নতুন দিল্লী
ম্যানমাৰত ভাৰত বিৰোধী উগ্ৰপন্থীক প্ৰশিক্ষণ দিয়াৰ অভিযোগত NIA-ই গ্ৰেপ্তাৰ কৰিছে ৭জন বিদেশী নাগৰিকক। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ৬ জন ইউক্ৰেইনৰ আৰু এজন আমেৰিকান নাগৰিক।
গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ইউএপিএৰ ১৮ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদুপৰি তেওঁলোকৰ বিৰুদ্ধে অবৈধ প্ৰৱেশ, অবৈধ অস্ত্ৰ ৰখা আৰু ড্ৰোন প্ৰশিক্ষণৰ সৈতে জড়িত বিভিন্ন ধাৰাত অভিযোগ দাখিল কৰা হৈছে।
ইয়াৰে অভিযুক্ত আমেৰিকান নাগৰিকজন কলকাতা বিমানবন্দৰত ধৰা পৰে। ইমিগ্ৰেচন ব্যুৰোৱে আমেৰিকানজনক কৰায়ত্ত কৰি পিছত এন আই এৰ হাতত গতাই দিয়ে। ইপিনে, গ্ৰেপ্তাৰ হোৱা ইউক্ৰেইনৰ ৩ জন লোক লক্ষ্ণৌত আৰু ৩ জন দিল্লী বিমানবন্দৰত ধৰা পৰে।
জানিব পৰা মতে, এই ৭ জন বিদেশী বৈধ ভিছা লৈ ভাৰতলৈ আহিছিল। অৱশ্যে অনুমতি অবিহনে মিজোৰামলৈ গৈছিল। তাৰ পৰা ম্যানমাৰলৈ গৈ ভাৰত বিৰোধী উগ্ৰপন্থী সংগঠনৰ লগত সাক্ষাৎ কৰে।তাত সেই উগ্ৰপন্থীসকলক প্ৰশিক্ষণ দি আছিল।
উল্লেখযোগ্য যে, তদন্তত এই বিদেশীসকলে ইউৰোপৰ পৰা মিজোৰামলৈ কেইবাখনো ড্ৰ’ন আমদানি কৰা বুলি জানিব পৰা গৈছে। এই বিদেশীসকলে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ NIAৰ।
বিদেশী লোককেইজনক ২৭ মাৰ্চলৈকে ১১ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। দিল্লীৰ আদালতৰ এক ৰুদ্ধদ্বাৰ কক্ষত এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। নিয়াৰ হৈ বিশেষ চৰকাৰী অধিবক্তা অতুল ত্যাগী, অমিত ৰোহিলা আদি উপস্থিত থাকে। তেওঁলোকে এইসকল বিদেশীক ১৫ দিনৰ ৰিমাণ্ড বিচাৰে।
চৰকাৰী পক্ষই দাবী কৰিছিল যে তেওঁলোকে মিজোৰাম হৈ ম্যানমাৰলৈ কোনটো পথেৰে গৈছিল সেইটো জানিব লাগে। তদুপৰি এই বিদেশীসকলৰ আন কোনো সহযোগী আছে নেকি নাই সেই বিষয়েও জানিবলৈ জেৰা আৰু তদন্তৰ প্ৰয়োজন।
আনহাতে, অভিযুক্তৰ হৈ জ্যেষ্ঠ অধিবক্তা প্ৰমোদ কুমাৰ ডুবে আৰু অধিবক্তা অতুল ছেহগাল উপস্থিত থাকে। এন আই এয়ে দাখিল কৰা জিম্মাৰ আবেদনৰ তেওঁলোকে বিৰোধিতা কৰে। পিছত আদালতে ১১ দিনৰ জিম্মা প্ৰদান কৰে।