নতুন দিল্লী
সাধাৰণ নির্বাচনত বিপুল জয়েৰে বাংলাদেশত তাৰেক ৰহমানৰ নেতৃত্বত বি এন পিৰ চৰকাৰ গঠন হোৱাৰ পাচৰে পৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ খৰতকীয়া পৰিবৰ্তন হ'বলৈ লৈছে। সেই অনুসৰি দুয়োখন দেশৰ মাজত ভ্রমণ ভিছাসহ সকলো শ্ৰেণীৰ ভিছা প্রক্রিয়া শীঘ্রে স্বাভাৱিক হৈ উঠিব।
ৰাজনৈতিক কাৰণত উভয় দেশে ভিছা প্রক্রিয়াত কেতবোৰ বাধা-নিষেধ আৰোপ কৰিছিল। বাংলাদেশৰ ছিলেটত থকা ভাৰতৰ সহকাৰী উচ্চায়ুক্তই জনোৱামতে শীঘ্রেই সমগ্র ভিছা প্রক্রিয়া স্বাভাৱিক হৈ উঠিব।
তেওঁ কয় যে, পাৰস্পৰিক শ্ৰদ্ধা-সন্মানৰ ভিত্তিতে ভাৰত-বাংলাদেশৰ সম্পৰ্ক গঢ়ি উঠিছে। ভাৰতে বাংলাদেশৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলি সহকাৰী উচ্চায়ুক্তই প্রকাশ কৰে।
শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ সূচনা হোৱাৰ সময়তে ২০২৪ চনৰ আগষ্টত বাংলাদেশৰ নাগৰিকৰ বাবে ভ্রমণ ভিছাত নিষেধাজ্ঞা আৰোপ কৰিছিল ভাৰতে।