নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Story by  atv | Posted by  [email protected] • 2 h ago
নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
 
নতুন দিল্লী
 
আজি বীৰ বাল দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। অৰ্চনা শিৱৰামাকৃষ্ণনে তেওঁৰ প্ৰয়াত কন্যা ভয়োমা প্ৰিয়াৰ হৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ গ্ৰহণ কৰে। 
 
অৰ্চনা শিৱৰামাকৃষ্ণনে তেওঁৰ ৮ বছৰীয়া কন্যাই কিদৰে নিজৰ এপাৰ্টমেণ্টৰ পাৰ্কত বিদ্যুৎস্পৃষ্ট হোৱা ৬ বছৰীয়া এটি শিশুক বীৰত্বৰে বচাবলৈ চেষ্টা চলাই নিজৰ প্ৰাণ হেৰুৱাইছিল, সেই বিষয়ে প্ৰকাশ কৰে। আন এজন বাল পুৰস্কাৰ বিজয়ীয়ে সংবাদ মাধ্যমৰ আগত কয়, "পাকিস্তানৰ বিৰুদ্ধে যেতিয়া অপাৰেচন সিন্ধুৰ আৰম্ভ হৈছিল, তেতিয়া সৈন্যসকল আমাৰ গাঁৱলৈ আহিছিল। মই ভাবিছিলো যে মই তেওঁলোকক সেৱা কৰা উচিত। মই তেওঁলোকৰ বাবে দৈনিক গাখীৰ, চাহ, বাটাৰ মিল্ক আৰু আইচ লৈ গৈছিলোঁ... বঁটাটো লাভ কৰি ভাল লাগিছে। এই বঁটা পাম বুলি মই কেতিয়াও সপোনতো ভবা নাছিলো"...
উল্লেখ্য যে, শিখ ধর্মগুৰু গুৰু গোবিন্দ সিঙৰ পুত্ৰ বাবা জোৰাৱৰ সিং আৰু বাবা ফটেহ সিঙৰ সাহসিকতা আৰু বলিদানৰ সন্মানার্থে বীৰ বাল দিৱস পালন কৰা হয়। অত্যাচাৰৰ বিৰুদ্ধে অসীম সাহসিকতাৰ প্ৰতীক হিচাপে আৰু কম বয়সত তেওঁলোকৰ বলিদান ভাৰতীয় ইতিহাসৰ কৰুণ অধ্যায়সমূহৰ অন্যতম। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ জানুৱাৰীত গুৰু গোবিন্দ সিঙৰ প্ৰকাশ পৰ্বৰ সময়ত প্ৰতি বছৰে বীৰ বাল দিৱস পালন কৰাৰ কথা ঘোষণা কৰিছিল।
 
মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এইবেলি সাহসিকতা, ক্রীড়া আৰু সমাজ সেৱাৰ ক্ষেত্ৰত অসাধাৰণ সাফল্য অর্জন কৰা ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০ টি শিশুক এই সন্মানৰ বাবে বাছনি কৰা হয়। নতুন দিল্লীত আয়োজিত এই অনুষ্ঠানত সাহসিকতা, দৃঢ়তা আৰু নিঃস্বার্থ সেৱাৰ কাহিনীসমূহৰ বিষয়ে আলোকপাত কৰা হয়।