দুৰ্যোগ বিধ্বস্ত ডিমা হাচাওৰ পুনৰ নিৰ্মাণত দিন-ৰাতি একাকাৰ নাজৰীন আহমেদৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ডিমা হাচাও জিলাৰ উপায়ুক্ত নাজৰীন আহমেদে জিলাখনৰ বানে বিধ্বস্ত কৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে
ডিমা হাচাও জিলাৰ উপায়ুক্ত নাজৰীন আহমেদে জিলাখনৰ বানে বিধ্বস্ত কৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে
ইমতিয়াজ আহমেদ / গুৱাহাটী
 
মধ্য আৰু নামনি অসমত বৰ্তমান বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে যোৱা মাহত পাহাৰীয়া জিলা ডিমা হাচাওত মুষলধাৰ বৰষুণ আৰু বানপানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰচণ্ড ঢৌ আৰু ভূমিস্খলনত পাহাৰীয়া জিলাখনৰ প্ৰায় সকলো আন্তঃগাঁথনি সম্পূৰ্ণ অথবা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। মে’ মাহৰ মাজভাগত হোৱা এই প্ৰলয়ংকৰী বানপানীৰ ফলত ডিমা হাচাওৰ পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছিল।
 
এনে পৰিস্থিতিত জিলাখনত পুনৰুদ্ধাৰৰ কাম যুদ্ধ গতিৰে আৰম্ভ হয়। আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ এই কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছিল যদিও বৰ্তমান হৈ থকা প্ৰবল বৃষ্টিপাত আৰু বানপানীৰ ফলত জিলাখনৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিছে। 
এনে এক জটিল পৰিস্থিতি আৰু প্ৰাকৃতিক দূৰ্যোগৰ মাজতে এগৰাকী মহিলাই অদম্য সাহস আৰু দৃঢ়তাৰে ডিমা হাচাও জিলাৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ অবিৰত প্ৰচেষ্টা চলাই আছে। পাহাৰীয়া জিলাখনত সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বান নেওচি তেওঁ জনসাধাৰণৰ খাদ্য আৰু চিকিৎসা সুবিধা নিশ্চিত কৰিছে। গাড়ী-মটৰ যাব নোৱাৰা দূৰ্গম স্থানলৈ খোজকাঢ়ি গৈ হলেও পুনৰুদ্ধাৰৰ কাম ব্যক্তিগতভাৱে তদাৰক কৰা এইগৰাকী সাহসী মহিলা হ’ল জিলাখনৰ উপায়ুক্ত নাজৰীন আহমেদ। বতৰ উন্নত হোৱাৰ লগে লগে ডিমা হাচাও জিলালৈ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি তেওঁ আশাবাদী। 
আৱাজ-দ্যা ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰাক্তন ক্ৰিকেটাৰ তথা জিলা উপায়ুক্ত নাজৰীন আহমেদে কয়, "ডিমা হাচাওৰ পথ আৰু অন্যান্য মৌলিক আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। কিন্তু এতিয়া পুনৰ হোৱা বানপানী আৰু মুষলধাৰ বৰষুণে আকৌ এবাৰ সকলো বিধ্বস্ত কৰি পেলাইলে। ভূমিস্খলন আৰু বৰষুণৰ পানীৰ প্ৰচণ্ড ঢৌৰ ফলত সকলো পথ, বিশেষকৈ হাফলংৰ পৰা শিলচৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ যথেষ্ট ক্ষতিসাধন হৈছে। বৰষুণৰ পানীয়ে ৰাস্তা-ঘাট উটুৱাই লৈ গৈছে। তাতোকৈ ডাঙৰ কথা, প্ৰচণ্ড বৰষুণে পুনৰুদ্ধাৰৰ সকলো কাম প্ৰভাৱিত কৰিছে।"
 
ডিমা হাচাওত মুষলধাৰ বৰষুণ আৰু বানপানীৰ প্ৰচণ্ড ঢৌ আৰু ভূমিস্খলনত পাহাৰীয়া জিলাখনৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছে নাজৰীন আহমেদ আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচাই
 
জিলাখনত পুনৰুদ্ধাৰৰ কামত আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰাজ্যিক গড়কাপ্তানি বিভাগৰ (পি ডব্লিউ ডি) তৎপৰতাক তেওঁ ভূয়সী প্ৰশংসা কৰে। "পি ডব্লিউ ডি আৰু এন এইচ এ আই উভয়ে নিজৰ ফালৰ পৰা সকলো প্ৰচেষ্টা চলাইছে। মই ব্যক্তিগতভাৱে সকলো তদাৰক কৰি আছো, যাতে তেওঁলোকে জৰুৰীকালীন ব্যৱস্থাপনাত কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। কামৰ ধাৰাবাহিকতা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰতিকূল বতৰ আমাৰ বাবে চিন্তাৰ কাৰণ হৈ আহিছে," বিষয়াগৰাকীয়ে কয়।
ৰে’ল আৰু পথ সংযোগ বন্ধ হোৱাৰ বাবে জিলাখনে খাদ্য শস্যৰ সংকটৰ সন্মুখীন হৈছে নেকি বুলি সোধাত নাজৰীন আহমেদে কয়, “একেবাৰে সংকট হোৱা নাই। দুৰ্যোগৰ পৰিস্থিতি পৰিচালনাৰ ক্ষেত্ৰত তৎকালীন সঁহাৰি জনোৱাৰ বাবে অসম চৰকাৰলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি যেতিয়াই প্ৰয়োজনীয় খাদ্যশস্য আৰু অন্যান্য সামগ্ৰীৰ বাবে আবেদন জনাও, সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহে তেতিয়াই তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু কোনো বিলম্ব নকৰাকৈ সামগ্ৰীসমূহ এয়াৰড্ৰপ কৰা হৈছে। আমাৰ হাতত এতিয়া পৰ্যাপ্ত পৰিমাণৰ খাদ্যশস্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী মজুত আছে।”
উল্লেখ্য যে, পাহাৰীয়া জিলা ডিমা হাচাওৰ আনুমানিক জনসংখ্যা হ’ল প্ৰায় ২.৩৫ লাখ আৰু ইয়াৰে অধিকাংশই দূৰ্গম অঞ্চলত বাস কৰে। গাড়ী-মটৰ যাব পৰা অন্তিমটো স্থানলৈ প্ৰশাসনে প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ লৈ যায় আৰু স্থানীয় লোকসকলে মূৰত বা পিঠিত কঢ়িয়াই অথবা অন্য প্ৰকাৰে সামগ্ৰীসমূহ দূৰ্গম স্থানসমূহলৈ নিয়াৰ ব্যৱস্থা কৰে। 
 
ডিমা হাচাও জিলাখনৰ কেইবাটাও স্থানত ৰে’লপথ উটি যোৱাৰ লগতে কাষৰীয়া পাহাৰৰ পৰা খহি পৰা বোকা-মাটিত নিউ হাফলং ষ্টেচন সম্পূৰ্ণৰূপে পোত খাইছে
 
আহমেদে কয় যে ডিমা হাচাওৰ সৈতে সংলগ্ন হৈ থকা কাছাৰ জিলা প্ৰশাসনেও কিছু আন্তঃজিলা সীমান্তৱৰ্তী অঞ্চলত সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্য্যত সহায় কৰি আছে, যিহেতু সেই অঞ্চলসমূহ হাফলঙৰ পৰা বিচ্ছিন্ন হৈ আছে।
মনকৰিবলগীয়া যে, জিলাখনৰ কেইবাটাও স্থানত ৰে’লপথ উটি যোৱাৰ লগতে কাষৰীয়া পাহাৰৰ পৰা খহি পৰা বোকা-মাটিয়ে নিউ হাফলং ষ্টেচন আৰু কেইটামান সুৰংগ পথ সম্পূৰ্ণৰূপে পোত খাই গৈছে। শেহতীয়াকৈ এন এফ ৰে’লৱেই জনাইছে যে জিলাখনৰ সৈতে ৰে’ল সংযোগ পুনৰ স্থাপন কৰিবলৈ কেইমাহমান সময় লাগিব৷
পুনৰুদ্ধাৰ আৰু পুনৰ্নিমাণ কাৰ্য ক্ষিপ্ৰ কৰাৰ ক্ষেত্ৰত নিজৰ ব্যক্তিগত পদক্ষেপৰ আঁৰত থকা চালিকা শক্তিৰ বিষয়ে আহমেদক সুধাত কয়, “এয়া হৈছে উদ্যম। যদি কোনোবাই সেৱাৰ মনোভাৱেৰে আগবাঢ়িব বিচাৰে, উৎসাহী হয়, তেন্তে সকলো সম্ভৱ আৰু অসুবিধা-প্ৰত্যাহ্বান থাকিলেও সহজ যেন দেখা যায়। মোৰ এটা অভ্যাস আছে যে, মই কোনো কাম সম্পূৰ্ণ কৰিবলৈ পিছদিনালৈ ৰৈ থাকিব নোৱাৰো। মোৰ সন্মুখলৈ যিয়েই নাহক কিয়, মই কামটো সোনকালে সম্পূৰ্ণ কৰিহে এৰো। ইয়াৰ উপৰিও যেতিয়া আপুনি নিজৰ সহকৰ্মীসকলৰ পৰা সমৰ্থন পায়, তেতিয়া অতিৰিক্তভাৱে অধিক কাম কৰিবলৈ উৎসাহ পোৱা যায়।”
 
ভূমিস্খলন আৰু বৰষুণৰ পানীৰ প্ৰচণ্ড ঢৌৰ ফলত ক্ষতিসাধন হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিদৰ্শন কৰিছে নাজৰীন আহমেদে
 
১৯৯২ বেটচৰ অসম অসামৰিক সেৱাৰ বিষয়া নাজৰীন আহমেদে যোৱা বছৰৰ নৱেম্বৰৰ পৰা ডিমা হাচাও জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গুৱাহাটীৰ বাসিন্দা আহমেদে পাহাৰীয়া জিলাখনলৈ নামি অহা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ পিছত নিজ ঘৰলৈও অহা নাই। শেহতীয়া সময়ছোৱাত তেওঁ জিলাখনৰ সাহায্য আৰু পুনৰুদ্ধাৰৰ কাম-কাজৰ তদাৰক কৰিবলৈ প্ৰায়ে খোজকাঢ়ি দূৰ্গম স্থানসমূহ ভ্ৰমণ কৰিছে । ডিমা হাচাওৰ উপায়ুক্ত হিচাপে যোগদান কৰাৰ দিনাই আহমেদে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দি সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, “মই ইয়াত কাম কৰিবলৈ আহিছো”।