আফগানিস্তানত নাৰীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত

Story by  atv | Posted by  Munni Begum • 8 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ডঃ অভিজিত কুমাৰ দত্ত
 
মধ্য যুগৰ পৰা প্ৰায় ১৭৫০ চনলৈ আফগানিস্তানৰ পূৱ অংশ যেনে কাবুলিস্তান আৰু জাবুলিস্তান আছিল ভাৰতবৰ্ষৰ অংশ৷ আফগানিস্তানৰ দক্ষিণ অংশ আছিল খোৰাচান, টোকাৰি স্থান আৰু চিস্তানৰ অংশ৷ ১৮৭৬ চনত আফগানিস্তান ভাৰতবৰ্ষৰ পৰা পৃথক হয়৷ লাহে লাহে আফগানিস্তানত ৰাছিয়া, আমেৰিকা আদিৰ হস্তক্ষেপত বহু সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হয়৷ আফগানিস্তানত বসবাস কৰা নাৰীসকলেও উগ্রপন্থাৰ বাবে স্বাধীন জীৱন যাপন কৰাত আহুকালৰ সন্মুখীন হয়৷ 
 
২০২১ চনৰ যোৱা ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা আফগানিস্তানৰ নাৰীসকলৰ ভৱিষ্যত সম্পর্কে বিভিন্ন মহলত অধিক আলোচনা হয়৷ পূৰ্বৰ দৰেই নাৰীসকল পুনৰ তালিবানৰ হাতত মানসিক আৰু শাৰীৰিকভাবে নির্যাতিত হোৱাৰ সংখ্যা বৰ্তমান কমি আহিছে, যদিও তালিবান শাসনতন্ত্রই নাৰীসকলৰ অধিকাৰ সম্পূৰ্ণৰূপে আজিকোপতি সুৰক্ষিত কৰিব পৰা নাই। শ্বৰীয়‍ৎ আইন অনুসৰি নাৰীয়ে জীৱন নিৰ্বাহ কৰাৰ ফলত দেশখনত নাৰীসকলে উপযুক্ত সন্মান আজিলৈ উপভোগ কৰিবলৈ সমৰ্থ হোৱা নাই৷
 
পিছে আফগানিস্তানৰ মহিলাসকলৰো এক বিশেষ ইতিহাস আছে৷ আজিৰ তাৰিখত নাৰীৰ অধিকাৰ তেওঁলোকে সম্পূৰ্ণৰূপে উপভোগ কৰাত বাধাৰ সন্মুখীন হৈছে, যদিও এসময়ত তেওঁলোকে দেশখনৰ বিকাশ আৰু উন্নতিৰ ক্ষেত্ৰত বিশেষ অৰিহনা আগবঢ়াইছে। বৃটিছসকলে আফগানিস্তানক স্বাধীনতা প্ৰদান কৰাৰ পৰা আজিকোপতি নাৰীসকলে সামাজিক, ৰাজনৈতিক অথবা আর্থ-সামাজিক দিশত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে অথবা কঠোৰপন্থী ধৰ্মীয় নেতা অথবা তালিবানৰ দ্বাৰা কেনেদৰে নিগৃহিত হৈছে সেই বিষয়ে আলোচনা কৰা হৈছে এই লেখাটিত।
 
প্ৰতিনিধিত্বমুলক ছবি
 
১৭৪৭ চনৰ পৰা ১৮২৩ চনলৈ চলা ডুৰাণী সাম্ৰাজ্যৰ সময়ত আফগান মহিলাসকলে নিজৰ মুখমণ্ডল বোৰ্খাৰে ঢাকি ৰাখিছিল৷ পুৰুষ প্ৰধান আফগান সমাজত নাৰীসকলক সামাজিক, মৌলিক অধিকাৰ আদি ভোগ কৰিবলৈ দিয়া হোৱা নাছিল৷ সেই সময়তেই এই অঞ্চলৰ ক্ষমতাশালী লোক তথা ৰাজ পৰিয়ালৰ বিভিন্নজন সদস্যই হাৰেম স্থাপন কৰিলে৷ বিবাহিতা পত্নীৰ উপৰিও উপপত্নী তথা শাৰিৰীক সম্পৰ্কৰ বাবে ব্যৱহাৰ কৰা নাৰীসকলে হাৰেমত বাস কৰিবলৈ ল'লে৷ অৱশ্যে সেই সময়তেই লিখক অথবা কবি হিচাপে আত্মপ্ৰকাশ কৰা বিভিন্নগৰাকী নাৰী যেনে জাৰঘ'না আন্না, মিৰমন আয়েচা, বাবুজান আদিয়ে নিজৰ কলাসুলভ দক্ষতা প্ৰদৰ্শন কৰি জনসমাজত জনপ্ৰিয়তা অৰ্জন কৰিলে৷
 
১৭৪৭ চনৰ পৰা আৰম্ভ হোৱা ডুৰাণী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল আহমদ শ্বাহ আবডালি৷ মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু মধ্যপূৱ অঞ্চলৰ কেতবোৰ ঠাই সামৰি আহমদ শ্বাহ আবডালিয়ে নিজ সাম্রাজ্য বিস্তাৰ কৰিছিল৷ বৰ্তমানৰ আফগানিস্তান, পাকিস্তান তথা ইৰাণ, তুর্কমেনিস্তান আৰু ভাৰতবৰ্ষৰ কেতবোৰ অঞ্চল পর্যন্ত আহমদ শ্বাহ আবডালিয়ে দখল কৰিছিল।
 
১৮২৩ চনত বৰ্তমানৰ আফগানিস্তান বৰাকজাই সাম্ৰাজ্য হিচাপে পৰিগণিত হ'ল৷ ডুৰাণী সাম্ৰাজ্যৰ আহমদ শ্বাহ ডুৰাণীক ক্ষমতাচ্যুত কৰি দোষ্ট মহম্মদ খানে বৰাকজাই সাম্রাজ্য প্ৰতিষ্ঠা কৰিলে৷ পিছে মহম্মদ খানৰ শাসনকালতো মহিলাসকলৰ অৱস্থাৰ পৰিবৰ্তন নহ'ল। সেই সময়তো মহিলাসকল বিভিন্ন ধৰণৰ বৈষম্যৰ বলি হবলগীয়া হ'ল৷ 
 
১৮২৩ চনত বৰাকজাই সাম্ৰাজ্যৰ গৌৰৱ পেশ্বৱাৰ উপত্যকা দখল কৰিলে ৰঞ্জিত সিঙে নেতৃত্ব দিয়া শিখ খালচা সৈন্য দলে৷ আনহাতে বৰাকজাই সাম্ৰাজ্যৰ সময়তেই বৃটিছে বিভিন্ন অঞ্চল অধিকাৰ কৰিলে৷ সেই সময়তেই আফগানিস্তানত আৰম্ভ হ'ল গৃহযুদ্ধ। ১৯২৮ চনৰ পৰা ১৯২৯ চনলৈ চলা এই গৃহযুদ্ধত নাৰীসকল পদে পদে লাঞ্চিত হ'ল৷ 
 
ডুৰাণী সাম্ৰাজ্যৰ প্ৰতিনিধিত্বমূলক ছবি
 
১৯১৯ চনত আফগান শাসনকর্তা হাবিবুল্লা খান নিধন হোৱাৰ পিছতেই তেওঁৰ পুত্ৰ আমানুল্লা খানে শাসনৰ বাঘজৰী তেওঁৰ হাতলৈ আনে স্বাধীনচেতীয়া আমানুল্লা খানে বৃটিছ শাসনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ ১৯১৯ চনৰ আগষ্ট মাহত খান আৰু বৃটিছসকলৰ মাজত বৰ্তমানৰ পাকিস্তানৰ ৰাৱালপিণ্ডিত এক চুক্তি স্বাক্ষৰ কৰা হয় আৰু এই চুক্তিমর্মে আমানুল্লা খানে শাসনভাৰ গ্ৰহণ কৰে৷ 
 
আমানুল্লা খানৰ শাসনকালত আফগানিস্তানত বাস কৰি থকা মহিলাসকলৰ স্বাধীনতাৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ ৰজা আমানুল্লা খানে নাৰীৰ অধিকাৰ অক্ষুণ্ণ ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰে৷ এক আধুনিক আফগানিস্তান গঢ় দি তুলিবলৈ তেওঁ নাৰীসকলৰ স্বাধীনতা আৱশ্যক বুলি মত পোষণ কৰে আৰু আফগানিস্তানৰ পুৰুষ প্ৰধান সমাজখনত নাৰীসকলক সমমর্যদা প্ৰদান কৰাৰ হকে বিভিন্ন পদক্ষেপ হাতত লয়৷ স্ত্রী-শিক্ষাৰ বাবে তেওঁ অভিভাৱকসকলক উৎসাহ যোগায়৷ পশ্চিমীয়া সভ্যতা তথা কলা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত আমানুল্লা খানে মহিলাসকলৰ বেশভূষাত পৰিবৰ্তন সাধন কৰাৰ উদ্দেশ্যেৰে বোৰ্খাৰো বিলোপ সাধন কৰে৷ 
 
জনসমাজত মহিলাক সমমর্যদা প্ৰদান কৰাৰ অৰ্থে ১৯২১ চনত আমানুল্লা খানে আফগানিস্তানত এক আইন প্ৰণয়ন কৰে৷ এই আইন অনুসৰি বলপূর্বক বিয়া, বাল্যবিবাহ, যৌতুক প্রথা আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়৷ একেদৰে এই আইনৰ দ্বাৰা বহুবিবাহৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হয়৷
 
আমানুল্লা খানৰ পত্নী চোৰায়া তাৰ্জীয়ে পতিৰ পদাংক অনুসৰণ কৰি আফগানিস্তানৰ মহিলাসকলৰ হকে বিভিন্ন উন্নয়নমূলক কাম হাতত লয়৷ ১৮৯৯ চনৰ ২৪ নৱেম্বৰত চিৰিয়াত জন্মগ্ৰহণ কৰা চোৰায়াৰ পিতৃ আছিল চৰ্দাৰ মহম্মদ বেগ তাৰ্জী। সৰুকালিৰ পৰাই মহম্মদ বেগ তাৰ্জীয়ে তেওঁৰ দুহিতা চোৰায়াক আধুনিক শিক্ষা আৰু ধ্যান-ধাৰণাৰে পুষ্ট কৰি তুলিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰাণী চোৰায়াই আফগানিস্তানৰ মহিলাসকলৰ স্থান উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনি হাতত লয়া। ব্যক্তিগত তথা কৰ্মজীৱনত মহিলাসকলৰ স্থান সুনিশ্চিত কৰিবলৈ ৰাণী চোৰায়াই অঞ্জুমান-ই-হিমায়ৎ-ই-নিশ্বান (মহিলাসকলৰ সুৰক্ষাৰ বাবে গঠন কৰা সংগঠন) নামৰ এক সংগঠনৰ জন্ম দিয়ে৷  উল্লেখযোগ্য যে এই মহান কৰ্মত ৰাণীক সহযোগ কৰে তেওঁৰ দুই ননদ অর্থাৎ আমানুল্লা খানৰ ভগ্নী চাহিৰা বেগম আৰু কুবৰাহ বেগমে৷ 
 
অকল মহিলাৰ বাবে গঠন কৰা এই সংগঠনৰ অধীনত ৰাণী চোৰায়া, চাহিৰা বেগম আৰু কুবৰাহ বেগমে আফগানিস্তানৰ বিভিন্ন অঞ্চলত বিদ্যালয় স্থাপন কৰি মহিলাসকলক শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহ যোগায়৷ উল্লেখযোগ্য যে ৰাণী চোৰায়াই মহিলাসকলক আধুনিক কৰি তোলাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা পালন কৰে আৰু স্বামী আমানুল্লা খানৰ সতে বিভিন্ন সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আফগান মহিলাসকলক সমাজৰ সকলো স্তৰত যোগ দিবলৈ উৎসাহিত কৰে৷ অতদিনে আফগানিস্তানত চলি থকা বোৰ্খা প্ৰথাৰো বিৰোধ কৰি তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত বোৰ্খা অবিহনেই যোগদান কৰে৷
 
১৯২৯ চনত আমানুল্লা খানৰ মৃত্যুৰ পিছত আফগানিস্তানৰ ৰাজপাটত বহে নাদিৰ খানে৷ উল্লেখযোগ্য যে নাদিৰ শ্বাহে শাসনত বহাৰ নিমিত্তে আমানুল্লা খানক ৰাজপাটৰ পৰা বিতাৰিত কৰিছিল আৰু এই ক্ষেত্ৰত নাদিৰ খানক সহায়ৰ হাত আগবঢ়োৱা ৰক্ষণশীল সমৰ্থকসকল মহিলাসকলৰ শিক্ষা ব্যৱস্থাত একেবাৰে অসন্তুষ্ট আছিল৷ নাদিৰ খানৰ শাসনৰ সময়তেই আফগান মহিলাসকলৰ বাবে আকৌ নিষেধাজ্ঞা জাৰি কৰা হ'ল৷ মহিলাসকলে শিক্ষা গ্ৰহণ কৰা অথবা সামাজিক কৰ্মত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত নাদিৰ শ্বাহ আৰু তেওঁৰ সমর্থকসকলে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিলে৷ আফগান মহিলাসকলে পুনৰবাৰ নিজৰ মুখ ঢাকি গৃহবন্দী হোৱাৰ এক পৰিবেশ সৃষ্টি হ'ল৷
 
পিছে নাদিৰ শ্বাহে সৃষ্টি কৰা এই পৰিবেশ বৰ বেছি দিনলৈ বৰ্তি নাথাকিল৷ ১৯৩৩ চনত নাদিৰ শ্বাহৰ মৃত্যু ঘটিল৷ এইবাৰ আফগানিস্তানৰ শাসনকৰ্তা হ'ল তেওঁৰ পুত্ৰ মহম্মদ জাহিৰ শ্বাহ। আমানুল্লা খানৰ সপোনৰ আফগানিস্তানখন যেন আকৌ এবাৰ প্ৰাণ পাই উঠিল৷ মহম্মদ জাহিৰ শ্বাহে তেওঁৰ সম্বন্ধীয় ভাতৃ মহম্মদ ডাউদ খানৰ সতে আফগান মহিলাসকলৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত ললে৷ জাহিৰ খানৰ শাসনকালত মহিলাসকলৰ শিক্ষাৰ অধিকাৰ পুনৰবাৰ সাব্যস্ত কৰা হ'ল৷ সেই সময়তেই জাহিৰ খানৰ নেতৃত্বত ৰচনা কৰা সংবিধানত নাৰীসকলৰ শিক্ষাৰ অধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ল৷ কালক্ৰমত আফগান মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰা হ'ল৷
 
১৯৭৯ চনৰ ২৪ ডিচেম্বৰত ছোভিয়েট ৰাছিয়াই আফগানিস্তান কৰা আক্ৰমণৰ এক দৃশ্য 
 
সেইয়া ১৯৭৯ চনৰ শেষভাগৰ কথা৷ আফগানিস্তানত লাহে লাহে সাম্যবাদ গঢ় লৈ উঠিল৷ সাম্যবাদীসকলে আফগানিস্তানত বিভিন্ন সংস্কাৰ সাধন কৰিবলৈ উঠিপৰি লাগিল৷ মহিলাসকলে শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক হৈ পৰিল৷ একেদৰে নাৰীৰ এক নিৰ্দিষ্ট বিয়াৰ বয়সো সেই সময়তেই নিৰ্ধাৰণ কৰা হ'ল৷    
 
পিছে এই পৰিবেশো আফগানিস্তানত বেছিদিন বৰ্তি নাথাকিল৷ ১৯৭৯ চনৰ ২৪ ডিচেম্বৰত ছোভিয়েট ৰাছিয়াই আফগানিস্তান আক্ৰমণ কৰিলে৷ ১৯৭৮ চনত স্বাক্ষৰিত 'ছোভিয়েট-আফগান মৈত্রী চুক্তি'ৰ গইনা লৈ এই যুদ্ধ আৰম্ভ হ'ল৷ কেইমাহমানৰ ভিতৰতেই ছোভিয়েট ৰাছিয়াৰ এক বৃহৎ সৈন্য দলে আফগানিস্তানক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে৷ এনেদৰেই ছোভিয়েট ৰাছিয়াই আফগানিস্তানক নিজৰ দখললৈ আনিলে৷ 
 
আনহাতে ছোভিয়েটক পৰাস্ত কৰিবলৈ এসময়ত পশ্চিমীয়া শক্তিও উঠিপৰি লাগিল। 'অপাৰেশ্বন চাইক্লন' নামৰ অভিযানৰ আঁতধৰি আফগানিস্তানৰ মুজাহিদীনসকলক অৰ্থ আৰু মাৰণাস্ত্ৰৰ যোগান ধৰা হ'ল৷ আফগানিস্তানত বন্দুকৰ জনজনিয়ে আকাশ-বতাহ মুখৰিত কৰি তুলিলে৷ ১৯৮৯ চনলৈ প্ৰায় এটা দশক জুৰি মুজাহিদীন সকলে ছোভিয়েট ৰাছিয়াৰ বিপক্ষে 'গেৰিলা যুদ্ধ'ত অৱতীৰ্ণ হৈ শেষত ছোভিয়েট ৰাছিয়াক আফগানিস্তান ত্যাগ কৰিবলৈ বাধ্য কৰালে৷ 
 
এই সময়ছোৱাত আফগান মহিলাসকলৰ অৱস্থা শোচনীয় হৈ পৰিল৷ তেওঁলোকৰ স্বামী, ভাতৃ, পুত্ৰ তথা পৰিয়ালৰ আন পুৰুষ সদস্যসকলে ছোভিয়েট ৰাছিয়াৰ বিপক্ষে যুদ্ধত নামি পৰিল৷ বহু আফগান মহিলা স্বামীহাৰা হ'ল৷ পুত্ৰৰ মৃত্যুয়ে আফগান মহিলাসকলৰ জীৱনলৈ কালনিশা নমাই আনিলে৷ নিঃসহায় মহিলাসকল ধৰ্ষণ অথবা হত্যাৰ বলি হ'ল৷ এনেদৰেই আফগান মহিলাসকলৰ বাবে আৰম্ভ হ'ল নিৰ্যাতনৰ এক অকথিত অধ্যায়৷ মুজাহিদীন সকলে নেতৃত্ব দিয়া যুদ্ধৰ ৰক্ষণশীল নেতাসকলৰ হাতৰ পুতলালৈ পৰ্যবসিত হ'ল আফগান মহিলাসকল।
 
২০০১ চনৰ ১১ ছেপ্টেম্বৰত 'ৱৰ্ল্ড ট্ৰেড চেন্টাৰ' ধ্বংস কৰাৰ এক দৃশ্য
 
১৯৯০ চনৰ প্ৰথমভাগত তালিবানসকলে আফগানিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ আনিলে৷ ৰক্ষণশীল তালিবানে শ্বৰিয়ৎ আইনৰ উদ্ধৃতি দি আফগান মহিলাসকলৰ স্বাধীনতাত হস্তক্ষেপ কৰিলে৷ বজাৰ অথবা অন্যান্য ৰাজহুৱা স্থানত মহিলাৰ প্ৰবেশ নিষিদ্ধ ঘোষণা কৰা হ'ল৷ মহিলাসকলে ঘৰৰ ভিতৰতেই থাকিব লাগিব বুলি তালিবানসকলে দোহাৰিলে৷ কোনো মহিলাই তালিবানৰ এনেধৰণৰ কঠোৰ নীতিৰ বিৰুদ্ধাচৰণ কৰিলে তেওঁক অমানুষিক কষ্ট দিয়া হ'ল৷ তালিবানী শাসনৰ বিৰোধ কৰা বাবেই আফগানিস্তানৰ বিভিন্ন স্থানত বহু মহিলাক নির্মমভাৱে হত্যা কৰা হ'ল৷
 
২০০১ চনৰ ১১ ছেপ্টেম্বৰত 'ৱৰ্ল্ড ট্ৰেড চেন্টাৰ' ধ্বংস কৰা হ'ল৷ আমেৰিকাৰ চৰকাৰে এই ধ্বংসযজ্ঞৰ মূল হোতা ওচামা বিন লাডেনক বিচাৰি তালিবান নেতা মোল্লা ওমৰৰ সতে যোগাযোগ কৰিলে৷ মোল্লা ওমৰে আমেৰিকাৰ কথামতে বিন লাডেনক আমেৰিকাক গটাই নিদি আমেৰিকাৰ প্ৰধান শত্ৰু হৈ পৰিল৷ এই লৈয়েই আমেৰিকা আৰু তালিবানসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ল৷
 
২০০১ চনত মিত্ৰ শক্তিয়ে আৰু তালিবানসকলক আক্ৰমণ কৰিলে আৰু হামিদ কাৰজাইয়ে আফগানিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণ কৰিলে৷ এই সময়তেই যুক্তৰাষ্ট্ৰত আফগান মহিলাসকলৰ উন্নতিৰ বাবে আলোচনা চলিল৷ যুক্তৰাষ্ট্ৰৰ চিনেটৰ সদস্য কে বেইলিয়ে ২০০১ চনত আফগান মহিলা আৰু শিশুসকলৰ বাবে সাহায্য আইন প্ৰৱৰ্তন কৰিলে৷ এই আইন অনুসৰি মিত্ৰ শক্তিৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা আফগানিস্তানৰ চৰকাৰখনে মহিলা আৰু শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ যতন ললে৷
 
লাহে লাহে কাবুল আৰু আফগানিস্তানৰ বিভিন্ন অঞ্চলত আফগান মহিলাসকলে পুৰুষৰ দৰেই সামাজিক, ৰাজনৈতিক আদি ক্ষেত্ৰত অগ্রণী ভূমিকা পালন কৰা দেখা গ'ল৷ ২০১৪ চনত আফগানিস্তানৰ ৰাষ্ট্ৰপতি হল মহম্মদ আশ্ৰফ ঘানী। তেওঁৰ কাৰ্যকালতো আফগান মহিলাসকলে সমাজৰ বিভিন্ন কৰ্মত নিয়োজিত হৈ থাকি এখন আধুনিক আফগানিস্তান গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে৷ 
 
লাহে লাহে আফগানিস্তানত ফজিয়া কুফীৰ দৰে নেত্ৰী তথা ৰ'য়া ৰহমানী দৰে কুটনীতিবিদৰ সৃষ্টি হ'ল৷ একেদৰে কলা-সংস্কৃতিৰ জগতখনতো মিৰমন বহিৰ, ৰাছিয়া বালখি আদিৰ দৰে কবিয়ে সুখ্যাতি অৰ্জন কৰিলে৷ সেই সময়তেই আৰয়ানা চৈয়দ, ফাৰ্জানা নাজ আদিয়ে সঙ্গীত শিল্পী হিচাপে খ্যাতি অৰ্জন কৰিলে। 
 
তালিবানে আফগানিস্তানৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰ এক দৃশ্য
 
আফগানিস্তানত আমেৰিকাই চলোৱা যুদ্ধ সম্পর্কে বিভিন্ন আলোচনা আৰম্ভ হ'ল৷ ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক ওবামাই মিত্ৰ শক্তিৰ সৈন্যবাহিনীক নিজ দেশলৈ ঘূৰি অহাৰ কথা উল্লেখ কৰিলে৷ মিত্ৰ শক্তিৰ দ্বাৰা গঠিত আফগান চৰকাৰখনক সামৰিক দিশত শক্তিশালী কৰিহে মিত্ৰ শক্তিয়ে নিজ সেনাৰ প্ৰত্যাৱৰ্তনৰ কথাটো ঠিৰাং কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল৷ অৱশ্যে আফগান চৰকাৰৰ অভ্যন্তৰত চলি থকা দুৰ্নীতি তথা আফগান সৈনিকৰ সামৰিক প্ৰশিক্ষণ সম্পূৰ্ণ নোহোৱাত ২০১৬ চনত যুক্তৰাষ্ট্ৰৰ এই সিদ্ধান্ত তল পৰিল৷ 
 
ৰাষ্ট্ৰপতি ওবামাৰ উত্তৰসুৰী ড'নাল্ড ট্রাম্পে ২০২০ চনত তালিবানৰ সতে সন্ধি স্থাপন কৰি ২০২১ চনৰ মে' মাহৰ ভিতৰত যুক্তৰাষ্ট্ৰৰ সেনাই আফগানিস্তান ত্যাগ কৰিব বুলি প্ৰকাশ কৰে৷ এই সন্ধি অনুসৰি ট্ৰাম্পে বন্দী হৈ থকা পাচ হাজাৰ তালিবানক মুক্তি দিব বুলি তালিবানক জনায়৷ একেদৰে তালিবানসকলেও আফগান চৰকাৰৰ সতে শান্তি আলোচনাত বহিব বুলি কথা দিয়ো বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে চলিত বছৰৰ ২০ জানুৱাৰীত ৰাষ্ট্ৰপতিৰ আসনত বহি যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলৰ ইচ্ছাক সহাৰি জনাই আফগানিস্তানৰ পৰা সকলো সেনাক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়ে৷
 
বৰ্তমান আফগানিস্তানত মিত্ৰশক্তিৰ কোনো সেনা মজুত নাই। তালিবানে বান্ধি দিয়া চৰম সময়সীমা মানি আমেৰিকাৰ সেনাই আফগানিস্তান ত্যাগ কৰিছে৷ তালিবানে ইতিমধ্যে পঞ্চশীলক বাদ দি সমগ্র আফগানিস্তান দখল কৰিছে৷ ২০২১ চনত সেই সময়ৰ আফগানিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ আশ্রফ ঘানিয়ে ৰক্তপাতৰ আশংকা কৰি আফগানিস্তান ত্যাগ কৰিছে বুলি বিশ্ববাসীক অৱগত কৰিছে৷ 
 
বৰ্তমান আফগানিস্তানৰ শাসনকর্তা হিবাতুল্লা আঙ্গুণ্ডাজাই আফগানিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ নিছে৷ হিবাতুল্লা আখুণ্ডাজাই দেশখনৰ চৰকাৰ আৰু জনসাধাৰণৰ বাবে অসংখ্য নীতি-নিয়ম সৃষ্টি কৰিছে। শ্বৰীয়া বিধিক গুৰুত্ব দিয়া এইসমূহ নীতিয়ে কার্যক্ষেত্ৰত মহিলাৰ অধিকাৰ সীমাবদ্ধ কৰি ৰাখিছে৷ দেশখনৰ বিভিন্ন অঞ্চলত নাৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বিক্ষোভ, প্রতিবাদ আদি অব্যাহত আছে যদিও নাৰীৰ অধিকাৰ আৰু সমমৰ্য্যদাৰ বিষয়টো এতিয়াও যেন সুদুৰপৰাহত অৱস্থান কৰিছে৷ ভৱিষ্যতে আফগানিস্তানৰ নাৰীসকলৰ অধিকাৰ পুনৰ সম্ভৱ হোৱাৰ আশাৰে লেখাটিৰ ইমানতেই মোখানি মৰা হ'ল৷
 
(লেখক হৈছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক। তেওঁ বিভিন্ন মৌলিক আৰু অনুবাদ কৰ্মেৰে সাহিত্য ক্ষেত্ৰখনলৈ অৰিহনা যোগাই আছে।)