তিনি তালাক ইছলামৰ অবিচ্ছেদ্য প্ৰথা হ'ব নোৱাৰে: প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰে নিৰ্বাচনমুখী ৰাজ্য  মধ্যপ্ৰদেশত বিজেপি দলৰ "মেৰা বুথ সবছে মাজবুট" অভিযানৰ অধীনত দলীয় কৰ্মীসকলক সম্বোধন কৰি প্ৰশ্ন উত্থাপন কৰে যে 'তিনি তালাক' যদি ইছলামৰ পৰা অবিচ্ছেদ্য আছিল, তেন্তে মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহত ইয়াৰ প্ৰচলন কিয় নহয়। তেওঁ কয় যে মুছলমান সংখ্যাগৰিষ্ঠ দেশ ইজিপ্ত, ইণ্ডোনেছিয়া, কাটাৰ, জৰ্ডান, ছিৰিয়া, বাংলাদেশ, আৰু পাকিস্তানত তিনি তালাকৰ প্ৰচলন সৰ্বব্যাপী। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ উল্লেখযোগ্য বিষয় হৈ অহা ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “যেনেকৈ এটা  পৰিয়ালৰ বিভিন্ন সদস্যৰ বাবে বেলেগ বেলেগ নিয়ম হ'ব নোৱাৰে, ঠিক তেনেদৰে এখন দেশতে দুখন আইন চলিব নোৱাৰে।"
 
 
৯০ শতাংশ চুন্নী মুছলমান থকা ইজিপ্তই ৮০ৰ পৰা ৯০ বছৰ পূৰ্বে তিনি তালাক বিলুপ্ত ঘটিছিল বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে আঙুলিয়াই দিয়ে।
তিনি তালাকৰ পোষকতা কৰাসকলে কেৱল মাত্ৰ ভোটৰ খাতিৰত মুছলমান কন্যা সন্তান আৰু মহিলাৰ ওপৰত এক অসমনীয় অন্যায় কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।  
 
তেওঁ কয় যে তিনি তালাকে কেৱল মহিলাকে নহয়, সমগ্ৰ পৰিয়ালটোকে ধ্বংস কৰে। পৰিয়ালটোৱে গাঁঠিৰ ধন ভাঙি বহু আশাৰে এগৰাকী কন্যা সন্তানক বিয়া দিয়ে।কিন্তু তিনি তালাকৰ নিচিনা প্ৰথাই মুহূৰ্ততে সেই বিবাহ ভাঙি পেলাই। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কিছুমান লোকৰ তিনি তালাক হৈছে মুছলমান কন্যা অত্যাচাৰ কৰি তেওঁলোকৰ বশৱৰ্তী হৈ থাকিবলৈ কৰা এক অভিসন্ধি।
 
ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ বিৰোধিতা কৰাসকলক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে একাংশ লোকক উচটনি দি আহিছে। 
 
আমাৰ সংবিধানে সকলো নাগৰিকৰ সম অধিকাৰৰ কথাও কোৱাৰ কথা আঙুলিয়াই দি তেওঁ কয় যে ভাৰতীয় মুছলমানসকলে বুজিব লাগিব কোনবোৰ ৰাজনৈতিক দলে তেওঁলোকৰ স্বাৰ্থৰ বাবে তেওঁলোকক উচটনি দি ধ্বংস কৰি আহিছে। উচ্চতম ন্যায়ালয়েও ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে বুলিও তেওঁ লগতে কয়।
 
প্ৰধানমন্ত্ৰী মোদীয়ে "বিজেপিক অভিযোগ কৰাসকলক" সমালোচনা কৰি কয় যে যদি তেওঁলোক সঁচাকৈয়ে মুছলমানৰ শুভাকাংক্ষী হ'লহেঁতেন, তেন্তে সমাজৰ বেছিভাগ পৰিয়ালেই শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত পিছ পৰি নাথাকিলহেঁতেন, আৰু কঠিন জীৱন যাপন কৰিবলৈ বাধ্য নহ'লহেঁতেন।
 
মুছলিম মহিলা (বিবাহৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন অনুসৰি তৎক্ষণাত ‘তিনি তালাক’ প্ৰথা নিষিদ্ধ কৰা হৈছে আৰু তিনি বছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা আছে।
 
ইউনিফৰ্ম চিভিল কোডৰ অৰ্থ হ’ল দেশৰ সকলো নাগৰিকৰ বাবে ধৰ্মৰ ওপৰত ভিত্তি কৰি নথকা সাধাৰণ আইন প্ৰৱৰ্তন কৰা।