ইজৰাইলৰ হেঁচাত ইৰান আক্ৰমণৰ অভিযোগঃ পদত্যাগ কৰিলে ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ বিষয়া জ' কেণ্টে

Story by  atv | Posted by  [email protected] • 3 h ago
ইজৰাইলৰ হেঁচাত ইৰান আক্ৰমণৰ অভিযোগঃ পদত্যাগ কৰিলে ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ বিষয়া জ' কেণ্টে
ইজৰাইলৰ হেঁচাত ইৰান আক্ৰমণৰ অভিযোগঃ পদত্যাগ কৰিলে ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ বিষয়া জ' কেণ্টে
 
ৱাশ্বিংটন
 
আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ প্ৰতিবাদত মঙলবাৰে আমেৰিকাৰ নেচনেল কাউণ্টাৰটেৰৰিজম চেণ্টাৰ (NCTC) ৰ সঞ্চালক তথা সন্ত্ৰাসবাদ বিৰোধী মুৰব্বী জ' কেণ্টে পদত্যাগ কৰিছে। তেওঁ দাবী কৰে যে ইৰানৰ পৰা আমেৰিকালৈ কোনো তাৎক্ষণিক ভাবুকি নাছিল, বৰঞ্চ ইজৰাইল আৰু আমেৰিকাত থকা ইয়াৰ প্ৰভাৱশালী গোষ্ঠীৰ হেঁচাত পৰিহে এই যুদ্ধ আৰম্ভ কৰা হৈছে।
 
কেণ্টে এক্স (X)ত কৰা এটা পোষ্টৰ জৰিয়তে নিজৰ সিদ্ধান্ত ঘোষণা কৰি কয়, "বহু চিন্তা-চৰ্চাৰ অন্তত মই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ মোৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ।"
 
তেওঁ লগতে কয়, "মোৰ বিবেকৰ তাড়নাত মই ইৰানত চলি থকা এই যুদ্ধক কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। ইৰানৰ পৰা আমাৰ দেশলৈ কোনো তাৎক্ষণিক ভাবুকি নাছিল আৰু এয়া স্পষ্ট যে ইজৰাইল আৰু ইয়াৰ শক্তিশালী আমেৰিকান লবীৰ হেঁচাতে আমি এই যুদ্ধ আৰম্ভ কৰিছিলোঁ।"
 
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰি কেণ্টে কয় যে ট্ৰাম্পৰ পূৰ্বৰ যুদ্ধবিৰোধী 'আমেৰিকা ফাৰ্ষ্ট' নীতিক ইজৰাইলী অপপ্ৰচাৰে বিপথে পৰিচালিত কৰিছে। তেওঁ ইৰানৰ বিৰুদ্ধে যুদ্ধক ইৰাক যুদ্ধৰ দৰে এক "ভয়াৱহ ভুল" বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিক এই সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনায়।
পূৰ্বতে ইজৰাইলৰ দ্বাৰা সৃষ্ট যুদ্ধত নিজৰ পত্নীক হেৰুওৱা, ১১ বাৰকৈ যুদ্ধক্ষেত্ৰলৈ যোৱা প্ৰাক্তন সৈনিক তথা চিআইএ (CIA)ৰ প্ৰাক্তন বিষয়া কেণ্টে স্পষ্ট কৰি দিয়ে যে যি যুদ্ধৰ পৰা আমেৰিকাৰ জনসাধাৰণৰ কোনো লাভ নহয়, তালৈ তেওঁ পৰৱৰ্তী প্ৰজন্মক ঠেলি দিব নোৱাৰে। 
 
তেওঁ ৰাষ্ট্ৰপতিক এক আহ্বান জনাই সামৰণি মাৰে, "মই প্ৰাৰ্থনা কৰোঁ যে আমি ইৰানত কি কৰি আছোঁ আৰু কাৰ বাবে কৰি আছোঁ, সেই বিষয়ে আপুনি বিবেচনা কৰিব। এতিয়াই এক সাহসী পদক্ষেপ লোৱাৰ সময়।"
 
"আপুনি নিজৰ সিদ্ধান্ত সলনি কৰি আমাৰ দেশৰ বাবে এক নতুন পথ নিৰ্ধাৰণ কৰিব পাৰে, অথবা আমাক অধিক পতন আৰু বিশৃংখলতাৰ দিশে গতি কৰিবলৈ এৰি দিব পাৰে। সকলো আপোনাৰ হাতত আছে। আপোনাৰ চৰকাৰত আৰু আমাৰ এই মহান দেশৰ হৈ সেৱা আগবঢ়োৱাটো মোৰ বাবে এক সন্মানৰ বিষয় আছিল।"
 
উল্লেখ্য যে, কেণ্টক ২০২৫ চনৰ জুলাই মাহত এই পদবীত নিযুক্তি দিয়া হৈছিল। ট্ৰাম্প প্ৰশাসনত যোগদান কৰাৰ পূৰ্বে, তেওঁ ৱাশ্বিংটন ষ্টেটত কংগ্ৰেছৰ বাবে দুবাৰকৈ নিৰ্বাচন খেলি বিফল হৈছিল। তেওঁ সামৰিক বাহিনীতো সেৱা আগবঢ়াইছিল, 'গ্ৰীন বেৰেট' (Green Beret) হিচাপে ১১ বাৰকৈ যুদ্ধলৈ গৈছিল আৰু পৰৱৰ্তী সময়ত চিআইএ (CIA)ত কাম কৰিছিল।