আজৰি সময়ত নিজৰ চখ পূৰণ কৰি উপাৰ্জনৰ নতুন পথ মুকলি কৰিছে শিক্ষয়িত্ৰী মুছফিকা হুছেইনে

Story by  Munni Begum | Posted by  [email protected] • 1 Months ago
এখন প্ৰদৰ্শনীত মুছফিকা হুছেইন আৰু তেওঁ ৰিবোন এম্ব্ৰোইদাৰী কৰা সমগ্ৰী
এখন প্ৰদৰ্শনীত মুছফিকা হুছেইন আৰু তেওঁ ৰিবোন এম্ব্ৰোইদাৰী কৰা সমগ্ৰী
 
মুন্নী বেগম / গুৱাহাটী
 
আজৰি সময়ত অৱসাদ দূৰ কৰাৰ বাবে আপুনি কি কৰে? আপুনি হয়তো গান শুনে, ফুৰিবলৈ যায়, নাইবা আপোনাৰ হাতত থকা মোবাইলটোৰ স্ক্ৰীণ স্ক্ৰ্ল কৰি থাকে। কিন্তু আপুনি ভাৱে নে যে আপুনি আপোনাৰ আজৰি সময়খিনি কোনো ভাল লগা অৰ্থাৎ চখৰ কাম কৰি ঘৰত বহিয়ে উপাৰ্জন কৰিব পাৰে অথবা উপাৰ্জনৰ এটা নতুন পথ মুকলি কৰিব পাৰে। আজি আমি এনে এগৰাকী মহিলাৰ কথা কবলৈ গৈ আছো, যিগৰাকী মহিলাই শিক্ষয়িত্ৰীৰ চাকৰি কৰাৰ পিছতো আজৰি সময়ত নিজৰ ভাল লগা কাম কৰি মোটা অংকৰ ধন উপাৰ্জন কৰি আছে। তেওঁ হৈছে গুৱাহাটীৰ মাছখোৱাৰ বাসিন্দা মুছফিকা হুছেইন
 
মুছফিকাই নিজৰ শিক্ষকতাৰ দ্বায়িত্ব পালন কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ দ্বায়িত্ব সম্পূৰ্ণ কৰি, আজৰি সময়খিনিত তেওঁ অৱসাদ দূৰ কৰাৰ বাবে তেওঁৰ ভাল লগা কাম বা তেওঁৰ চখ বুলি কলেও ভূল নহব, এম্ব্ৰোইদাৰী কৰি উপাৰ্জন কৰি আহিছে।
 
মুছফিকা হুছেইনৰ ৰিবোন এম্ব্ৰোইদাৰী কৰা ৰানাৰ্ছ আৰু পোটলী বেগ
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুছফিকা হুছেইনে কয়, "মই সৰুৰেই পৰাই এম্ব্ৰোইদাৰীৰ দৰে হস্তশিল্পৰ কামবোৰ কৰি ভাল পাইছিলো। মই যিহেতু এগৰাকী শিক্ষয়ত্ৰী আছিলো সেয়েহে মই মোৰ আজৰি সময়ত মোৰ অৱসাদ দূৰ কৰাৰ বাবে ঘৰতে কিবা নহয় কিবা সৰু সুৰাকৈ এম্ব্ৰোইদাৰী কৰিছিলো। কিন্তু এবাৰ মই এখন প্ৰদৰ্শনীলৈ গৈ তাত ৰিবোন এম্ব্ৰোইদাৰী দেখিলো, য'ত মালেছিয়া, থাইলেণ্ড আদি দেশৰ হস্তশিল্প তথা এম্ব্ৰোইদাৰী কৰা সামগ্ৰীবোৰ আছিল। সেই তেতিয়াৰ পৰাই মোৰো মনত ৰিবন এম্ব্ৰোইদাৰী কৰাৰ ইচ্ছা জাগ্ৰত হল। যিহেতু মই এই কাম কৰি ভালেই পাওঁ সেয়েহে মই ঘৰতে ৰিবোন এম্ব্ৰোইদাৰীৰ কৰিবলৈ আৰম্ভ কৰিলোঁ।"
 
ৰিবন এম্ব্ৰোইদাৰী আৰু সাধাৰণ এম্ব্ৰোইদাৰীৰ মাজত বিশেষ পাৰ্থক্য নাথাকে যদিও ৰীবন এম্ব্ৰোইদাৰীটো 3D এম্ব্ৰোইদাৰী হোৱাৰ বাবেই এই এম্ব্ৰোইদাৰী কৰিবলৈ সময়ৰ লগতে যথষ্টখিনি কষ্ট হয়। কিয়নো ইণ্টাৰনেটৰ পৰা চাই কোনো ডিজাইনৰ ৰেপ্লিকা বনাব নোৱাৰি, এই ক্ষেত্ৰত সদায়ে নিজৰ কৌশল আৰু নিজৰ উদ্ভাৱন লাগিব। তেতিয়াহে মানুহে ভাল পাব বা তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব।
 
মুছফিকা হুছেইনে ৰিবোন এম্ব্ৰোইদাৰী কৰা ফটো ফ্ৰেম
 
মুছফিকাই কয়, "ৰিবন এম্ব্ৰোইদাৰী আৰু সাধাৰণ এম্ব্ৰোইদাৰীৰ মাজত বিশেষ পাৰ্থ্যক্য নাথাকে। ৰিবন এম্ব্ৰোইদাৰীবোৰ হৈছে 3D এম্ব্ৰোইদাৰী। এই এম্ব্ৰোইদাৰী কৰিবলৈ যথেষ্ট কষ্ট হয় আৰু সময়ৰো প্ৰয়োজন হয়। মই এই এম্ব্ৰোইদাৰীৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰা নাই। মই ইণ্টাৰনেটৰ পৰা চাই এম্ব্ৰোইদাৰী কৰিবলৈ শিকিছো। আৰু যিবোৰ ডিজাইন আৰু কৌশল মোৰ বাবে সুবিধাজনক হয় মই প্ৰথমে সেইবোৰে কৰিবলৈ লৈছিলো। মই নিজৰ কৌশলেৰে নিজে ডিজাইন উদ্ভৱ কৰি এই এম্ব্ৰোইদাৰীৰ কৰি আহিছো। এম্ব্ৰোইদাৰীৰ বাবে মই সদায় উন্নত মানৰ কাপোৰ ব্যৱহাৰ কৰো আৰু মই মোৰ কাম নিখুঁতভাৱে কৰিব বিচাৰো। যাতে মোৰ গ্ৰাহকসকলে ভাল পাই। মই ইণ্টাৰনেটৰ পৰা মাত্ৰ ডিজাইনবোৰৰ কৌশল অনুসৰণ কৰো যদিও কেতিয়াও সেইবোৰৰ ৰেপ্লিকা নবনাওঁ। মই সদায়ে নিজৰ কৌশল আৰু নিজৰ উদ্ভাৱনেৰে ডিজাইন প্ৰস্তুত কৰি এম্ব্ৰোইদাৰীবোৰ কৰি আহিছো।"
 
মুছফিকাই ৰানাৰ, টেবুল ক্লথ, বেগ কুছন কভাৰ, চোফা কভাৰ, ডাইনিং মেট, ফটো ফ্ৰেম আদিত আকৰ্ষনীয় ডিজাইনেৰে ৰিবন এম্ব্ৰোইদাৰী কৰি প্ৰস্তুত কৰি উলিয়াইছে। ৰিবন এম্ব্ৰোইদাৰী কৰাৰ বাবে মুছফিকাই গুণগত মানৰ কাপোৰ, সূতা তথা ৰিবন ব্যৱহাৰ কৰি আহিছে।
 
মুছফিকা হুছেইনৰ ৰিবোন এম্ব্ৰোইদাৰী কৰা বেগ আৰু টেবুল ক্লথ
 
মুছফিকাই কয়, "ৰিবন এম্ব্ৰোইদাৰী সম্পূৰ্ণ হাতেৰে কৰিব লাগে। মই সাধাৰনতে বিভিন্ন ধৰনৰ ফুলৰ ডিজাইনেৰে ৰিবন এম্ব্ৰোইদাৰী কৰি আহিছো। বৰ্তমান মই এটা চৰাইৰ ডিজাইনৰ এম্ব্ৰোইদাৰী কৰিব লৈছো। এতিয়ালৈ মই বিভিন্ন প্ৰকাৰৰ ৰানাৰ, টেবুল ক্লথ, বেগ, পোটলী বেগ, মোবাইল বেগ, কুছন কভাৰ, চোফা কভাৰ, ডাইনিং মেট, ফটো ফ্ৰেম আদিত ৰিবোনেৰে কৰি প্ৰস্তুত কৰি উলিয়াইছো। নতুনকৈ মই মেটেকাৰ বেগত বিভিন্ন আকৰ্ষনীয় ডিজাইন ব্যৱহাৰ কৰি ৰিবন এম্ব্ৰোইদাৰী কৰিবলৈ আৰম্ভ কৰিছো।"
 
গ্ৰাহকৰ মাজত মুছফিকাই প্ৰস্তুত কৰি উলিওৱা পোটলী বেগ, মোবাইল বেগ  আৰু ৰানাৰছৰ চাহিদা খুবেই বেছি, যদিও তেওঁ দুখ প্ৰকাশ কৰি কয় যে, অসম তথা গুৱাহাটীত হাতে বনোৱা সামগ্ৰীৰ চাহিদা অতি কম। ইয়াৰ মূল কাৰণ হৈছে সামগ্ৰীবোৰৰ মূল্য। তথাপিও গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে মুছফিকাই প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰি আহিছে।
 
মুছফিকা হুছেইনৰ ৰিবোন এম্ব্ৰোইদাৰী কৰা মেটেকা বেগ
 
মুছফিকাই কয়, "এটা কথা মোৰ খুব বেয়া লাগে অসম তথা গুৱাহাটীত হাতে বনোৱা সামগ্ৰীৰ চাহিদা অতি কম। ইয়াৰ কাৰণ হৈছে সামগ্ৰীবোৰৰ মূল্য। কিয়নো মানুহৰ মাজত এটা ধাৰণা আছে যে, হাতে বনোৱা সামগ্ৰীত কিয় ইমান দাম ল'ব লাগে। কিন্তু এম্ব্ৰোইদাৰী কৰা যিকোনো সামগ্ৰীয়ে দেখিবলৈ যিমান ভাল হয়, তাত বনোৱা ব্যক্তিগৰাকীৰ কষ্টও সিমানে বেছি হয়। সেয়েহে সকলো মানুহে এই সামগ্ৰীবোৰ ক্ৰয় কৰিব নিবিচাৰে। এক বিশেষ শ্ৰেণীৰ লোকেহে ক্ৰয় কৰি আহিছে। মোৰ সামগ্ৰীৰ বজাৰ বুলি ক'লে সাধাৰনতে প্ৰদৰ্শনী, বন্ধু বান্ধৱীৰ গ্ৰুপ, পৰিয়াল আৰু আত্মীয় আদিৰ জৰিয়তে প্ৰসাৰিত হৈছে। মই সামাজিক মাধ্যমত মঞ্চ ফেচবুকত 'Musfika's Ribbon Art' আৰু ইনষ্টাগ্ৰামত থকা পেজ 'musfika hussain05'ৰ জৰিয়তে বহু অৰ্ডাৰ লাভ কৰি আহিছো। বৰ্তমান মোৰ সামগ্ৰী শিলপুখুৰীৰ 'ক্ৰিয়েটিভ হেণ্ড' নামৰ এখন বিপণীতো উপলব্ধ। মই ৰিবন এম্ব্ৰোইদাৰীৰে প্ৰস্তুত কৰা মোবাইল বেগ ৩৫০ টকা, টেবুল ক্লথ ৮০০-৯০০ টকা, কুছন কভাৰ ৪০০-৪৫ টকা, ৩পিচ ছেট ৮০০-৭০০ টকা, ৰানাৰ্ছ এখন ৬৫০ টকা, ডাইনিং মেট ১৬০০ টকা, চোফা কভাৰ ১৬০০ টকা পৰ্যন্ত হয়।"
 
মুছফিকাই গৃহিণী মহিলাসকলক উদ্দেশ্যি কয় যে, "মানুহৰ যদি কোনো ধৰনৰ চখ থাকে, তেন্তে সেই চখেৰেও তেওঁ উপাৰ্জনৰ এক পথ সৃষ্টি কৰিব পাৰে, যিটো কোনো অপৰাধ নহয়। আজিকালি মানুহে ঘৰত বহিয়ে উপাৰ্জন কৰিব পাৰে। এনেকুৱা বহু মহিলা আছে, যিসকলৰ নিজৰ বহুত প্ৰতিভা আছে, কিন্তু তেওঁলোকে নিজকে গৃহিনী বুলি স্বীকৃতি দি সময়ৰ নাটনিৰ অজুহাত দেখুৱাই ঘৰৰ কামৰ মাজতে নিজকে আৱদ্ধ কৰি ৰাখিছে। কিয়নো তেওঁলোকে ভাৱে যে, কাম কৰিবলৈ হ'লে ঘৰৰ পৰা বাহিৰলৈ যাব লাগিব। কিন্তু মই ক'ব বিচাৰো যে, ইচ্ছা থাকিলে মহিলাসকলে ঘৰতে থাকি কাম কৰিব পাৰে আৰু উপাৰ্জনো কৰিব পাৰে।"
 
মুছফিকা হুছেইনৰ ৰিবোন এম্ব্ৰোইদাৰী কৰা কুছন ক'ভাৰ আৰু লেম্প ক'ভাৰ
 
হস্তশিল্পৰ লগতে বাগিছা তথা ৰান্ধি ভালপোৱা মুছফিকাই অতি নূন্যতম মূলধেনেৰে ৰিবন এম্ব্ৰোইদাৰীৰ কাম  আৰম্ভ কৰিছিল আৰু সম্প্ৰতি ১ৰ পৰা ২লাখ টকালৈ উপাৰ্জন কৰি আহিছে। তেওঁ কয় যে, ৰিবন এমব্ৰইদাৰীৰ কাম কৰি যিকোনো ব্যক্তিয়ে স্বাৱলম্বী হব পাৰে। কিন্তু অলপ কষ্ট কৰিব লাগিব। কিয়নো এই কলাৰ চাহিদা অসম তথা ভাৰতৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় বজাৰত বহু বেছি। বৰ্তমান সামাজিক মাধ্যমৰ যুগত মানুহে ঘৰত বহিয়ে উপাৰ্জন কৰি স্বাৱলম্বী হব পাৰে।
 
মুছফিকাই ২০২২ বৰ্ষত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ১২ গৰাকী মহিলাৰ এটা গোটক ৰিবন এমব্ৰিদাৰীৰ প্ৰশিক্ষণো প্ৰদান কৰিছে।