিশুৱে হৈছে এখন দেশৰ ভৱিষ্যত। শিশুসকলক মানৱসম্পদ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে নিজে একো একোজন মানৱ সম্পদ হবলৈ চেষ্টা কৰিব লাগিব। এই সন্দৰ্ভত ডাঃ দত্তই কয়, "শিশুসকলক মানৱসম্পদ হিচাপে গঢ়ি তুলিবলৈ অভিভাৱক সকলক তেওঁলোকৰ আদৰ্শ ব্যক্তি হব লাগিব। কিয়নো বৰ্তমান সময়ত যদি এটি শিশু সোধা তুমি কাৰ দৰে হব বিচৰা বা তুমা আদৰ্শ ব্যক্তি কোন তেওঁলোকে বিমোৰ্ত পৰে কাৰ নাম কব বিবেচনা কৰিব নোৱাৰে। কিন্তু পূৰ্বতে শিশুসকলে তপৰাই উত্তৰ দিছিল যে মই মোৰ পিতৃ মাতৃ দৰে হব বিচাৰো। সেয়ে মই কব বিচাৰো যে অভিভাৱকসকলে পুনৰ নিজৰ সন্তানৰ বাবে আদৰ্শ ব্যক্তি হোৱাৰ সময় আহি পৰিছে। সন্তানৰ বাবে আদৰ্শ ব্যক্তি হবলৈ হলে অভিভাৱকে নিজে কিছুমান কাম কৰা এৰিব লাগিব।
 
কণ কণ শিশুসকলে খেলি থকা এক দৃশ্য
 
অভিভাৱকসকলে দৈনিক নিজৰ সন্তানক গুনগত সময় দিব লাগিব।  দুই-তিনি ঘণ্টা সময় নিজৰ সন্তান সৈতে কটাব লাগিব তেওঁলোকৰ সৈতে চকুত চকু থৈ কথা পাতিব লাগিব। সন্তানৰ মনৰ ভিতৰত কি চলি আছে, কাৰ লগত কথা পাতিছে, বন্ধু বৰ্গ কিমান  নে অকলসৰে আছে, ইণ্টাৰনেট কিমান সময় ব্যৱহাৰ কৰিছে এই সকলোবোৰ জানিবৰ বাবে সন্তানৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগিব। সন্তানক সময় আৰু বয়স উপযোগী কিছুমান কথা বুজাই দিব লাগিব। তেওঁলোকে কৰা কিছুমান ভাল কামৰ বাবে তেওঁলোকক মৰম আদৰ কৰাৰ উপৰিও কেতিয়াবা কেতিয়াবা উপহাৰো দিব লাগিব। ইয়াৰোপৰি তেওঁলোকক মূল্যবোধৰ লগতে সফলতাৰ সংজ্ঞা কি সৰুৰে পৰা বুজাব লাগিব।"
 
কণ কণ শিশুৱে যোগ কৰা এক দৃশ্য
 
ডাঃ সংগীতা দত্তই কয়, "কোৱা হয় যে এটি শিশু হৈছে ভগৱানৰ এক উপহাৰ। কিন্তু বৰ্তমান সময়ত ভগৱানৰ এই উপহাৰটো আমি উপহাৰ হিচাপে ৰাখিবলৈ অভিভাৱক সকলে বহু প্ৰত্যাহ্বানৰ সন্মূখীন হোৱা দেখা যায়। শিশুসকল যিহেতু অতি নিষ্পাপ। সেয়েহে তেওঁলোকৰ নিষ্পাপতা ৰক্ষা কৰি তেওঁলোকৰ শিক্ষা, অধিকাৰ, সুৰক্ষা আদি সুৰক্ষিত কৰি সময় উপযোগীকৈ অধুনিক প্ৰযুক্তি পৰা দূৰ ৰাখি তেওঁলোকক ভাল মানুহ হিচাপে গঢ়িব লাগিব আৰু তেওঁলোকৰ হেৰুৱা শৈশৱ উভতাই আনিব লাগিব। এইটোৱে শিশু দিৱসৰ মূল উদ্দেশ্য হব বুলি মই ভাবো।"
 
(শিশু দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)